দেশে বিদেশে কিছু লটিঘটি, বহু আনন্দ
সৌৰভ মৰিকলঙীয়া
সাত সাগৰ তেৰ নদী পাৰ হৈ ঘৰলৈ যাও ! এনেকৈ ক’ব পৰা হ’লে ভাল
শুনিলেহেঁতেন। কিন্তু নোৱাৰো নহয় ! মেপখন চাইছো – আমষ্টাৰ্ডামৰ পৰা দিল্লীলৈ যোৱা ফ্লাইটখন
চাৰিখনমান সাগৰৰ ওপৰেৰেহে যায় – কৃষ্ণ সাগৰ, কাস্পিয়ান সাগৰক চোও নোচোও, পাৰস্য উপসাগৰ
আৰু আৰব সাগৰ। তাকো পাকিস্তানৰ এয়াৰস্পেচ মুকলি কৰি দিলে চাগৈ আৰু দুখনমান কমিব। কিন্তু
সাত সাগৰ পাৰ হৈয়ে যাও বা চাৰি বা শূণ্যসাগৰ পাৰ হৈয়ে যাও, নিজৰ মানুহৰ সংগ, আপোন মাটিৰ
গোন্ধ সদায় মনোৰম। সেই মনোৰম অভিজ্ঞতাকে আকৌ এবাৰ লৈ আহিলোগৈ। বহু আনন্দ গোটাই আনিলো।
কিছু লটিঘটিও হ’ল।
লটিঘটি: ঘৰলৈ যাবলৈ মন যায়। ফ্লাইটৰ টিকটৰ জুইচাই দাম কিয় হয়
অন্তৰায়।।
২০১৮ চনৰ জুন মাহত মাত্ৰ এসপ্তাহৰ কাৰণে ঘৰলৈ গৈছিলো অকলে। পৰিবাৰ
গৈছিল এপ্ৰিল মাহত দহ দিনমানৰ কাৰণে। কিন্তু আইতাকহঁতৰ মোহ পিছে নাতিনীহঁতলৈহে বেছি।
গতিকে সকলোকে কৈ আছো যে খ্ৰীষ্টমাছৰ সময়ত সকলো যাম। টিকট কাটিবলৈ বহিলো চেপ্টেম্বৰত
– ভগবান ! চিৰি বিষ্টু !! এয়া টিকটৰ দাম নে ডকাইতি !!! সাধাৰণ দামৰ দুগুণতকৈয়ো বেছি।
সাধাৰণ মধ্যবিত্ত শ্ৰেণীৰ মানুহ মই – আঠুৱা চাই ঠেং নেমেলাৰ কাৰণে যদি আঠুৱা ফাটি যায়
তেতিয়াহ’লে সেইখন চিলাবলৈ বৰ দিগদাৰী হ’ব। কথাটো মাক ক’লো – মাতো সদায় মা – নিজৰ আগতে
ল’ৰা-ছোৱালীৰ দুখ বুজে। নিজৰ মনৰ বেথাক লুকুৱাই ক’লে যে আমাৰ সুবিধামতে পাছত এপ্ৰিলত
(২০১৯) আহিলেও হ’ব।
মনটো বৰ বেয়া লাগিল। নাতিনীহঁত আৰু ককাক আইতাক দুবছৰ লগ নোপোৱাকৈ
থাকিব। লক্ষ্মীনাথ বেজবৰুৱা হোৱা হ’লে ‘ককাদেউতা আৰু নাতি ল’ৰা’ৰ সলনি ‘ককা-আইতা আৰু
নাতিনী ছোৱালীৰ বিৰহ বেদনা’ লিখি পেলালোহেতেন। নিপ বৰুৱা হোৱাহ’লে ‘ককাদেউতা, নাতি
আৰু হাতী’ৰ সলনি ‘ককা-আইতা, নাতিনী আৰু দূৰ্গতি’ বুলি চিনেমা বনাই পেলালোহেতেন।
আনন্দ: সস্তাৰ টিকট
খ্ৰীষ্টমাছত ঘৰলৈ যোৱা নহ’ল। বহাগ বিহুত যাব লাগিব। গতিকে চেপ্টেম্বৰ
২০১৮ত টিকট কাটিবলৈ বহিছো এপ্ৰিল ২০১৯ত যাবলৈ। আৰে বাহ! একেবাৰে সস্তাৰ টিকট, তাকো
আমষ্টাৰ্ডামৰ পৰা চিধা দিল্লী (সেই যে নগাৱঁৰ পৰা ‘চিধা গুৱাহাটী’ বুলি বাছৰ সমুখত
লিখা থাকে) ! মানুহৰ মুখত সস্তাৰ টিকট বোলা ৰহস্যময়ী কথাটো শুনিহে থাকো, আজি আমাৰো
ভাগ্য উদয় হ’ল। স্কুলীয়া ছোৱালীহঁতৰ মাক-বাপেক বুলি আমিতো স্কুল-বন্ধৰ দামী চিজনতে
ক’ৰবালৈ অহা-যোৱা কৰিবলৈ বাধ্য। গতিকে এনেকুৱা টিকটকেইটা পাই বৰ ফূৰ্ত্তি আৰু !
