গাঁৱৰ পৰিবেশত পঢ়া-শুনাৰ লগতে সমানে খেল ধেমালিৰে পাৰ হোৱা আমাৰ শৈশৱ। সেই ব্যৱস্থা থাকিল অষ্টম শ্ৰেণী মানলৈকে। তাৰ পাছত পঢ়াৰ জোৰ বাঢ়ি আহি যি ব্যস্ততা আনি দিলে সি কেতিয়াও শেষ নহ’ল – কেতিয়াবা মেট্ৰিক, কেতিয়াবা হায়াৰ চেকেণ্ডেৰী, কেতিয়াবা এণ্ট্ৰেন্স পৰীক্ষা, কেতিয়াবা ইঞ্জিনীয়াৰিঙৰ পৰীক্ষা আৰু তাৰ পাছত অনন্ত কালৰ বাবে কৰপ’ৰেটৰ প্ৰতিযোগিতা। তাৰ মাজত সেই অকমান শৰীৰ চৰ্চ্চা সম্পূৰ্ণ ৰূপে হেৰাই গ’ল। বহুতে তাৰ মাজতে কৰি থাকে – মোৰ নহ’ল। মোৰ দেউতাই জীৱনৰ শেষলৈকে নিয়মীয়াকৈ পঢ়া-শুনাৰ লগতে শাৰীৰিক পৰিশ্ৰম কৰিছিল। মই বাংগালোৰত থকাৰ দিনলৈকে দেউতাই মোক কৈ কৈ হাৰি গ’ল – দৈনিক ৰুটিনত মই শৰীৰ সম্পৰ্কীয় অনুশীলনক ভৰাব নোৱাৰিলো। তাৰ বাবে মই কাকো দোষ দিয়া নাই – নিজকে দিছো।
২০১৬ চনত হলেণ্ডলৈ
অহিলো। ডেকা-বুঢ়া নিৰ্বিশেষে দেহাটো সুস্থ আৰু সক্ষম কৰি ৰাখিবলৈ যিমান কিবা কিবি কৰে
– এই চাইকেল চলালে, বহুত খোজ কাঢ়িলে, দৌৰিলে ইত্যাদি, তাক দেখি তবধ মানিলো। খুব সোনকালে
নিজেও নিয়মীয়াকৈ চাইকেল চলাবলৈ আৰম্ভ কৰিলো। পিছে যোৱা বছৰলৈকে কেৱল চাইকেল চলোৱা আৰু
মাজে মাজে অলপ খোজ কঢ়াৰ বাহিৰে আৰু শৰীৰ চৰ্চ্চাৰ নামত একো নহ’ল। কেতিয়াবা অকমান দূৰ
দৌৰো কিন্তু অলপ দেৰিৰ পাছত হেপাই ফোপাই অৱস্থা নোহোৱা হয়।
২০২০ চনৰ অক্টোবৰ
মাহ। কৰণাৰ কাৰণে হলেণ্ডৰ আইণ্ডহভেন চহৰৰ (য’ত আমি থাকো) মাৰাথন দৌৰ বাতিল হ’ল। কিন্তু
গম পালো মাৰাথন হ’বলগীয়া দিনটোতে বন্ধু এজনে অকলেই হাফ মাৰাথন দৌৰিলে। খবৰটো শুনি বৰ
উৎসাহিত হ’লো। বন্ধুৰ লগত কথা পাতিলো – বোলো মোকো শিকা। তেওঁ এযোৰ ভাল দৌৰিব পৰা জোতা আৰু বতৰ অনুকূলে পিন্ধিব
পৰা কাপোৰৰ কথা ক’লে। ইতিমধ্যে শ্ৰীমতিয়ে মোক দুয়োটা বস্তু জন্মদিনৰ উপহাৰ হিচাপে দিছিল।
গতিকে সেইবোৰ পিন্ধি এদিন ৰাতিপুৱা বন্ধুৰ লগত দৌৰিবলৈ ওলালো।
তেওঁ প্ৰথম
পাঠ দিলে – লাহে লাহে দৌৰিবি তেতিয়া বেছি দৌৰিব পাৰিবি। হয়তো – ১০০ মিটাৰ বিজুলী বেগে
দৌৰিতো মই উচেইন ব’ল্ট হ’ব খোজা নাই! এয়া common sense -অৰ কথা – কিন্তু দুখ লগাকৈ common
sense বহুত সময়ত ‘common’ নহয়। বাৰু সি যি কি নহওক, সেইদিনা লাহে
