Sunday, 20 March 2022

ভ্ৰষ্টাচাৰীৰ সলনি আমি পূৰ্বৰ ৰাজনৈতিক নেতা-কৰ্মীক পাম কেনেকৈ?

 উক্ত প্ৰশ্নটো বৰ ডাঙৰ। ইয়াৰ উত্তৰ বিচাৰি বহু গভীৰলৈকে যাব লাগিব। আলোচনাৰ পৰিসৰ অসমতে ৰাখিম, ভাৰতবৰ্ষৰ পৰ্য্যায়লৈকে নেযাও। হয়, পূৰ্ব্বৰ আমাৰ বহু নেতা-কৰ্মী বৰ সক্ষম, পাৰদৰ্শী, সুযোগ্য আছিল। গোপীনাথ বৰদলৈৰ পৰা হেম বৰুৱালৈকে – কেৱল নামটো শুনিলেই যথেষ্ট – তেখেতসকলৰ বেলেগকৈ একো গুণানুকীৰ্ত্তন কৰিব নেলাগে। আজিকালি তেনে নেতা নোহোৱা হৈছে। কিন্তু কিয় নোহোৱা হৈছে? আমিতো আপততঃ একে সংস্কৃতিৰে সেই একেই অসমীয়া মানুহ! আমাৰ ৭০-৮০ বছৰীয়া পুৰণা সমাজখনলৈ উভতি চালে এটা কথা দেখা পোৱা যাব যে সমাজৰ ভাল মানুহখিনিৰ ৰাজনীতি আৰু ৰাজনীতিবিদসকলৰ প্ৰতি এটা সন্মানৰ ভাব আছিল। ভাল মানুহ গৈ ৰাজনীতিবিদ হৈছিল আৰু দেশৰ হকে ভাল কাম কৰিছিল। আজিৰ সমাজত আমি ডাক্তৰ, ইঞ্জিনীয়াৰ আৰু তেনেধৰণৰ অন্য কামৰ বাহিৰে বেলেগ কিবা জীৱিকাৰ পথৰ কাৰণে উদ্গণি দিও নে? ল’ৰা-ছোৱালীয়ে সম্পূৰ্ণ নিজৰ মনৰ পৰা যি কাম কৰিব খোজে সেইটো কৰিব পাৰেনে? মোৰ থকা ঠাই হলেণ্ডত মই নিজে জনাৰ ভিতৰতে ডাঙৰ কৰপ’ৰেট বিষয়াৰ ল’ৰা ঘোৰাশালৰ ৰখীয়া আৰু বাপেক সেইকথাত সম্পূৰ্ণ একমত। এতিয়া ভাবক তেনে এটা ল’ৰাই নিজৰ মনেৰে কৰিবলৈ ওলোৱা সেই ঘোৰাশালৰ ৰখীয়া কামটো কিমান ভালকৈ কৰিব? হয়তো সি বাপেকতকৈ কম পইচা আৰ্জ্জন কৰিব কিন্তু সুখী হৈ থাকিব আৰু সমাজলৈকো এটা ক্ষুদ্ৰ কিন্তু ভাল অৱদান আগবঢ়াই যাব। কথাটো হ’ল এতিয়া পইচা ডাঙৰ নে সুখ ডাঙৰ? আপুনি নিশ্চয় ক’ব যে সুখেই ডাঙৰ কিন্তু বাস্তৱ পৃথিৱীখনত পইচা নহ’লে একোৱেই কৰিব নোৱাৰি। হলেণ্ডৰ নিচিনা দেশত স্বাস্থ্যসেৱা, শিক্ষা ইত্যাদি হয় বিনামূলীয়া বা প্ৰায় বিনামূলীয়া। এইবিলাক ধনী দেশ গতিকে চৰকাৰে এইবিলাক ব্যয় বহন কৰিব পাৰিছে। কিন্তু মনত ৰাখিব দ্বিতীয় বিশ্বযুদ্ধই এইবিলাক দেশক প্ৰায় লাও লোৱা কৰি পেলাইছিল – মানে প্ৰায় আমাৰ স্বাধীনতাৰ সময়ত। তেতিয়াৰ পৰা তেওঁলোকে নিজৰ দেশবিলাকক আকৌ নিজৰ বল-বুদ্ধিৰে গঢ়িলে। আমি এখোজ আগবাঢ়ি দুখোজ পিচ পৰিলো। আমিও আজি ইমান দুখীয়া হৈ থকা নাই কিন্তু ধন আছেগৈ মুষ্টিমেয়ৰ হাতত। এইবিলাক কথাই ক’লৈ আঙুলিয়ায়? আচলতে মূল প্ৰশ্নটো কেৱল ৰাজনীতিলৈয়ে নহয় – আমাৰ অস্তিত্বই সংকটত। আমাৰ গোটেই সমাজখন যেনেকুৱা, ৰাজনীতিবিদো তেনেকুৱাই ওলাব। কথাবিলাক গৈ থৈ ৰয়গৈ – সততা, নিঃস্বাৰ্থভাৱ, দেশপ্ৰেমৰবোধেৰে কিবা এটা কৰাৰ মন – এনেকুৱা কথাবিলাকত। কিন্তু আজিকালি এনেকুৱা কথা কোৱা মানুহক মূৰ্খ বুলি ভবা নহয়নে? আগতে নেভাবিছিল, সেয়ে ভাল নেতা-কৰ্মীও ওলাইছিল। আমি আকৌ নেভাবিব পাৰিলে আকৌ ভাল নেতা-কৰ্মী ওলাব।


('দৈনিক অগ্ৰদূত' বাতৰিকাকতৰ 'খোলামঞ্চ'  শিতানৰ বাবে লিখা)

Saturday, 1 January 2022

The Indomitable

 For the Assamese version, please click here.

A bright and sunny Sunday morning after a long time. Jean Paul is sipping coffee in his nice and cosy house in Amsterdam. Beautiful day. Beautiful life. But life was not always like this. In fact, some past events shake Jean Paul’s mind even today.

1994. The Rwandan civil war was at the peak. Jean Paul, his brother and mom were in the capital Kigali and his dad and three sisters were in a place called Gitarama in the heartland of Rwanda. On one fateful day, miscreants mercilessly killed Jean Paul’s father and one sister. The other two sisters could somehow escape. In Kigali too, the situation was no better. On one hand, the loss of his beloved dad and sister and on other hand the fight for his, his brother’s and his mom’s lives – Jean Paul was torn apart by deep sorrow, fear, anger, exasperation.

Rwanda, surrounded by Uganda, Tanzania, Burundi and Congo Democratic Republic, is a small country with an area of 26,338 square kilometers – much smaller than a small country like the Netherlands. It is hilly – known as the land of thousand hills. Compared to other African countries, Rwanda is a densely populated country.

 Rwandans are from three groups – Hutu, Tutsi and Twa. The Twa is less than 1% of population leaving Hutu and Tutsi to take overall control of the country. Naturally, there have always been conflicts between Hutu and Tutsi. In 1959, Hutus started a revolution that removed a Tutsi monarch from power and some Tutsis went in exile in surrounding countries.

In 1990, the exiled Tutsis started the war that lasted four years, ending in a genocide that took life of more than 1 million people, mostly Tutsis. But Tutsis’ atrocities against Hutus were also no less. Jean Paul and his family were Hutus. His father and sister were killed by Tutsi rebels.

Life was not always this appalling though. With four siblings, Jean Paul had a healthy childhood – at first in Gitarama and then in Kigali. From studies to football and other games, they were five bright children. Their dad was also a highly placed official of the then largest co-operative society in Rwanda.

In the course of time, the tension between the Hutus and the Tutsis escalated to the civil war which ended on the 4th July 1994, when Tutsi rebels captured Kigali. For the name’s sake, a coalition government was formed including Hutu members but it was dominated by the Tutsis. Now, it was Tutsis’ turn to display all-out monstrosity. At that time, Jean Paul had just started with his studies in medicine in the pursuit of becoming a doctor and he was then ordered by the new rulers of the country to offer medical services in an army camp in the east of the country.

 That army camp was another form of Hitler’s concentration camps. Daily more than a thousand Hutus were killed there. Truckloads of woods, fuel tankers after fuel tankers were regular sights. All these to burn the dead bodies of the Hutus!  The Tutsi armies themselves got mentally disturbed by killing civilians in such a scale. Many of them would ardently request Jean Paul to issue sick certificates to get rid of this hellish duty. Jean Paul had to helplessly witness all these very closely, shedding silent tears.

A time came when things went beyond tolerance for him. Through certain turn of events, he was allowed to go to Rwandan University of Butare to continue his studies in medicine. There too, the situation was same. He was again called to duty – this time to another camp.