লটিঘটি: জেট এয়াৰৱেজ ডুবি গ’ল। আমাৰ দৰে মানুহ চৌঠেঙীয়া হৈ ৰ’ল।।
এপ্ৰিল ২০১৯। নৰেশ গোয়েলৰ জেট এয়াৰৱেজৰ বৰ বেয়া অৱস্থা চলি আছে। জেটতে আমাৰ টিকট। মই সদায় খবৰ লৈ আছো – তেওলোকেও কৈ আছে যে আমাৰ ফ্লাইট উৰিব। ঘৰলৈ যাবলৈ দুদিন আছে। জেট এয়াৰৱেজ ডুবি গ’ল। আমি অঠাই সাগৰত পৰিলো।
টিকট কেন্সেল হ’ল। মই ঘৰত অকমানকৈ কৈ চাইছিলো – কেইমাহ মান দেৰিকৈ যাও নেকি ? চুটকেচ-টুটকেচ সব পেকিং হৈ সকলো যাবলৈ ৰেডী। গতিকে মোৰ প্ৰস্তাৱত ৰাইজ জাঙুৰ খাই উঠিল। মই মনে মনে থাকিলো। ভাবিলো ছোৱালীহঁতৰ ‘ৰায়ত’ হোৱাৰ আগতে দুদিনৰ পাছত যাবলৈ আকৌ টিকট কটাই ভাল। দুদিনৰ আগতে টিকট কাটিম! যেন নগাঁৱৰ পৰা তিনিচুকীয়ালৈহে যাম! চাওকচোন মানুহ কেনেকৈ চৌঠেঙীয়া হয়! মোৰ জেপ কাট খোৱাৰ পৰা কোনেও মোক বচাব নোৱাৰে !
আনন্দ: দুঘণ্টাত টিকটৰ ফুল ৰিফাণ্ড
আকৌ টিকট কাটিব লাগিব। ভাবিছো প্ৰথমে পুৰণা টিকটৰ কিবা ৰিফাণ্ড পাও নেকি খবৰ কৰো। চিধা জেট এয়াৰৱেজৰ পৰা টিকট কৰা হ’লে একো আশাই নকৰিলোহেঁতেন। কিন্তু ইয়াৰ এজেন্সী এটাৰ হতুৱাই টিকট কাটিছিলো। গতিকে অলপ আশাৰে ফোন কৰিলো। কিন্তু তেওলোকে ক’লে – “এয়াৰলাইন ডুবি গ’ল। সিহঁতেই পইচা নিদিলে আমি ক’ৰপৰা ঘূৰাই দিম! আপোনাৰ পইচা গ’ল বুলি ধৰক!”
বৰ দুখ মনেৰে মই ফোনটো থৈছিলো। এনেকুৱা গভীৰ আছিল সেই দুখ যে সি হয়তো এজেন্সীটোৰ লগত মোৰ এক টেলিপেথীৰ সংযোগ ঘটাইছিল। আধা ঘণ্টামানৰ পাছত মোলৈ এটা ফোন আহিল – একেবাৰে ডেনমাৰ্কৰ পৰা – এজেন্সীটোৰ হেডকোৱাৰ্টাৰৰ পৰা। মোক ক’লে যে সিহঁতে মোৰ কথাটো ভালকৈ বিচাৰ কৰি চালে আৰু সিহঁতৰ ফালৰ পৰাই পইচা ৰিফাণ্ড কৰাৰ ব্যৱস্থা কৰিব। আৰু হয়ো হয় – দুঘণ্টাৰ ভিতৰত এক পইচা নকটাকৈ সম্পূৰ্ণ্ণ টকা বেংক একাউণ্টত পালো ! ইউৰোপীয় সততা আৰু বিচক্ষণতাৰ আকৌ এবাৰ প্ৰমাণ পালো।
আনন্দ : From Russia with Love
জেমচ বণ্ডৰ এখন চিনেমা আছিল ‘From Russia with Love’। সেই চন কনেৰী জেমচ বণ্ড থকাৰ দিনৰে। এতিয়া পিছে সেইখনৰ ওপৰত লিখিবলৈ ওলোৱা নাই। ৰাছিয়ান এয়াৰলাইন কোম্পানী এৰোফ্ল’টৰ মৰমৰ কথাহে লিখিবলৈ ওলাইছো।