লাহে ৫ কিঃমিঃ দৌৰিয়েই অৱস্থা কাঢ়িল হৈ গৈছিল। এই পেটৰ ওচৰতে খোচ মাৰি ধৰিলে, এই ভৰিয়েই
বিষালে, এই কঁকালেই অকমান থৰথৰাই গ’ল। বন্ধুৱে ক’লে, “সৱ আওকাণ কৰ। দৌৰি থাক।” দৌৰাৰ
শেষত একেবাৰে লেবেজান হৈ গৈছিলো।
তাৰ পাছত আকৌ
দুমাহমান একেবাৰে একো নাই। ২০২০-অৰ শেষৰ সপ্তাহত এদিন অত্যন্ত লাহে লাহে ১১ কিঃমিঃ
একেৰাহে দৌৰিলো। খুব সাহ পালো কিন্তু নানা ঘৰুৱা লেঠাত ২০২১ চনৰ আগষ্ট মাহলৈকে দৌৰা
আকৌ বন্ধ। এনেকুৱা বন্ধ যে আমাৰ বন্ধ আহ্বান কৰোতা সকলে তেনেকুৱা হ’লে ‘বন্ধ সৰ্বাত্মক’
হোৱা বুলি ক’ব! পিছে এইখিনি সময়তে এটা ভাল কথা হ’ল। বন্ধু আৰু মই দুয়ো নতুন ঘৰ ল’লো
আৰু আমাৰ ঘৰো হ’ল একেবাৰে ওচৰা-ওচৰি। মই এই সুবিধা নেৰিলো। তেওঁক ক’লো – আকৌ দৌৰিবলৈ
আৰম্ভ কৰিব লাগে। কৰিলো – প্ৰথমে দুদিনমান নিজে ৪-৫ কিঃমিঃ মান, তাৰ পাছত একেলগে ৬
আৰু তাৰ পাছত ৯ কিঃমিঃ, ১০ কিঃমিঃ এনেকে। তেতিয়ালৈকে মনত বহুত সাহস পালো আৰু সেই সাহসতে
আইণ্ডহভেন হাফ মাৰাথন মানে ২১.১
কিঃমিঃ দৌৰিবৰ কাৰণে নাম লিখি আহিলো। সপ্তাহত এদিনমানকৈ দৌৰি থাকিলো – ১২,১৮, ২২,
১৯ কিঃমিঃ – আৰু এদিন আইণ্ডহভেন মাৰাথন আহি উপস্থিত হ’ল। কৰণাৰ পাছত এইটো অঞ্চলৰ
প্ৰথম ইমান ডাঙৰ অনুষ্ঠান – গতিকে মানুহৰ আশা, উদ্যমে পাৰ নোপোৱা হ’ল।
১০ অক্টোবৰ
২০২১, বিয়লি ২:৩০ বজাত আমাৰ হাফ মাৰাথন আৰম্ভ হ’ল। হঠাতে অহা বানৰ ধলৰ নিচিনাকৈ
হাজাৰ হাজাৰ মানুহে ধপ ধপাই যাত্ৰা আৰম্ভ কৰিলে। প্ৰথম কেই কিলোমিটাৰমান সকলোৰে বেছ
জোৰ। তাৰ পাছত লাহে লাহে আচল দৌৰবিদসকল বহু আগবাঢ়ি গ’ল। আমিবিলাক পিছ পৰি ৰ’লো আৰু
মানুহবিলাকৰ দৌৰৰ বেগ ইমান ভিন্ন হ’ল যে মানুহৰ সেই বানৰ ধল এটা কুলু কুলু ধ্বনিৰে
বৈ থকা দীঘল কিন্তু ঠেক নিজৰাৰ দৰে হ’ল।
‘Cold country, cold people‘ – এই
অঞ্চলৰ মানুহক উদ্দেশি কৰা এনে এষাৰ কথা কেতিয়াবা ক’ৰবাত শুনিবলৈ পোৱা যায়। কিন্তু
সেইদিনা এই ‘cold people’ বিলাকে
প্ৰায় গোটেই ২১.১ কিঃমিঃ
ৰাস্তাৰ কাষৰ পৰা আমাক যি উষ্ম উৎসাহ যোগালে – অচিনা, অজানা মানুহৰ পৰা তেনে
উদগণি আজিলৈকে পুণ্যতীৰ্থ ভাৰতবৰ্ষতো পোৱা নাই। T-Shirt-অৰ সমুখত লিখি থোৱা নাম পঢ়ি মোক কিমানে