Probably at that time, for Jean Paul, death was a better choice than going back to such a camp. But how to get rid of it?

One of Jean Paul’s relatives was highly placed in the Rwandan coalition government. He helped him to get out of the country and come to Nairobi - Kenya. That was in 1995.

Nairobi – an established African hub of business and culture, is also the confluence of immigrants/asylum seekers from different parts of Africa. So for a person like Jean Paul, life was still tough there but it was very peaceful compared to what he went through in Rwanda.

Meanwhile, the situation in Rwanda worsened. Jean Paul’s relative started having serious differences of opinion with the government, especially on the killings that were going on, supported by the Tutsi hardliners. Fearing for his life, he escaped to Kenya. But he was not safe there either. The Rwandan secret killers did not spare him even in Kenya. In the first attempt, they failed. Eventually, they killed him in  1998.

Jean Paul realized that Kenya too was no longer safe. With the help of the family and friends, he managed to continue his journey ending in the Netherlands as an asylum seeker. For next two years, he lived in a refugee camp. It was safe and peaceful but uncertainty of life was still not over.

There are many Dutch organizations which help refugees to start a new life. With the help of such an organization, Jean Paul resumed his studies not in medicine though but he completed his masters in medical imaging from the INHOLLAND University of applied sciences and then from the much respected Erasmus University in Rotterdam.

Life took a nice and permanent turn for Jean Paul. His sisters and brother also were well settled by then in Europe and North America. In another few years, his daughter will become a doctor. His son also is doing higher studies in the area of medical laboratories. They get flabbergasted by the harrowing stories of their father’s survival. For them, they are stories from a faraway land but for Jean Paul it was cruel reality. He thank himself for his indomitable spirit and hope which saw him through these tough times.

Even being abroad, Jean Paul is a human-rights activist fighting for the cause of fellow Rwandans. He has been relentlessly doing a yeoman’s work so that others don’t need to go through the same as he had to.

Jean Paul (name changed) is a friend of mine and this is his true story.

(The story is published with my friend’s consent.).

অপৰাজেয়

For the English version, please click here.



বহুদিনৰ মূৰত বৰ ধুনীয়াকৈ ৰ’দ ওলাইছে। দেওবাৰ। আমষ্টাৰ্ডামৰ নিজৰ সুদৃশ্য ঘৰত ৰাতিপুৱাৰ কফি কাপ লৈ জঁ পল্‌ অলপ আৰামকৈ বহি আছে। সুন্দৰ দিন। সুন্দৰ জীৱন। কিন্তু অতীতটো ইমান সুন্দৰ নাছিল। দৰাচলতে অতীতৰ কিছু ঘটনাই আজিও তেওঁৰ মন সেমেকাই তোলে।

 

১৯৯৪ চন। আফ্ৰিকাৰ এখন দেশ ৰোৱাণ্ডাৰ গৃহযুদ্ধ একেবাৰে তুংগত। জঁ পল্‌, ভায়েক আৰু মাক আছিল ৰাজধানী কিগালিত। দেউতাক আৰু জঁ পলৰ তিনিজনী ভনী আছিল তেওঁলোকৰ মূলঠাই ৰোৱাণ্ডাৰ মধ্য অঞ্চলস্থিত গিতাৰামাত। এটা দুৰ্ভগীয়া দিনত দুৰ্বৃত্তই আহি দেউতাক আৰু এজনী ভনীয়েকক আন মানুহৰ লগতে নৃশংসভাবে হত্যা কৰে। দুজনী ভনীয়েক কোনোমতে পলাই সাৰে। ইফালে কিগালিতো পৰিস্থিতি আছিল সমানে ভয়াবহ। এফালে দেউতাক, ভনীয়েকক হেৰুৱাৰ বিৰহ বেদনা, আনফালে নিজৰ, নিজৰ মাক, ভায়েকৰ জীৱন বচোৱাৰ সংগ্ৰাম – শোক, ভয়, ক্ৰোধ, অসহায়বোধে জঁ পলক আচলতে জীয়াই জীয়াই মাৰি পেলোৱাৰ নিচিনা কৰিছিল

 

ৰোৱাণ্ডা। উগাণ্ডা, টান্‌জানিয়া, বুৰুণ্ডি আৰু কংগো গণতান্ত্ৰিক গণৰাজ্যৰে আগুৰি থকা আফ্ৰিকাৰ এখন সৰু দেশ। মাটিকালি মুঠেই ২৬,৩৮৮ বৰ্গকিলোমিটাৰ – অসমৰ এক তৃতীয়াংশতকৈ অলপমানহে ডাঙৰ। অলপ পাহাৰীয়া ঠাই – ‘এহাজাৰ পাহাৰৰ দেশ’ বুলি নাম এটা আছে। অন্যান্য আফ্ৰিকাৰ দেশৰ তুলনাত জলাশয়ো বেছি। সেয়ে জনবসতি বৰ ঘন।

 

ৰোৱাণ্ডাৰ জনসাধাৰণৰ মূল গোট তিনিটা – হুটু, টুৎসি আৰু ট্‌ৱা। ট্‌ৱাসকল হাবিত থকা পিগ্‌মি মানুহ। গতিকে দেশখন চলোৱাৰ মূল হৈছে হুটু আৰু টুৎসিসকল। সেয়ে স্বাভাৱিকতে তেওঁলোকৰ মাজত সংঘাতৰ সৃষ্টি হয়। তাৰে এক পৰিণতি আছিল ১৯৯০ চনত টুৎসিবিলাকে আৰম্ভ কৰা গৃহযুদ্ধ য’ত পাছলৈ হুটুবিলাকৰ নিয়ন্ত্ৰণ বাঢ়ি যায়। দুখলগাকৈ ১৯৯৪ চনত কেৱল ১০০ দিনৰ ভিতৰত প্ৰায় ১০ লাখ মানুহক (মূলতঃ টুৎসি) হত্যা কৰা হৈছিল। টুৎসিবিলাকৰ অত্যাচাৰো কোনো কম নাছিল। হুটু জঁ পলৰ দেউতাক, ভনীয়েকক টুৎসিয়েই মাৰিছিল। গৃহযুদ্ধৰ পাছতো চৰকাৰ গঠন কৰি টুৎসিবিলাকে হুটুবিলাকৰ হত্যা কৰিয়েই আছিল।

 

পিছে জীৱন সদায় ইমান দুৰ্বিসহ নাছিল।

 

৭০অৰ দশক। চাৰিওটা ভাই-ভনীৰেসৈতে জঁ পলৰ এক সুন্দৰ শৈশৱ। প্ৰথমে গিতাৰামা আৰু তাৰ পাছত কিগালিত। পঢ়া শুনাৰ পৰা ফুটবল আৰু অন্যন্য খেল ধেমালিলৈকে সকলোতে আগৰণুৱা। দেউতাকো আছিল ৰোৱাণ্ডাৰ সেই সময়ৰ আতাইতকৈ ডাঙৰ সমবায় সমিতিৰ এজন উচ্চ পদস্থ বিষয়া।

 

হুটু-টুৎসিৰ মাজত সদায়ে সংঘাতৰ সংগীত বাজি থকা ৰোৱাণ্ডাৰ অৱস্থা নব্বৈ দশকৰ আৰম্ভণিত বেয়ালৈ ঢাল খায় আৰু শেষত ১৯৯৪ চনৰ জুলাইত কিগালি টুৎসিৰ অধীনলৈ আহে। নামত এখন সমন্বয়ৰ চৰকাৰ যদিও তুৎসিৰে আধিপত্য থাকিল আৰু এইবাৰ হুটুৰ ওপৰত অমানুষিক অত্যাচাৰ চলিল। জঁ পলে তেওঁৰ ডাক্তৰি শিক্ষা আৰম্ভ কৰিছিলহে মাত্ৰ কিন্তু তেওঁলৈ চৰকাৰী নিৰ্দ্দেশ আহিল যে তেওঁ ৰোৱাণ্ডাৰে পূৱৰ ফালে থকা আৰ্মি কেম্প এটালৈ চিকিৎসা সেৱাৰ বাবে যাব লাগে।

 

সেই আৰ্মি কম্পটো আছিল হিটলাৰৰ কন্সেণ্ট্ৰেচন কেম্পৰ এক নতুন ৰূপ। সেই সময়ত দিনে প্ৰায় এহাজাৰ মূলতঃ হুটুমানুহক তাত মৰা হৈছিল। গাড়ীয়ে, গাড়ীয়ে খৰি, তেল অনা হৈছিল মৰা শ পুৰিবৰ কাৰণে। মানুহ মাৰি মাৰি হৈছিলগৈ টুৎসি সৈনিকৰ মানসিক বিকাৰ। তেনে সৈনিকে জঁ পলক খাটনি ধৰিছিল বেমাৰৰ প্ৰমাণপত্ৰ লিখি দিবলৈ। নিৰৱে চকুলো টুকি এই সকলোবোৰ উপায়হীন হৈ নিজ চকুৰে চাই আছিল জঁ পলে।