টিকটৰ ৰিফাণ্ড পালো। কিন্তু নতুন টিকটতো কটাই নাই। নিজকে বলী দিবলৈ সাজু হৈ আকৌ এবাৰ টিকট কাটিবলৈ বহিলো। বাহ! বাহ! এৰোফ্ল’টত দিল্লীলৈ যাবলৈ এতিয়াও মই বলে পৰা ধৰণৰ টিকট আছে! মস্কো হৈ যাব লাগিব। কথা নাই – যাবলৈ যে পাম ! লগে লগে টিকট কাটিলো – ডাছেলদৰ্ফ (জাৰ্মানীত কিন্তু আমাৰ ঘৰৰ ওচৰৰে আৰু এটা এয়াৰপ’ৰ্ট)ৰ পৰা মস্কো হৈ দিল্লী।
মানুহৰ মুখেৰে শুনা ১৯৬২ চনৰ চীনা আক্ৰমণৰ কথা মনত পৰিল। অসম ঘোৰ বিপদত। দেশৰ গুৰিয়ালে ‘My heart bleeds for the people of Assam’ বুলি দ্বায়িত্ব সামৰি থ’লে। ক’ৰবাৰ পৰা ৰাছিয়া আহি চীনদেশক ভয় নুখুৱা হ’লে হয়তো আজি আমি ‘নি হাও’ বুলি ইজনে সিজনক স্বাগতম জনাই থাকিলোহেঁতেন। একেধৰণে জেট এয়াৰৱেজে হাত দাঙি দিয়াৰ সময়ত মোক এৰোফ্ল’টে বচালে।
বাৰু হাজাৰ বাধা পাৰ কৰি শেষত আমাৰ যাত্ৰা আৰম্ভ হ’ল। এৰোফ্ল’টৰ কিছুমান এয়াৰ হোষ্টেছক দেখি আমাৰ এয়াৰ ইণ্ডিয়াৰ জেঠাইহঁতলৈ মনত পৰিল। মোৰ ছোৱালীহঁতক মৰমো কৰিছে। খেলিবলৈ বস্তুও দিছে – সৰু সৰু বেগকে তিনি চাৰিটামান দিছে। এনে লাগিল যেন সিহঁতে আকাশতে আইতাকৰ মৰম পাইছে।
আনন্দ: প্ৰথম take-offৰ শিহৰণ
ডাছেলদৰ্ফৰ পৰা মস্কো। মস্কোৰ পৰা দিল্লী। শেষত দিল্লীৰ পৰা গুৱাহাটী। আমাৰ আকাশী যাত্ৰা চলি আছে।
উৰাজাহাজৰ যাত্ৰা। আছে তাত এক বেলেগ আদব কায়দা। বাচ, ট্ৰেইনেৰে অহা যোৱা কৰি কৰি প্ৰথম এৰোপ্লেনত উঠাৰ দিনা অলপ শিহৰণৰ অনুভৱ হয়তো সকলোৱে কৰে। বহু বছৰ আগতে গুৱাহাটীৰ পৰা কলিকতা হৈ বাংগালোৰলৈ উৰাজাহাজত উঠোতে মোৰো তেনেকুৱাই হৈছিল। পিছে সময়ৰ সোঁতে অনুভৱৰ গতিও সলনি কৰে। আজি মোৰ বাবে আকাশী যাতায়ত এক সময় বচাব পৰা সুবিধাজনক কিন্তু অত্যন্ত আমনিদায়ক বস্তু। পঢ়াকালত মাংগালোৰ-গুৱাহাটীৰ মাজৰ চাৰি দিন চাৰি ৰাতিৰ যাত্ৰাত ট্ৰেইনখন ঘৰৰ নিচিনা হৈ পৰিছিল। বহুতৰ লগত এনে বন্ধুত্ব গঢ় লৈ উঠিছিল যে বহু দিনলৈ চিঠি পত্ৰৰ আদান প্ৰদানো হৈছিল। আৰু বেলেগ বেলেগ ষ্টেচনৰ বেলেগ বেলেগ খোৱা ! কেৰালাৰ নাৰিকলৰ চিপ্চ, ৰাজামুণ্ড্ৰীৰ বিৰিয়ানী, উড়িচ্ছাৰ গাখীৰৰ মিঠাই, হাওড়াৰ লুচি তৰকাৰী! আৰু যে পেণ্টৰ পিচৰ পৰা আৰম্ভ কৰি ইমাৰ্জেন্সী লাইটলৈকে নানা বস্তুৰ চলন্ত দোকান। তাৰ তুলনাত এৰোপ্লেনত আছে কি – সিৰামুৰি লগা চিট, কেইখনমান চিনেমা (কেতিয়াবা সেয়াও নাই) আৰু এয়াৰ হোষ্টেছে দয়া কৰি দিয়া বা আপুনি নিজৰ পকেটৰ পৰা এগালমান ধন টিকটৰ ওপৰঞ্চি হিচাবে খৰচ কৰি কিনা অকমান খোৱা। কৃষ্ণ! কৃষ্ণ!