ক’লে,”সৌৰভ, তুমি বিৰাট ভাল কৰি আছা। তুমি পাৰিবা! তুমি পাৰিবা!” সেই উৎসাহৰ লগতে ঠায়ে
ঠায়ে সংগীতৰ আয়োজন – ডাঙৰ চাউণ্ডবক্সৰ পৰা বাজি অহা গানবিলাকে যেন বহুত শক্তিহে দি
গৈছিল। আৰু কেৱল চাউণ্ডবক্সহে নে ? কততা live-band আছিল – ইউৰোপৰ পৰা আৰম্ভ কৰি দক্ষিণ আমেৰিকাৰ বেণ্ডলৈকে।
Live-band বোৰ দেখি মোৰ
ইমান ভাল লাগিছিল যে প্ৰত্যেক বেণ্ডকে মই দৌৰি দৌৰিয়েই চেলুট কৰিছিলো। Live-band-অতে কথা শেষ হৈছিল এনে নহয় – এঠাইত আইতা এজনীয়ে পাকঘৰৰ বাচন
বেলনা মাৰিৰ নিচিনা কিবা এডালেৰে বজাই বজাই আমাক প্ৰেৰণা দি আছিল।
প্ৰত্যেক দুই-তিনি
কিঃমিঃ-অৰ মূৰে মূৰে আছিল শীতল পানীয়ৰ ব্যৱস্থা – মানে মানহু দৌৰি আছে তাতে আহি হাতত
এগিলাচ দি গৈছে। আকৌ মাজে মাজে কলৰো ব্যৱস্থা! অভ্যাস কৰাৰ সময়ত পানী খোৱা, কল খোৱাৰ
মোৰ কথাই নাছিল। কিন্তু মই দৌৰিছিলো সদায় সন্ধিয়াৰ পৰা ৰাতিৰ সময়লৈ অৰু সেইদিনা আছিল
এইটো অঞ্চল আৰু এইটো সময়ৰ পৰিপ্ৰেক্ষিতত টিকা ফটা ৰ’দ! লগতে দৌৰাৰ আগদিনা গাটো ভাল
লাগি থকা নাছিল – এটা পেৰাচিটামল খাব লগা হৈছিল। দৌৰাৰ দিনা গাটো বেয়া লাগি থকা নাছিল
যদিও হয়তো সম্পূৰ্ণ সুস্থ নাছিলো। এই দুয়োটা কাৰণ মিলাই সেইদিনা মোৰ ভাগৰ আৰু পিয়াহ
বহুত বেছি লাগিছিল। গতিকে প্ৰথম পাঁচ কিঃমিঃমান বাদ দি তাৰ পাছত য’তেই পানীয় পাইছিলো
খাইছিলো – পানী পালে ভাল লাগিছিল – নেমুপানী পালে আৰু ভাল লাগিছিল। এঠাইত এটুকুৰা
কল খাইছিলো – এনে সুস্বাদু আৰু শক্তিদায়ক কল যেন মই আৰু জীৱনত কেতিয়াও খায়েই পোৱা নাই!
ডেকা, বুঢ়া-মেথা
কিমান দৌৰা মানুহ দেখিলো। তাৰ মাজতে আছিল এহাল ককাক আৰু নাতিনীয়েকৰ যোৰা। তেওঁলোক
মোতকৈ অলপ বেছি জোৰেৰে দৌৰে কিন্তু অলপ দূৰ দৌৰি আকৌ খোজ কাঢ়ে। মই কিন্তু লাহে লাহে
গোটেই ৰাস্তা দৌৰিয়ে থাকিলো। তেওঁলোকে খোজকঢ়াৰ সময়ত মই তেওঁলোকক পাৰ হৈ যাও। তেওঁলোকে
দৌৰিবলৈ ল’লে মোৰ পৰা আগবাঢ়ি যায়। এই পৰিক্ৰমা বহুতবাৰ চলি থাকিল। শেষলৈ আমি ইজনে সিজনলৈ
চাই হাঁহিবলৈ ল’লো।
ৰাস্তাৰ কাষৰ
মানুহে উৎসাহ যোগোৱাৰ কথা কৈয়েই আহিছো। অকমান ল’ৰা-ছোৱালীবিলাকে নিজৰ এখন হাত আগবঢ়াই
ৰৈ আছিল – মানে আমি দৌৰি থকাবিলাকে সিহঁতক হাতেৰে চুই যাব লাগে। ইমান মৰম লাগিছিল সিহঁতক!