 

এসময়ত আৰু সহ্যৰ সীমা বাহিৰ হ’ল। বহুত কিবা কিবি উপায় কৰি তেওঁ ৰোৱাণ্ডাৰ বুটাৰে বিশ্ববিদ্যালয়লৈ ডাক্তৰি শিক্ষা সমূৰ্ণ কৰিবলৈ আহে। কিন্তু তাতো একেই অৱস্থা। আকৌ একেই ধৰণৰ অবৰ্ণনীয় অত্যাচাৰৰ চাক্ষুষ দৰ্শণ কৰিবলৈ বেলেগ কেম্পলৈ মতা হ’ল।

 

পিছে এইবাৰ তেওঁ আছিল দৃঢ়প্ৰতিজ্ঞ। লাগিলে মৃত্যুকো বৰণ কৰিব কিন্তু তেনে এখন নৰকলৈ আৰু ঘূৰি নেযায়। কিন্তু উপায় ক’ৰ পৰা ওলায় ?

 

জঁ পলৰ এজন সম্বন্ধীয় মানুহ আছিল সমন্বয়ৰ চৰকাৰৰ হুটু প্ৰতিনিধি। তেওঁকে একান্ত অনুৰোধ কৰিলে। মানুহজনে তেওঁক কেনিয়া দেশৰ নাইৰোবিলৈ যোৱাৰ এটা সুবিধা কৰি দিলে। সেয়া ১৯৯৫ চন।

 

নাইৰোবি – আফ্ৰিকা মহাদেশৰ ব্যৱসায় আৰু সংস্কৃতিৰ এক অন্যতম প্ৰাণকেন্দ্ৰ। আফ্ৰিকাৰ অন্যান্য দেশৰ শৰণাৰ্থীও তাত বহুত। সেয়ে জঁ পলৰ দৰে মানুহৰ জীৱন তাতো আছিল কঠিন কিন্তু ৰোৱণ্ডাৰ সেই বিভীষিকাৰ তুলনাত আছিল এক শান্তিৰ জীৱন।

 

ইতিমধ্যে ৰোৱাণ্ডাৰ পৰিস্থিতি আৰু বেয়ালৈ ঢাল খায়। জঁ পলৰ সম্বন্ধীয়জনৰ চৰকাৰৰ লগত মত অমিল হ’বলৈ আৰম্ভ কৰে হুটুসকলৰ ওপৰত বাঢ়ি যোৱা অত্যাচাৰৰ কাৰণে। সেই মতানৈক্যই ইমান বেয়া ৰূপ ল’লেগৈ যে তেওঁ পলাই আহি কেনিয়া পাব লগা হ’ল। তাতো তেওঁৰ জীৱনৰ ভয় আছিল পদে পদে। ৰোৱাণ্ডাৰ গুপ্তহত্যাকাৰীয়ে তেওঁৰ ওপৰত এবাৰ বিফল প্ৰেচেষ্টা চলালে কেনিয়াত আহি। ১৯৯৮ চনত সিহঁতৰ দ্বিতীয় আক্ৰমণত তেওঁ মৃত্যুবৰণ কৰিব লগা হয়।

 

জঁ পলে বুজি পালে কেনিয়া আৰু তেওঁৰ দৰে মানুহৰ বাবে সুৰক্ষিত হৈ থকা নাই। নানা হিতাকাংক্ষীৰ সহায় সহযোগত, হাজাৰ বাধা বিঘিনি নেওচি ১৯৯৮ চনত তেওঁ আহি উপস্থিত হ’ল হলেণ্ডত শৰণাৰ্থী হিচাবে। হলেণ্ডৰ শৰণাৰ্থী শিবিৰতো, এনেয়ে জীৱন শান্তিৰ আছিল যদিও, আৰু দুবছৰ অনিশ্চয়তাৰ মাজেৰেই পাৰ হ’ল।

 

হলেণ্ডত ভগনীয়া মানুহক সহায় কৰা মানুহ, সংস্থা বহুত। তেনে এটা সংস্থাৰে সহায়ত তেওঁ আকৌ পঢ়িবলৈ আৰম্ভ কৰিলে। ডাক্তৰি শিক্ষা আৰম্ভ কৰিব নোৱৰিলেও হলেণ্ডৰ ৰটাৰডাম চহৰৰ সন্মানীয় ইৰেচমাচ বিশ্ববিদ্যালয়ৰ পৰা মেডিকেল ইমেজিং বিষয়ত মাষ্টাৰ ডিগ্ৰী সম্পূৰ্ণ কৰে

 

জঁ পলৰ জীৱনে নতুনকৈ, সুন্দৰকৈ আকৌ ঠন ধৰি উঠিবলৈ আৰম্ভ কৰে। ভনীয়েক, ভায়েকহঁতেও ইউৰোপ আৰু উত্তৰ আমেৰিকাৰ নানা ঠাইত থিতাপি লয়। আৰু কেইবছৰমান পাছত জঁ পলৰ জীয়ৰী হলেণ্ডত ডাক্তৰ হৈ ওলাব। পুতেকেও মেডিকেল লেবৰেটৰিজ্‌ সম্পৰ্কীয় উচ্চ শিক্ষা লৈ আছে। জঁ পলৰ জীৱনৰ কাহিনী শুনি সিহঁতৰ আশ্চৰ্য্য হয়। সিহঁতৰ কাৰণে সেইবিলাক বহু যোজন দূৰৈৰ এখন দেশৰ সাধুকথা। কিন্তু জঁ পলৰ বাবে সেয়া নিষ্ঠুৰ সত্য। আজি তেওঁ ধন্যবাদ দিয়ে নিজৰ অপৰাজেয় উদ্যম, আশাক।

 

জঁ পল্‌ আজি দূৰ বিদেশৰ পৰাই ৰোৱাণ্ডাৰ মানৱ অধিকাৰৰ লগত বৰ সক্ৰিয়ভাৱে জড়িত। নিজে পায় অহা দুখখিনি যাতে আনে নেপাওক বা কমকৈ পাওক তাৰে আশাৰে তেওঁ পাৰ্য্যমানে নিজৰ সেৱা ৰোৱাণ্ডাবাসীলৈ আগবঢ়াই আহিছে।

 

এয়া মোৰ বন্ধু জঁ পলৰ (নাম সলনি কৰা হৈছে) জীৱনৰ সঁচা কাহিনী। মোৰ নিজৰ জীৱনত দুখ, কষ্ট বাঢ়ি যোৱা যেন অনুভৱ হ’লে মই তেওঁৰ অতীত জীৱনলৈ মনত পেলাও। দুখ, কষ্টবোৰ বৰ কম, কম লাগে

 

(কথাখিনি মোৰ বন্ধুৰ অনুমতি লৈ প্ৰকাশ কৰা হৈছে।)

Monday, 18 October 2021

এটা হাফ-মাৰাথনৰ অভিজ্ঞতা

 গাঁৱৰ পৰিবেশত পঢ়া-শুনাৰ লগতে সমানে খেল ধেমালিৰে পাৰ হোৱা আমাৰ শৈশৱ। সেই ব্যৱস্থা থাকিল অষ্টম শ্ৰেণী মানলৈকে। তাৰ পাছত পঢ়াৰ জোৰ বাঢ়ি আহি যি ব্যস্ততা আনি দিলে সি কেতিয়াও শেষ নহ’ল – কেতিয়াবা মেট্ৰিক, কেতিয়াবা হায়াৰ চেকেণ্ডেৰী, কেতিয়াবা এণ্ট্ৰেন্স পৰীক্ষা, কেতিয়াবা ইঞ্জিনীয়াৰিঙৰ পৰীক্ষা আৰু তাৰ পাছত অনন্ত কালৰ বাবে কৰপ’ৰেটৰ প্ৰতিযোগিতা। তাৰ মাজত সেই অকমান শৰীৰ চৰ্চ্চা সম্পূৰ্ণ ৰূপে হেৰাই গ’ল। বহুতে তাৰ মাজতে কৰি থাকে – মোৰ নহ’ল। মোৰ দেউতাই জীৱনৰ শেষলৈকে নিয়মীয়াকৈ পঢ়া-শুনাৰ লগতে শাৰীৰিক পৰিশ্ৰম কৰিছিল। মই বাংগালোৰত থকাৰ দিনলৈকে দেউতাই মোক কৈ কৈ হাৰি গ’ল – দৈনিক ৰুটিনত মই শৰীৰ সম্পৰ্কীয় অনুশীলনক ভৰাব নোৱাৰিলো। তাৰ বাবে মই কাকো দোষ দিয়া নাই – নিজকে দিছো।

