মই ভাগৰা নাই, জীৱন হেৰোৱা নাই
সৌৰভ মৰিকলঙীয়া
১৯৯৪ চনৰ জানুৱাৰী মাহৰ কোনোবা এটা সন্ধিয়া। কটন কলেজৰ মহেন্দ্ৰনাথ ডেকাফুকন হোষ্টেলৰ আমাৰ ৰুম ‘Pandemonium’ত (আমি ৰুমৰ অৱস্থা
বুজি নিজে মৰমতে দিয়া নাম) এক বিৰল শান্তি বিৰাজ কৰিছে। ৰুমত মই অকলে। এসময়ত দৰ্জ্জাত টোকৰ পৰিল আৰু পাতল মাখন ৰঙৰ কোটচোলা পিন্ধি থকা ল’ৰা এজন সোমাই আহি সুধিলে,”চিন্তা আছে নেকি?” চিন্তা মানে চিন্তামণি দাস – আমাৰ চিনিয়ৰ। মই আগন্তুকক উত্তৰ দিলো,”নাই”। তাৰ পাছত মনলৈ আহিল যে ল’ৰাজনকতো মই জানো ! লগে লগে বহাৰ পৰা উঠি মই তেওৰ ওচৰলৈ গৈ সুধিলো,’আপুনি জুবিন গাৰ্গ নহয় জানো ?” মিচিকিয়াই হাঁহি মাৰি লগে লগে তেও হাত আগবঢ়াই দিলে কৰমৰ্দ্দন কৰিবলৈ। ইতিমধ্যে ‘অনামিকা’, ‘মায়া’ গাই গোটেই অসমতে বিখ্যাত হোৱা ল’ৰাজন ইমান নিৰহংকাৰী হোৱা দেখি ভাল লাগিছিল। তাৰ পাছৰ ১০/১৫ মিনিট জুবিন গাৰ্গ আৰু মই ‘MNDP’ হোষ্টেলৰ উধৰ পৰা মূধলৈকে চিন্তাদাক বিচাৰি আছিলো। মাজে মাজে জুবিন গাৰ্গে ‘চিন্তা!, অ’ চিন্তা!’ বুলি মাতি আছিল। চিন্তাদা নাছিল।
প্ৰায় ২৬ বছৰৰ পাছৰ এই ২০১৯ চনৰ অক্টোবৰ মাহৰ কথা। অসমতে নহয়, ভাৰততে নহয়, ভাৰতৰ বাহিৰৰ ভাৰতীয়সকলৰো মাজত জনপ্ৰিয় জুবিন গাৰ্গ আহিছে আমষ্টাৰ্ডামৰ বঙালী দুৰ্গা পূজাত গান গাবলৈ। ইউৰোপৰ নানা ঠাইত একেৰাহে অনুষ্ঠান কৰি কৰি প্ৰায় এসপ্তাহ ভালকৈ শুবলৈ নোপোৱা মানুহজনে ভালকৈ এটাৰ পাছত আনটো গান গাই গৈছে। যিহেতু বঙালীসকলৰ পূজা গতিকে বঙালী আৰু হিন্দী গানেই গাই আছে। এসময়ত যেই বিহু গালে, আমি উপস্থিত থকা ৩০টামান অসমীয়াই হিয়া ঢালি বিহু নাচিবলৈ ল’লো। তাকে দেখি বঙালীসকলেই জুবিন গাৰ্গক আকৌ এটা বিহু গাবলৈ অনুৰোধ কৰিলে। মুঠতে এটা খুব ফূৰ্ত্তিৰ পৰিবেশৰ সৃষ্টি হ’ল।
আমি অসমীয়াখিনিয়ে আগতেই ভাবি গৈছিলো যে অনুষ্ঠানৰ পাছত জুবিন
গাৰ্গৰ লগত ফটো উঠিম। কিন্তু গান গোৱা শেষ হোৱাৰ লগে লগে জুবিন গাৰ্গক লগ ধৰিবলৈ মানুহৰ
যিটো ভিৰ হ’ল – কৰ্ম্মকৰ্ত্তাই তেওক মানুহে গম নোপোৱাকৈ পুজা মণ্ডপৰ পৰা আঁতৰায়েই লৈ
গ’ল। কিন্তু আমিও জানো কম! অলপ খোজ খবৰ লৈ গম পালো যে জুবিন গাৰ্গ একেবাৰে ওচৰৰ হোটেল