গতিকে এৰোপ্লেনৰ লগত মোৰ এৰিবও নোৱাৰা, ধৰিবও নোৱাৰা সম্বন্ধ। তাৰ ওপৰত যদি আৰু অলপ অবাঞ্ছনীয় কথাৰ উদ্ভৱ হয় তেতিয়া বিতৃষ্ণা আৰু অলপ বাঢ়ি যায়। দুৰাতি টোপনি ক্ষতি কৰি মস্কো হৈ দিল্লীৰ পৰা গুৱাহাটী বুলি যেতিয়া ফ্লাইটত উঠো তেতিয়া মোৰ মনত আৰু শিহৰণৰ ‘শ’ৰ বাওফালৰ আৰম্ভণিৰ সেই ভাঁজটোও নাই। কোনোমতে মাত্ৰ মৰিকলং পাবগৈ লাগে।
মোৰ চিটৰ পাছৰ শাৰীত মাক, দেউতাক, ককাক, ভায়েকৰ লগত এজনী অকমাণি ছোৱালী। কথা বতৰাৰ পৰা গম পালো তাইৰ সেয়া প্ৰথম উৰাজাহাজ যাত্ৰা। চিট বেল্টৰ পৰা আৰম্ভ কৰি বমি কৰা মোনালৈকে সব বস্তুৰ কথা তাই দেউতাকক বৰ আগ্ৰহেৰে সুধিছে আৰু দেউতাকেও বৰ ধৰ্য্যেৰে এটা এটা বস্তু তাইক বুজাই দিছে। তাই কথা বিলাক বুজি আকৌ ককাককো বুজাবলৈ লৈছে। তাৰ পাছত তাই দেউতাকৰ পৰা কেনেকৈ এৰোপ্লেনখনে অলপ দূৰ শেলুকিয়া গতিত ইফালে সিফালে গৈ, অকমান ৰৈ হঠাতে জোৰত চলিবলৈ আৰম্ভ কৰি একোবত উৰা মাৰিব সেই পদ্ধতিটো তন্ন তন্ন কৈ বুজি ল’লে। এৰোপ্লেনখনেও কথাবিলাক আখৰে আখৰে পালন কৰা দেখি তাইৰ বৰ ফূৰ্ত্তি! এই শেলুকিয়া গতিত চলিল, এই অকমান ৰ’ল, এই জোৰ ধৰিলে, এই উৰিব, এই উৰিলে ….
অকমাণজনীৰ লগতে ময়ো শিহৰণৰ ‘ণ’লৈকে অনুভৱ কৰি গ’লো। তাইৰ লগতে মোৰো যেন সেয়া আছিল প্ৰথম উৰাজাহাজ যাত্ৰা! বাৰু হওক তেও – কিছু লটিঘটিৰ মূৰত পোৱা সৰু সৰু এই আনন্দবিলাকো আপুৰুগীয়া।
শেষত পূণ্যভূমি অসম পালোগৈ। দুসপ্তাহ মা-দেউতা, খুড়া-বৰদেউতা, দাদা-বাইদেউহঁতৰ পৰা আৰম্ভ কৰি ২৬ বছৰ আগতে এৰি অহা স্কুলৰ সমনীয়ালৈকে সকলোৰে মৰম-চেনেহৰ সাগৰত বুৰ গৈ থাকিলো। অকমান লটিঘটিও হ’ল। সেইখিনি কথা পিছত এদিন লিখিবলৈ থ’লো।
Yatraar okhyaan tu pohi bor aamej palu.
ReplyDeleteIman je val lagil
DeleteKhub mojjaaa laagil porhi Lori ghoti khini ....hundar usthapan.
ReplyDeleteThank you
Deleteবৰ ধুনীয়াকৈ লিখিলা সৌৰভ৷
ReplyDeleteThank you
DeleteKhub val lagil loti ghati khinir kotha pohi
ReplyDeleteUpsthapon ati xundar,khuhutiya rax eu Ananda Dan korile..agole aru pohar axare
Thank you
DeleteVal lagil khub
ReplyDeleteThank you
DeleteBor dhunia likhila bondhu. porhi khub val lagil. Anekoi likhi thakiba.
ReplyDeleteDhanyabad Eptikar
DeletePorhi bor bhal palu ... akou likhiba
ReplyDeleteSure, thank you
Delete