 

২০১৬ চনত হলেণ্ডলৈ অহিলো। ডেকা-বুঢ়া নিৰ্বিশেষে দেহাটো সুস্থ আৰু সক্ষম কৰি ৰাখিবলৈ যিমান কিবা কিবি কৰে – এই চাইকেল চলালে, বহুত খোজ কাঢ়িলে, দৌৰিলে ইত্যাদি, তাক দেখি তবধ মানিলো। খুব সোনকালে নিজেও নিয়মীয়াকৈ চাইকেল চলাবলৈ আৰম্ভ কৰিলো। পিছে যোৱা বছৰলৈকে কেৱল চাইকেল চলোৱা আৰু মাজে মাজে অলপ খোজ কঢ়াৰ বাহিৰে আৰু শৰীৰ চৰ্চ্চাৰ নামত একো নহ’ল। কেতিয়াবা অকমান দূৰ দৌৰো কিন্তু অলপ দেৰিৰ পাছত হেপাই ফোপাই অৱস্থা নোহোৱা হয়।

 

২০২০ চনৰ অক্টোবৰ মাহ। কৰণাৰ কাৰণে হলেণ্ডৰ আইণ্ডহভেন চহৰৰ (য’ত আমি থাকো) মাৰাথন দৌৰ বাতিল হ’ল। কিন্তু গম পালো মাৰাথন হ’বলগীয়া দিনটোতে বন্ধু এজনে অকলেই হাফ মাৰাথন দৌৰিলে। খবৰটো শুনি বৰ উৎসাহিত হ’লো। বন্ধুৰ লগত কথা পাতিলো – বোলো মোকো শিকা।  তেওঁ এযোৰ ভাল দৌৰিব পৰা জোতা আৰু বতৰ অনুকূলে পিন্ধিব পৰা কাপোৰৰ কথা ক’লে। ইতিমধ্যে শ্ৰীমতিয়ে মোক দুয়োটা বস্তু জন্মদিনৰ উপহাৰ হিচাপে দিছিল। গতিকে সেইবোৰ পিন্ধি এদিন ৰাতিপুৱা বন্ধুৰ লগত দৌৰিবলৈ ওলালো।

 

তেওঁ প্ৰথম পাঠ দিলে – লাহে লাহে দৌৰিবি তেতিয়া বেছি দৌৰিব পাৰিবি। হয়তো – ১০০ মিটাৰ বিজুলী বেগে দৌৰিতো মই উচেইন ব’ল্ট হ’ব খোজা নাই! এয়া common sense -অৰ কথা – কিন্তু দুখ লগাকৈ common sense বহুত সময়ত ‘common’ নহয়। বাৰু সি যি কি নহওক, সেইদিনা লাহে লাহে ৫ কিঃমিঃ দৌৰিয়েই অৱস্থা কাঢ়িল হৈ গৈছিল। এই পেটৰ ওচৰতে খোচ মাৰি ধৰিলে, এই ভৰিয়েই বিষালে, এই কঁকালেই অকমান থৰথৰাই গ’ল। বন্ধুৱে ক’লে, “সৱ আওকাণ কৰ। দৌৰি থাক।” দৌৰাৰ শেষত একেবাৰে লেবেজান হৈ গৈছিলো।

 

তাৰ পাছত আকৌ দুমাহমান একেবাৰে একো নাই। ২০২০-অৰ শেষৰ সপ্তাহত এদিন অত্যন্ত লাহে লাহে ১১ কিঃমিঃ একেৰাহে দৌৰিলো। খুব সাহ পালো কিন্তু নানা ঘৰুৱা লেঠাত ২০২১ চনৰ আগষ্ট মাহলৈকে দৌৰা আকৌ বন্ধ। এনেকুৱা বন্ধ যে আমাৰ বন্ধ আহ্বান কৰোতা সকলে তেনেকুৱা হ’লে ‘বন্ধ সৰ্বাত্মক’ হোৱা বুলি ক’ব! পিছে এইখিনি সময়তে এটা ভাল কথা হ’ল। বন্ধু আৰু মই দুয়ো নতুন ঘৰ ল’লো আৰু আমাৰ ঘৰো হ’ল একেবাৰে ওচৰা-ওচৰি। মই এই সুবিধা নেৰিলো। তেওঁক ক’লো – আকৌ দৌৰিবলৈ আৰম্ভ কৰিব লাগে। কৰিলো – প্ৰথমে দুদিনমান নিজে ৪-৫ কিঃমিঃ মান, তাৰ পাছত একেলগে ৬ আৰু তাৰ পাছত ৯ কিঃমিঃ, ১০ কিঃমিঃ এনেকে। তেতিয়ালৈকে মনত বহুত সাহস পালো আৰু সেই সাহসতে আইণ্ডহভেন হাফ মাৰাথন মানে ২১.১ কিঃমিঃ দৌৰিবৰ কাৰণে নাম লিখি আহিলো। সপ্তাহত এদিনমানকৈ দৌৰি থাকিলো – ১২,১৮, ২২, ১৯ কিঃমিঃ – আৰু এদিন আইণ্ডহভেন মাৰাথন আহি উপস্থিত হ’ল। কৰণাৰ পাছত এইটো অঞ্চলৰ প্ৰথম ইমান ডাঙৰ অনুষ্ঠান – গতিকে মানুহৰ আশা, উদ্যমে পাৰ নোপোৱা হ’ল।

 

১০ অক্টোবৰ ২০২১, বিয়লি ২:৩০ বজাত আমাৰ হাফ মাৰাথন আৰম্ভ হ’ল। হঠাতে অহা বানৰ ধলৰ নিচিনাকৈ হাজাৰ হাজাৰ মানুহে ধপ ধপাই যাত্ৰা আৰম্ভ কৰিলে। প্ৰথম কেই কিলোমিটাৰমান সকলোৰে বেছ জোৰ। তাৰ পাছত লাহে লাহে আচল দৌৰবিদসকল বহু আগবাঢ়ি গ’ল। আমিবিলাক পিছ পৰি ৰ’লো আৰু মানুহবিলাকৰ দৌৰৰ বেগ ইমান ভিন্ন হ’ল যে মানুহৰ সেই বানৰ ধল এটা কুলু কুলু ধ্বনিৰে বৈ থকা দীঘল কিন্তু ঠেক নিজৰাৰ দৰে হ’ল।

 

‘Cold country, cold people‘ – এই অঞ্চলৰ মানুহক উদ্দেশি কৰা এনে এষাৰ কথা কেতিয়াবা ক’ৰবাত শুনিবলৈ পোৱা যায়। কিন্তু সেইদিনা এই cold peopleবিলাকে প্ৰায় গোটেই ২১.১ কিঃমিঃ ৰাস্তাৰ কাষৰ পৰা আমাক যি উষ্ম উৎসাহ যোগালে – অচিনা, অজানা মানুহৰ পৰা তেনে উদগণি আজিলৈকে পুণ্যতীৰ্থ ভাৰতবৰ্ষতো পোৱা নাই। T-Shirt-অৰ সমুখত লিখি থোৱা নাম পঢ়ি মোক কিমানে ক’লে,”সৌৰভ, তুমি বিৰাট ভাল কৰি আছা। তুমি পাৰিবা! তুমি পাৰিবা!” সেই উৎসাহৰ লগতে ঠায়ে ঠায়ে সংগীতৰ আয়োজন – ডাঙৰ চাউণ্ডবক্সৰ পৰা বাজি অহা গানবিলাকে যেন বহুত শক্তিহে দি গৈছিল। আৰু কেৱল চাউণ্ডবক্সহে নে ? কততা live-band আছিল – ইউৰোপৰ পৰা আৰম্ভ কৰি দক্ষিণ আমেৰিকাৰ বেণ্ডলৈকে। Live-band বোৰ দেখি মোৰ ইমান ভাল লাগিছিল যে প্ৰত্যেক বেণ্ডকে মই দৌৰি দৌৰিয়েই চেলুট কৰিছিলো। Live-band-অতে কথা শেষ হৈছিল এনে নহয় – এঠাইত আইতা এজনীয়ে পাকঘৰৰ বাচন বেলনা মাৰিৰ নিচিনা কিবা এডালেৰে বজাই বজাই আমাক প্ৰেৰণা দি আছিল