এখনতে আছে – মানে গাড়ীৰে পাঁচ মিনিট। গতিকে আমি ১৫টা মান ওলালো নিজৰ নিজৰ গাড়ী লৈ আৰু
হোটেল পালোগৈ। জুবিন গাৰ্গ হোটেলৰ বাৰখনতে বহি আছে। আমি যোৱা দেখি সেই ২৬ বছৰৰ আগৰ
দৰেই মিচিকিয়াই হাঁহি মাৰি আমাক সম্ভাষণ জনালে। বুজিলো – ইমান সফলতায়ো মানুহজনক সলনি
কৰিব পৰা নাই।
তাৰ পাছৰ আধা ঘণ্টা আমিবিলাকে জুবিন গাৰ্গৰ লগত বৰ ঘৰুৱাভাবে
খুলাখুলিকৈ কথা পাতিছিলো। আমি আইন্দহোভেনত থাকো বুলি কোৱাত লগে লগে উত্তৰ দিলে,”নাম
শুনিছো। ভাল ফুটবল ক্লাব আছে।“ কথাষাৰ শুনি মোৰ ভাল লাগি গ’ল। কাৰণ শান্ত শিষ্ট সাধাৰণতে কাৰো লগতে সিমান কথা নপতা
মোৰ ভতিজা এটাৰ বাহিৰে আইন্দহোভেনৰ নাম শুনা অসমত থকা অসমীয়া মই কাকো লগেই পোৱা নাই!
বাৰু সি যি কি নহওক, নিজনী নভগৰ্ড, ৰাছিয়াত পতা ফুটবলৰ বিশ্বকাপ, চানদুবিৰ ছোৱালীৰ
ফুটবল ক্লাব, নানাজনক তেও কৰি থকা সহায়ৰ পৰা আৰম্ভ কৰি তেওৰ মৰমৰ কুকুৰ চিৰাং গাৰ্গ,
আপোন বান্দৰটোলৈকে বহু কথা জুবিন গাৰ্গৰ লগত ওলাল। মানুহটো প্ৰায় সম্পূৰ্ণ্ণ নিচাত,
আমাৰ মৰমৰ গোটেইকেইটা অসমীয়া শব্দও সেই ৩০ মিনিটত উচ্চাৰণ কৰিলে কিন্তু তাৰ লগতে প্ৰত্যেকটো
কথাত অসম আৰু অসমীয়াৰ প্ৰতি অকুণ্ঠ ভাল পোৱা দেখিছিলো। লগতে দেখিছিলো এটা নিৰ্ভিক ভাব,
নিজৰ ওপৰত দৃঢ় বিশ্বাস, নতুন কিবা এটা কৰাৰ মন আৰু তাৰ সমানুপাতিকভাবে মনৰ বিচক্ষণতা।
গম পাইছিলো জুবিন গাৰ্গ কলাৰ জগতত পদাৰ্পণ কৰাৰ পৰা প্ৰায় তিনি দশকৰ পিছতো কিয় আজিও
ইমান প্ৰাসংগিক হৈ আছে।
অহাৰ আগে আগে তেওৰ হাতত ধৰি কৈছিলো, ড° ভূপেন হাজৰিকাৰ পাছত
আপোনাক লৈয়ে আমি গৌৰব কৰো। Thanks for everything। নিজৰ স্বাস্থ্যৰ যত্ন ল’ব।“ জুবিন
গাৰ্গে মোৰ কথাখিনি বৰ মনোযোগেৰে শুনিছিল। কিন্তু মনোযোগেৰে শুনিবৰ কাৰণে প্ৰথমে হাতত
থকা হুইস্কি গিলাচ ঘট ঘট কৈ খাই শেষ কৰি লৈছিল।
জুবিন গাৰ্গে অবিৰত ভাবে ধুনীয়া সৃষ্টিৰাজিৰে প্ৰমাণ কৰি আহিছে
যে তেও ভাগৰা নাই। অসমৰ গৌৰব এই মানুহজনক আকৌ এবাৰ অনুৰোধ জনাও তেও যেন জীৱনটো হেৰোৱাবৰ
সুবিধা কৰি দিয়া কামবোৰৰ পৰা আঁতৰত থাকে। কাৰণ তেওৰ জীৱন হেৰালে আমাৰ সকলোৰে বহু কিছু
হেৰাই থাকিব।