সিহঁতক মই হাতেৰে চুই গৈছিলো – সিহঁতে মোৰ অন্তৰ চুই গৈছিল।
দৌৰ শেষ হোৱাৰ
এক-ডেৰ কিঃমিঃ আগতে আইণ্ডহভেনৰ ‘Pub street’-এৰে দৌৰিলো। মানে মদৰ আদ্দা। পিছে সেইবুলি কিবা উশৃংখল
ঠাই বুলি নেভাবিব। মানুহ তাতো একেবাৰে সুসভ্য কিন্তু অন্য ঠাইতকৈ উৎসাহ আছিল দুই তিনিগুণমান
বেছি। তেতিয়ালৈকে আৰু খুব ভাগৰ লাগিছিল কিন্তু মানুহখিনিৰ “তুমি পাৰিবা, তুমি পাৰিবা,
এই শেষ হ’লেই আৰু!” ধ্বনিত ইমান শক্তি আছিল যে মই কেনেবাকৈ ৰৈ গ’লেও সেই শক্তিয়েই মোক
ফু মাৰি দৌৰাৰ শেষ সীমা পাৰ কৰি দিব বুলি প্ৰত্যয় জন্মিছিল। সকলোকে মই যিমান পাৰো ধন্যবাদ,
চেলুট, thumbs-up-এৰে মোৰ
কৃতজ্ঞতা জনাই গৈছিলো।
এসময়ত দৌৰ শেষ
কৰিলো। যুদ্ধ জয় কৰি অহাৰ নিচিনা লাগিল!
মগজুকে
সদায় প্ৰাধান্য দি আহিছো। মগজুৱেই মোৰ জীৱিকাৰ মূল। কিন্তু প্ৰৌঢ়
বয়সত বুজিবলৈ আৰম্ভ কৰিছো যে কেৱল মগজুৰে নিজৰ, দেশৰ শুধৰণি নহয়। মগজুৱে বাট
দেখুৱাবই লাগিব কিন্তু সেই বাটেৰে আগবাঢ়ি যাব লাগিব শৰীৰ। মাত্ৰ দুমাহমান আগলৈকে ভাবিব
নোৱাৰা কাম এটাৰ কাৰণে প্ৰথমে মগজুৰে সিদ্ধান্ত লৈছিলো যে কৰিম আৰু সেই সিদ্ধান্তক
শৰীৰেৰে সফল কৰিব পাৰি বৰ সন্তোষ পালো। মোৰ লগতে সুখী হ’ল মোৰ শুভাকাংখীসকল – তাৰ মাজতে
আছে মোৰ ডাচ্চ সহকৰ্মীসকলো। তেওঁলোকৰ মোৰ এই সফলতাত কিমান ফূৰ্ত্তি! এইবাৰ আইণ্ডহভেন
মাৰাথনৰ মূলমন্ত্ৰ আছিল ‘Onzetrots’ – মানে ডাচ্চ ভাষাত ‘আমাৰ গৌৰৱ’। আমি বিলাকেও এনেকুৱা কথাত
সমূহীয়াকৈ গৌৰৱ কৰিব পাৰিব লাগিব। তেতিয়া আমাৰ এটা-দুটা সমূহীয়া সমস্যা সমাধানৰ বাট
আপোনা-আপুনি ওলাই আহিব।
হেঁপাহ আৰু মন-শৰীৰৰ জোৰত ইমানখিনি পালোঁহি। এতিয়া ভাল জনা মানুহৰ নিয়মীয়া সহায় লৈ নিজৰ বেগ বঢ়াব লাগিব। জীৱনত অন্ততঃ এবাৰ ফুল মাৰাথন দৌৰিম – এয়াই আশা। এই আশা পূৰণ হ’লে বৰ শান্তিৰে মৰিব পাৰিম।