প্ৰত্যেক দুই-তিনি কিঃমিঃ-অৰ মূৰে মূৰে আছিল শীতল পানীয়ৰ ব্যৱস্থা – মানে মানহু দৌৰি আছে তাতে আহি হাতত এগিলাচ দি গৈছে। আকৌ মাজে মাজে কলৰো ব্যৱস্থা! অভ্যাস কৰাৰ সময়ত পানী খোৱা, কল খোৱাৰ মোৰ কথাই নাছিল। কিন্তু মই দৌৰিছিলো সদায় সন্ধিয়াৰ পৰা ৰাতিৰ সময়লৈ অৰু সেইদিনা আছিল এইটো অঞ্চল আৰু এইটো সময়ৰ পৰিপ্ৰেক্ষিতত টিকা ফটা ৰ’দ! লগতে দৌৰাৰ আগদিনা গাটো ভাল লাগি থকা নাছিল – এটা পেৰাচিটামল খাব লগা হৈছিল। দৌৰাৰ দিনা গাটো বেয়া লাগি থকা নাছিল যদিও হয়তো সম্পূৰ্ণ সুস্থ নাছিলো। এই দুয়োটা কাৰণ মিলাই সেইদিনা মোৰ ভাগৰ আৰু পিয়াহ বহুত বেছি লাগিছিল। গতিকে প্ৰথম পাঁচ কিঃমিঃমান বাদ দি তাৰ পাছত য’তেই পানীয় পাইছিলো খাইছিলো – পানী পালে ভাল লাগিছিল – নেমুপানী পালে আৰু ভাল লাগিছিল। এঠাইত এটুকুৰা কল খাইছিলো – এনে সুস্বাদু আৰু শক্তিদায়ক কল যেন মই আৰু জীৱনত কেতিয়াও খায়েই পোৱা নাই!

 

ডেকা, বুঢ়া-মেথা কিমান দৌৰা মানুহ দেখিলো। তাৰ মাজতে আছিল এহাল ককাক আৰু নাতিনীয়েকৰ যোৰা। তেওঁলোক মোতকৈ অলপ বেছি জোৰেৰে দৌৰে কিন্তু অলপ দূৰ দৌৰি আকৌ খোজ কাঢ়ে। মই কিন্তু লাহে লাহে গোটেই ৰাস্তা দৌৰিয়ে থাকিলো। তেওঁলোকে খোজকঢ়াৰ সময়ত মই তেওঁলোকক পাৰ হৈ যাও। তেওঁলোকে দৌৰিবলৈ ল’লে মোৰ পৰা আগবাঢ়ি যায়। এই পৰিক্ৰমা বহুতবাৰ চলি থাকিল। শেষলৈ আমি ইজনে সিজনলৈ চাই হাঁহিবলৈ ল’লো।

ৰাস্তাৰ কাষৰ মানুহে উৎসাহ যোগোৱাৰ কথা কৈয়েই আহিছো। অকমান ল’ৰা-ছোৱালীবিলাকে নিজৰ এখন হাত আগবঢ়াই ৰৈ আছিল – মানে আমি দৌৰি থকাবিলাকে সিহঁতক হাতেৰে চুই যাব লাগে। ইমান মৰম লাগিছিল সিহঁতক! সিহঁতক মই হাতেৰে চুই গৈছিলো – সিহঁতে মোৰ অন্তৰ চুই গৈছিল।

 

দৌৰ শেষ হোৱাৰ এক-ডেৰ কিঃমিঃ আগতে আইণ্ডহভেনৰ ‘Pub street’-এৰে দৌৰিলো। মানে মদৰ আদ্দা। পিছে সেইবুলি কিবা উশৃংখল ঠাই বুলি নেভাবিব। মানুহ তাতো একেবাৰে সুসভ্য কিন্তু অন্য ঠাইতকৈ উৎসাহ আছিল দুই তিনিগুণমান বেছি। তেতিয়ালৈকে আৰু খুব ভাগৰ লাগিছিল কিন্তু মানুহখিনিৰ “তুমি পাৰিবা, তুমি পাৰিবা, এই শেষ হ’লেই আৰু!” ধ্বনিত ইমান শক্তি আছিল যে মই কেনেবাকৈ ৰৈ গ’লেও সেই শক্তিয়েই মোক ফু মাৰি দৌৰাৰ শেষ সীমা পাৰ কৰি দিব বুলি প্ৰত্যয় জন্মিছিল। সকলোকে মই যিমান পাৰো ধন্যবাদ, চেলুট, thumbs-up-এৰে মোৰ কৃতজ্ঞতা জনাই গৈছিলো।

 

এসময়ত দৌৰ শেষ কৰিলো। যুদ্ধ জয় কৰি অহাৰ নিচিনা লাগিল!

 

মগজুকে সদায় প্ৰাধান্য দি আহিছো। মগজুৱেই মোৰ জীৱিকাৰ মূল। কিন্তু প্ৰৌঢ় বয়সত বুজিবলৈ আৰম্ভ কৰিছো যে কেৱল মগজুৰে নিজৰ, দেশৰ শুধৰণি নহয়। মগজুৱে বাট দেখুৱাবই লাগিব কিন্তু সেই বাটেৰে আগবাঢ়ি যাব লাগিব শৰীৰ। মাত্ৰ দুমাহমান আগলৈকে ভাবিব নোৱাৰা কাম এটাৰ কাৰণে প্ৰথমে মগজুৰে সিদ্ধান্ত লৈছিলো যে কৰিম আৰু সেই সিদ্ধান্তক শৰীৰেৰে সফল কৰিব পাৰি বৰ সন্তোষ পালো। মোৰ লগতে সুখী হ’ল মোৰ শুভাকাংখীসকল – তাৰ মাজতে আছে মোৰ ডাচ্চ সহকৰ্মীসকলো। তেওঁলোকৰ মোৰ এই সফলতাত কিমান ফূৰ্ত্তি! এইবাৰ আইণ্ডহভেন মাৰাথনৰ মূলমন্ত্ৰ আছিল ‘Onzetrots’মানে ডাচ্চ ভাষাত ‘আমাৰ গৌৰৱ’। আমি বিলাকেও এনেকুৱা কথাত সমূহীয়াকৈ গৌৰৱ কৰিব পাৰিব লাগিব। তেতিয়া আমাৰ এটা-দুটা সমূহীয়া সমস্যা সমাধানৰ বাট আপোনা-আপুনি ওলাই আহিব।

 

হেঁপাহ আৰু মন-শৰীৰৰ জোৰত ইমানখিনি পালোঁহি। এতিয়া ভাল জনা মানুহৰ নিয়মীয়া সহায় লৈ নিজৰ বেগ বঢ়াব লাগিব। জীৱনত অন্ততঃ এবাৰ ফুল মাৰাথন দৌৰিম – এয়াই আশা। এই আশা পূৰণ হ’লে বৰ শান্তিৰে মৰিব পাৰিম।




Monday, 20 September 2021

৭৫ বছৰীয়া স্বাধীনতাই আমাক কি দিলে?

 ৭৫ বছৰীয়া স্বাধীনতাই আমাক কি দিলে? এই প্ৰশ্নটোৰ আমিবিলাক সকলো ভাৰতীয়ই হ’ব পাৰে যদিও তাক অসমীয়া বুলি ধৰি লৈ আলোচনা কৰাটো বৰ বেছি দৰকাৰী হৈ পৰিছে। স্বাধীনতাৰ পৰা এতিয়ালৈকে দেখাত কিছুমান উন্নতি হৈছে – বিশ্ববিদ্যালয়কে ধৰি কিছু ভাল শিক্ষানুষ্ঠান হ’ল, কমকৈ হ’লেও কিছু প্ৰযুক্তিবিদ্যাৰ প্ৰয়োগ হ’ল, ভাষা-সংস্কৃতিৰ ক্ষেত্ৰত কিছু স্বীকৃতি পোৱা গ’ল ইত্যাদি। পিছে ৭৫ বছৰ আগৰ দেশৰ এখন ধনী ৰাজ্য অসমক আজি তলৰ ফালৰ পৰা গন্তি কৰিলে সোনকালে পোৱা যায়। অসমৰ দুটা ডাঙৰ উদ্যোগ – চাহ আৰু তেল – বৃটিছে কৰি যোৱা। কেৱল অৰ্থনীতিয়েই উন্নতিৰ মাপকাঠী নহয় কিন্তু ক্ৰিয়া-কলা-সংস্কৃতি ইত্যাদিতো আমাৰ সফলতাই ৰজনজনাই যোৱা নাই। ৰাজনৈতিক স্বাধীনতা বৰ গুৰুত্বপূৰ্ণ কিন্তু তাতকৈও বেছি গুৰুত্বপূৰ্ণ নিজৰ কিছুমান মাৰাত্মক দোষৰ পৰা মুক্তি পোৱাটো। বানপানী, অবৈধ প্ৰবজনকাৰী, সন্ত্ৰাসবাদ, এটা আওকলীয়া শিক্ষাব্যৱস্থা ইত্যাদি, আপাততঃ আমাৰ সমস্যা কিন্তু আমাৰ ভয়, এলাহ, পৰমুখাপেক্ষীভাৱ, অদূৰদৰ্শিতা – এইবিলাক আমাৰ সমস্যাৰ মূল। পিছে এইবিলাক ইমান মৌলিক দোষ যে এইবিলাকৰ পৰা পৰিত্ৰাণ পোৱা ইমান সহজ নহয়। কিন্তু ক’ৰবাততো আৰম্ভ কৰিব লাগিব! আমাৰ সমস্যা ইমান যে আমাৰ সমস্যা কি তাক লৈ কোনো ডাঙৰ আলোচনাৰ প্ৰয়োজন নাই। এতিয়া কামৰ সময়। মাত্ৰ দুটা কথাৰ পৰা আৰম্ভ কৰিব পাৰি – আমি সকলোৱে পণ কৰিব লাগিব যে যিকোনো শ্ৰমৰ প্ৰতি আমি শ্ৰদ্ধাশীল হ’ম আৰু দ্বিতীয়তে যি মুঠি বুদ্ধিমান, সফল, কৰ্মী অসমীয়া আছে, তেওঁলোক অসম বা দেশ, বিদেশৰ যি ঠাইতে নাথাকক কিয়, তেওঁলোক মাৰ বান্ধি থিয় হ’ব লাগিব অসমৰ উন্নতিৰ বাবে – তেওঁলোকে নখ জোকাৰিলে নৈ ব’ব। ড° ভূপেন হাজৰিকা, ড° ভবেন্দ্ৰনাথ শইকীয়া – যোৱা ৭৫ বছৰৰ দুজন অমূল্য ৰত্ন – কেৱল নিজৰ কথা ভবা হ’লে আমেৰিকা, ইংলেণ্ডত গজগজীয়া হৈ থিতাপি লাগিব পাৰিলেহেঁতেন। কিন্তু তেখেতসকলে নিজৰ জীৱন অসমৰ সেৱাৰ কাৰণে উৎসৰ্গা কৰি জাতিৰ ভেটি ধৰি ৰাখিলে। আজিৰ প্ৰবাসীখিনি বাৰু অসমলৈ ঘূৰি যাব নেলাগে – দূৰৰপৰাও আজিকালি বহু কাম কৰিব পাৰি। বহুতে ইতিমধ্যে কৰি আছেও। তাকে আৰু পদ্ধতিগত, সন্মিলিত, নেৰানেপেৰা এক ফলপ্ৰসূ প্ৰচেষ্টালৈ ৰূপান্তৰ কৰিলে আৰু তাৰ লগতে সকলোৱে সকলো ধৰণৰ শ্ৰম আগবঢ়ালে আমাৰ ভৱিষ্যত বৰ উজ্জ্বল হ’ব। স্বাধীনোত্তৰকালত আমি বহুকেইটা আন্দোলন কৰিলো। আন্দোলনবিলাকৰ লক্ষ্য মহান আছিল কিন্তু পথ আৰু ফলাফল চিন্তনীয়। আজি আমি আকৌ আন্দোলন কৰিব লাগিব। কিন্তু এইবাৰ বেলেগ আন্দোলন হ’ব – সকলো ভাৰতীয়ৰ লগতে সকলো ক্ষেত্ৰতে সমানে ফেৰ মাৰি কৰা এক সহযোগিতাৰ আন্দোলন। এই আন্দোলন অসহযোগ আন্দোলনতকৈ বেছি কঠিন হ’ব। আমি পাৰিম – এয়াই একান্ত আশা।

('দৈনিক অগ্ৰদূত' বাতৰিকাকতৰ 'খোলামঞ্চ'  শিতানৰ বাবে লিখা)

Monday, 5 April 2021

আপোনাৰ মতে জীৱনৰ সংজ্ঞা কি ? আপুনি প্ৰভাৱান্বিত হোৱা ব্যক্তি, গ্ৰন্থ আৰু তত্ব কোনটো?

 

ডাঙৰ ডাঙৰ মনীষীয়ে গোটেই জীৱন চলাথ কৰিও বিচাৰি নোপোৱা বস্তুটো হৈছে জীৱনৰ সংজ্ঞা। গতিকে মই এতিয়া সেই সংজ্ঞা দিবলৈ যোৱাটো অলপ দুঃসাহসিক, অলপ হাঁহি উঠা কথা। কিন্তু যিকোনো বস্তুৰে এটা সৰল আৰু এটা পুংখানুপুংখ, জটিল অৱলোকন হ’ব পাৰে। জীৱনৰ সংজ্ঞা বিচাৰি এটা সৰল প্ৰচেষ্টাকে কৰা যাওক।

 

প্ৰত্যেকটো জীৱন আচলতে চাবলৈ গ’লে বৰ ক্ষুদ্ৰ, গুৰুত্বহীন। গুৰুত্ব বাঢ়ে মানুহ এজনে কৰি যোৱা কামৰ জৰিয়তে। যিমান ডাঙৰ কাম, জীৱন সিমানেই  বেছি তাৎপৰ্য্যপূৰ্ণ হয়।  ভেন্‌  গগক ছবিয়ে, নিউটনক যুগান্তকাৰী বৈজ্ঞানিক তত্বৰ আৱিষ্কাৰে, লতা মংগেশকাৰক তেখেতৰ সুমধুৰ গীতে মহান কৰিছে। এনে উদাহৰণ আৰু বহুত দিব পাৰি।

 

কৰ্ম্মই ধৰ্ম্ম। ভাল কাম কৰিবলৈ প্ৰথমে নিজৰ গুণ চিনাক্ত কৰিব পাৰিব লাগিব। সেই গুণৰ উৎকৰ্ষ সাধন কৰা আৰু তাৰ জৰিয়তে নিজৰ লগতে সকলোৰে সেৱা কৰি যোৱাটোৱেই জীৱন।

 

এতিয়া দ্বিতীয় প্ৰশ্নটোলৈ আহো। বহু গুণীলোকৰ বিষয়ে শুনিলো, জানিলো, পঢ়িলো। বহুতৰপৰাই অনুপ্ৰাণিত হ’লো। কিন্তু তাৰে ভিতৰত কেইজনমান মানুহে জীৱন এনেকৈ সন্মোহিত কৰি আছে যেন তেওঁলোকতেই মোৰ জীৱন আৰম্ভ আৰু তেওঁলোকতেই শেষ। প্ৰথমে উল্লেখ কৰিবলৈ ওলাইছো সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাদেৱৰ কথা। তেখেতৰ কথা ক’ৰপৰা আৰম্ভ কৰি ক’ত শেষ কৰিম! গতিকে কেৱল এটা গানৰ জৰিয়তেই তেখেতৰ প্ৰভাৱৰ কথা লিখিবলৈ ওলাইছো।

 

প্ৰায় চল্লিশবছৰমান আগৰ কথা। মই খুব সম্ভৱ স্কুললৈ যোৱাই নাই। বহাগ বিহুৰ সময়। আমাৰ মৰিকলং গাঁৱৰ প্ৰাথমিক বিদ্যালয়ৰ ওচৰত বিহু পাতিছে। বাইদেউৰ হাতত ধৰি মই বিহুতলীলৈ গৈছো। তাত গান এটা বাজি আছিল, “আমি অসমীয়া, নহও দুখীয়া. . .”। গানটো মই একো বুজা নাই কিন্তু শুনি মোৰ বৰ ভয় লাগিছে। মই বাইদেউৰ হাতত জোৰকৈ খামুচি ধৰিছো। এসময়ত গানটো শেষ হ’ল কিন্তু মোৰ মনৰ পৰা নাতৰিল। তাৰ পাছত যেতিয়াই গানটো শুনো তেতিয়াই ভয় লাগে, বিশেষ একো বুজি নেপাও কিন্তু মই নুশুনাকৈ থাকিবও নোৱাৰো।

 

বুজা হোৱাৰ পৰা গম পালো, এয়াটো আমাৰ অসমীয়াৰ জাগৰণী গীত - The Awakening Song। “আজিৰ অসমীয়াই নিজক নিচিনিলে অসম ৰসাতলে যাব”, “বিভেদ পৰিহৰি নিজ হাতে শ্ৰম কৰি দেশক নগঢ়িলে এই দেশ হ’ব নিঃশেষ”, “তুমি বিশ্বৰ শৰীৰত পংগু অংগ হ’লে বিশ্বই জানো ভাল পাব”, “পৃথিৱীত জনমি সচেতন নহ’লে প্ৰাপ্যও থিতাতে হেৰাব” – থলুৱা, নতুন অসমীয়া, বিশ্বপ্ৰেম বিনন্দীয়া বুলি ভবা অসমীয়া – সকলোৰে বাবে কিমান সকিয়নী! মোৰ মতে প্ৰত্যেক ঘৰ অসমীয়া মানুহে দিনে অন্ততঃ এবাৰ এই গীতটো প্ৰাৰ্থনাৰ দৰে শুনিব লাগে, অনুধাৱন কৰিব লাগে আৰু সেইমতে চলিব লাগে।

 

“আমি অসমীয়া” গীতটো অসমীয়াৰ সংজ্ঞাবহনকাৰী গীতো –

“প্ৰতি অসমীয়া

আমি ভাল ভাৰতীয়

আৰু লুইতৰ পাৰৰে মাটিক মাতৃ বোলা

প্ৰতি ভাৰতীয় হ’ল নতুন ৰূপৰ অসমীয়া

আমি সেইভাৱে থাকিলেই হ’ব

 

গানটো আজিও শুনিলে মোৰ গাৰ নোম দাল দাল হয়, চকু সেমেকি উঠে !

এয়া হাজৰিকাদেৱৰ কেৱল এটা গানৰ প্ৰভাৱ। তেখেতৰ গোটেই অৱদানৰ কথা ভাবকচোন ! ১৯৪৮ চনতে নিউয়ৰ্কত ডক্টৰেট কৰিবলৈ ল। সেইখিনি সময়তে কেলিফৰ্নিয়াত এম, জি, এম, কোম্পানীত চাকৰিও কৰিলে। কেৱল নিজৰ কথা ভবা লে তাতে থিতাপি লৈ থাকিলেহেঁতেন কিন্তু ঘূৰি আহি নিজৰ কামেৰে মাতৃভূমিৰ নাম উজ্জ্বলাই আমাৰ দৰে হাজাৰ বিজাৰৰ জীৱনৰ দিশেই সলনি কৰি থৈ ল।

 

দ্বিতীয়জন ব্যক্তি হিচাবে লিখিবলৈ ওলাইছো বাপুজী মহাত্মা গান্ধীৰ বিষয়ে। এজন সাধাৰণ মানুহে সাধাৰণ যেন লগা কামেৰে অসাধ্য সাধন কৰি যোৱাৰ ভাল উদাহৰণ আমাৰ জাতিৰ পিতাতকৈ হয়তো পৃথিৱীত কোনো নাই। বৰ বেছি মেধাৱী মানুহ নহয়, শাৰীৰিক অৱয়বো সাধাৰণ কিন্তু তেখেত আছিল সহমৰ্মিতাৰ (Empathy) সাগৰ, অত্যন্ত সৎ আৰু কোনো এটা কামত নেৰানেপেৰাকৈ লাগি থাকিব পৰা গুণৰ গৰাকী। সেয়ে সাধাৰণ হৈয়ো সৰু-বৰ সকলোকে এক গোট কৰিব পাৰিছিল, ব্ৰিটিছৰ দৰে ইমান ডাঙৰ শক্তিকো খেদাই পঠাব পাৰিছিল।

কিন্তু আজি তেখেতক বহুতে পাহৰিবলৈ ধৰিছে। সেই দুখতে ৰবাত মাজতে লিখিছিলো

 

তোমাৰ ছবিৰে জিলিকিছে বেংকৰ  নোট

তোমাৰ নামেৰে ৰাস্তা অজুত ।।

কিন্তু তোমাৰ আদৰ্শ উঠিছে ধোঁৱা চাঙত

ঘৰতে হৈছা পৰ,

তোমালৈ বহুতৰে নপৰে মনত ।।

ৰাষ্ট্ৰীয়তাবাদীৰ মুখা পিন্ধাহঁত আৰু,

তোমাৰ নামেৰে নিজকে ধনী কৰাহঁতৰ

তোমাক অপ্রাসংগিক কৰাত মনোযোগিতা

তোমাক  দোষী সজোৱাৰ চলিছে যেন প্ৰতিযোগিতা।।

পিছে যেতিয়ালৈকে মূল্য আছে সততা আৰু অহিংসাৰ,

তুমি জীয়াই থাকিবা অন্ততঃ ʼৰবাৰ চুক কোণত।

তাৰ পৰা এদিন তোমাৰ আদৰ্শ

আকৌ বিয়পিব সমগ্ৰ দেশত ।।

 

হয়আশা এইখিনিতে যে মহাত্মা গান্ধীৰ আদৰ্শৰ মৃত্যু নোৱাৰেএদিন  আকৌ সি জিলিকি উঠিব।

 

তৃতীয়জন ব্যক্তিৰ কথা হয়তো মই গোটেই জীৱন লিখি থাকিলেও শেষ নহব। প্ৰথম দুগৰাকীৰ তুলনাত এখেত সিমান বিখ্যাত নহয় কিন্তু মই যিফালে খোজ দিও মোৰ এনে লাগে যেন মই তেখেতকে দেখা পাও। তেখেত হৈছে ডঃ ভবেন্দ্ৰনাথ শইকীয়াঅসমীয়া কলা-সাহিত্য জগতৰ কাণ্ডাৰী পুৰুষ। লগতে Electron diffraction study of thin films-অৰ দৰে কঠিন বিষয়ত ডক্টৰেট উপাধি লোৱা, পদাৰ্থ বিজ্ঞানৰ খুব ভাল অধ্যাপকো। গল্প, উপন্যাস, নাটকলেখক হিচাবেই তেখেতৰ অৱদান কিমান। সুক্ষ্মাতিসুক্ষ্ম পৰ্য্যবেক্ষণেৰে তেখেতৰ দৰে চুটি গল্প লিখা দ্বিতীয় এজন লেখক মই গোটেই পৃথিৱীতে আজিলৈকে বিচাৰি পোৱা নাই। তেখেতৰ বহুমূলীয়া চিনেমাকেইখনৰ ভিতৰত অগ্নিস্নানৰ কথাকে কওঁনাৰী শক্তিৰ ইমান সাৱলীল উপস্থাপন কৰিবলৈ মানুহজন কিমান সাহসী আৰু দিগদৰ্শী লাগিব ভাবিব পাৰেনে ? বা সম্পূৰ্ণ বেলেগ বিষয়ত এটা বেলেগ মাধ্যম ৰেডিওৰশান্ত-শিষ্ট, হৃষ্ট-পুষ্ট, মহাদুষ্টশুনাৰ যি বিমল আনন্দ, তাক শব্দেৰে কেনেকৈ প্ৰকাশ কৰো? প্ৰান্তিক, সঁফুৰা, আৰোহণ, কলাক্ষেত্ৰৰ কথা নকলোৱেইবা! নিজৰ দুৰাৰোগ্য বেমাৰৰ কথা শুনিও ডাক্টৰলৈ এই প্ৰশ্নহে কৰিছিল যে তেখেতৰ হাতত আৰু কিমান সময় আছেযাতে তাৰ সদ্ব্যৱহাৰ কৰি অসমীয়াৰ আৰু সেৱা কৰি যাব পাৰে।

 

অসমীয়া জাতি যদি নিজৰ ভাষা-সংস্কৃতিৰ সৈতে আৰু ৫০-১০০ বছৰ সঁচায়ে জীয়াই থাকে আৰু সেই প্ৰজন্মৰ কোনোৱে অতীতলৈ উলটি চায় তেতিয়া হয়তো আচৰিত যে এজন মানুহে নিজৰ জীৱনকালত নিজৰ জাতিৰ কাৰণে ইমানখিনি কেনেকৈ কৰি যাব পাৰে! সেয়াই ডঃ ভবেন্দ্ৰনাথ শইকীয়াপ্ৰকৃতাৰ্থত মহান পুৰুষ। অসমীয়াই আজিও তেখেতৰ সঠিক মূল্যায়ন কৰা নাই। তেখেতক আমি অসম সাহিত্য সভাৰ সভাপতি নেপাতিলো, ভাৰতবৰ্ষৰ স্তৰলৈ ভালদৰে লৈ নগলো। ভাৰত চৰকাৰে তেখেতক দিছে মাথোন পদ্মশ্ৰী উপাধি। তেখেত ভাৰত ৰত্ন পাবৰ যোগ্য।

 

ওপৰোক্ত তিনিওগৰাকী বিখ্যাত লোক। কিন্তু আমাৰ জীৱনৰ একেবাৰে কাষতে থকা বিখ্যাত নোহোৱা কিছু লোকেও মচিব নোৱাৰা প্ৰভাৱ পেলাই যায়। মোৰ জীৱনৰ তেনে দুজন ব্যক্তি মোৰ সৰু খুড়া শ্ৰীযুত হেমন্ত বৈদ্য আৰু মোৰ মামা প্ৰয়াত সঞ্জীৱ বৰদলৈ। আনৰ সুখৰ কাৰণে নিজৰ জীৱন হাঁহি মনেৰে বিলাই দিয়াৰ দুটা সুন্দৰ উদাহৰণ মোৰ খুড়া আৰু মোৰ মামা। গছপুলি এটা পানী, মাটি, সাৰেৰে ৰসাল, জীপাল কৰি তোলাৰ দৰে আমাৰ শৈশৱ তেখেতসকলে মনোৰম কৰি তুলিছিল। তাতেই আমাৰ জীৱন ঠন ধৰি উঠিছিল। তেখেতসকলৰ প্ৰভাৱ আমাৰ জীৱনত সদায় থাকিব।

 

বহু গুণী ব্যক্তিৰ বিষয়ে যিদৰে জানিছো, শুনিছো, সান্নিধ্যলৈ আহিছো, ঠিক তেনেদৰেই বহু কিতাপেও মন চুই গৈছে। তাৰে তিনিখনৰ কথা উল্লেখ কৰো।

 

ভাগৱত গীতা – ৭০১ টা শ্লোকৰ এইখন গ্ৰন্থই ধৰ্ম্মৰ পৰা জীৱন দৰ্শন সকলো সামৰি লৈছে। আচলতে হাজাৰটা ধৰ্ম্মৰ সমষ্টি হিন্দু ধৰ্ম্মক যি কেইটামান বস্তুৱে এক কৰে তাৰ অন্যতম এই ভাগৱত গীতা। মই গীতা সম্পূৰ্ণকৈ পঢ়া নাই – ক’ৰবাত একাংশ পঢ়িছো, ক’ৰবাত সাৰাংশ পঢ়িছো। কিন্তু ভাগৱত গীতাৰ প্ৰভাৱ আজীৱন প্ৰত্যেক মুহূৰ্ত্ততে থাকিব। হয়তো সেই প্ৰভাৱক আটাইতকৈ ভালকৈ চিহ্নিত কৰে তল শ্লোক ফাকিয়ে -

 

কৰ্ম্মণ্যেৱাধিকাৰস্তে মা ফলেষু কদাচন।

মা কৰ্ম্মফলহেতুভূৰ্ম তে সংগোৎস্ত্বকৰ্ম্মণি।।

কৰ্ম্মতেই আমাৰ অধিকাৰ, কৰ্ম্মফলত নহয়। কৰ্ম্ম ফলেৰে উদ্বুদ্ধ নহ’বা কিন্তু কৰ্ত্তব্যপালনৰ পৰা কেতিয়াও পিচ নুহুহুকিবা।

 

বাকী দুখন কিতাপ মোক প্ৰভাৱান্বিত কৰা দুজন ব্যক্তিৰ সৈতে জড়িত।

‘The Life of Mahatma Gandhi’ – আমেৰিকান লিখক লুই ফিচাৰে লিখা। মহাত্মাৰ জীৱনক ইমান সৰল অথচ সাৱলীল ভাবে উপস্থাপন কৰিছে যে যিয়েই এইখন কিতাপ পঢ়িছে তেওঁ হয়তো আৰু কেতিয়াও বাপুক পাহৰিব পৰা নাই। আজিৰ যুগত য’ত বহুতেই মহাত্মা গান্ধীলৈ আঙুলি টোঁৱাবলৈ লৈছে, সকলোৱে এইখন কিতাপ পঢ়া উচিত – পঢ়ি বুজক তেখেতে কেনেকৈ নিজৰ জীৱনেৰেই নিজৰ বাণী প্ৰচাৰ কৰি গৈছে। কথা ক’বলৈ সহজ কিন্তু নিজে কোৱা কথা নিজে পালন কৰি উদাহৰণ দিয়াটো সহজ নহয়। আজি বহুতেই ‘An eye for an eye’ত বিশ্বাস কৰা যেন লাগে। কিন্তু সেই মত পোষণ কৰি চলিলে গোটেই পৃথিৱীয়েই এদিন অন্ধ হ’বগৈ – মহাত্মা গান্ধীয়ে তাকে বুজাব খুজিছিল।

লুই ফিচাৰৰ এই কিতাপখনৰ পৰা অনুপ্ৰাণিত হৈয়েই ৰিচাৰ্ড এটেনব’ৰ’ই  ‘গান্ধী’ চিনেমাখন বনাইছিল।

 

তৃতীয় কিতাপখন হৈছে ডঃ ভবেন্দ্ৰনাথ শইকীয়াৰ আত্মজীৱনী ‘জীৱন বৃত্ত’। মোৰ মানত এইখন কিতাপ হাজাৰ বাধা নেওচি, নিজৰ গুণৰ সদ্‌ব্যৱহাৰেৰে সমাজ সেৱাৰ উদ্দেশ্যমুখী এক জীৱন যাপনৰ দলিল। নগাঁৱৰ পৰা লণ্ডন, বিজ্ঞানৰ পৰা সাহিত্য, ল’ৰা-ধেমালিৰ পৰা সমাজ সেৱালৈকে – সকলো আছে এইখন কিতাপত। কোনো লুকঢাক নকৰাকৈ সকলো কথা সন্নিবিষ্ট কৰিছে তেখেতে। কিতাপখনে আমাক বহু বিপদৰ মাজতো সৎ হ’বলৈ, ভাল হ’বলৈ, নিজৰ গুণৰ উৎকৰ্ষ সাধনৰ নেৰানেপেৰা চেষ্টা কৰি যাবলৈ, দহজনৰ হিত সাধন কৰিবলৈ অনুপ্ৰেৰণা যোগায়।

 

কিতাপখন অতি বেছি ভাল লগাৰ আৰু এটা কাৰণ এয়ে যে শইকীয়াদেৱো নগঞাঁ, ময়ো নগঞাঁ। এই ফৌজদাৰী পটি, মাৰোৱাৰী পটি – নামবিলাক দেখিলেই সকলো চকুৰ আগলৈ ভাঁহি আহে। আনকি আমাৰ মৰিকলং গাঁৱৰ নামো উল্লেখ আছে। সৰুকালৰ কথাত তেখেতে লিখিছে,”ডাঙৰিবোৰ মৰণা মাৰোতে গৰুৰ পিছে পিছে ঘূৰি থকাতো মোৰ কাৰণে এটা ফূৰ্ত্তিৰ কাম আছিল।” মই নিজেও সৰুকালত সেই একেটা কামকে কৰিছো। গৱৰ্ণমেণ্ট বয়জ হাইস্কুলৰ ঘণ্টা লগোৱা গম্বুজৰ তলত ৰৈ তেখেতে স্কুলীয়া জীৱনৰ শেষ মুহূৰ্ত্তকেইটামানৰ স্মৃতি গোটেই জীৱনলৈ গোটাইছে। একেখন স্কুলৰে ছাত্ৰ হিচাবে সেই গম্বুজৰ গাম্ভীৰ্য, সেই স্কুলৰ প্ৰতি এক মন্দিৰ ধৰণৰ ভাব আমাৰ মনত আজিও সোমাই আছে। এই সৰু সৰু কথাবিলাকৰ কাৰণেও এইখন কিতাপ মোৰ জীৱনৰ অভিন্ন অংগ হৈ থাকি গ’ল।

 

শেষত মোক প্ৰভাৱান্বিত কৰা তত্বএইক্ষেত্ৰত মোৰ বাবে ধৰ্ম্ম, দৰ্শন, বিজ্ঞান সকলো একাকাৰ হৈ পৰে। সকলোৰে উৎস এক, অৱশেষত সকলো এক  - এই মূলৰ যিকোনো তত্বৰ লগতে মই একাত্মবোধ কৰো। আইনষ্টাইনে কৈ যোৱা এটা অতিশক্তি (One Superpower), আজিৰ বিজ্ঞানীসকলে বিচৰি থকা Theory of Everything‘, হিন্দুধৰ্ম্মৰ ব্ৰাহ্মণ (বিশ্বব্ৰহ্মাণ্ড সৃষ্টিৰ চৰম তত্ব) আৰু আমাৰ মহাপুৰুষজনাৰ এক শৰণ নাম ধৰ্ম্মমোৰ কাৰণে সকলো একে সত্যৰে বেলেগ বেলেগ ৰূপ। এই একীকৰণ তত্বৰে উদ্বুদ্ধ হৈ বিভেদ পাহৰি আমি এক হৈ থাকিব লাগিবতাৰেই একান্ত আশা।