Friday, 8 November 2019

ন হন্যতে


For the English version, please click here.


ন হন্যতে
সৌৰভ মৰিকলঙীয়া

এজন মানুহ কিমান প্ৰভাৱী তাক কেনেকৈ জোখা হয়? অগাধ সম্পত্তি, বুদ্ধি-বৃত্তি, শিক্ষাগত অৰ্হতা নে ৰাজনৈতিক চিনাকীৰ গভীৰতাৰে? আজি এনে এজন মানুহৰ কথা লিখিবলৈ ওলাইছো যি হয়তো ওপৰৰ এটা গুণৰ কাৰণেও বিখ্যাত নাছিল কিন্তু তেখেতৰ ব্যক্তিত্বৰ বিশালতা আৰু মহানতাই আমাক আমৰণ সন্মোহিত কৰি ৰাখিব।

সঞ্জীব বৰদলৈ – মোৰ মামা। হৃষ্ট-পুষ্ট চেহেৰাৰে ‘পালোৱান’ বুলি জনাজাত যোৰহাট তৰাজান ১ নং সোণাৰী গাঁৱৰ এইজন মানুহ আছিল একেধাৰে অতি সক্ৰিয় সমাজকৰ্ম্মী, ভাল খেলুৱৈ, গোটেই বৃহত্তৰ পৰিয়ালটোৰ কাৰণে জান-প্ৰাণ দিয়া, অফিচৰ কামতো দেহে কেহে লগা এজন অসাধাৰণ সাধাৰণ মানুহ! সকলোৰে বিপদৰ বন্ধু। যিকোনো পৰিস্থিতিতে যিকোনো মানুহৰ কাৰণেই ইংৰাজীত ক’বলৈ গ’লে ‘Go-To-Man’.

মা-মাহী সকলোৰে মিলাই একমাত্ৰ মামাৰ আমি ভাগিন আছিলো আঠটা। কিন্তু আমি প্ৰত্যেকটো ভাগিনেই মামাৰ মৰম আদৰত সমানেই সাঁতুৰি নাদুৰি আছিলো। কেৱল আমিয়েই নে? সেই মৰমৰ ডেউকাৰ ছাঁ আমাৰ খুড়া-বৰদেউতাৰ ল’ৰা-ছোৱালীহঁতেও পাইছিল। আমাৰ এজন মামা দহজনৰ সমান আছিল। কিন্তু এয়া মানুহজনৰ ব্যক্তিত্বৰ মাত্ৰ এটা সৰু অংশ। সঞ্জীব বৰদলৈৰ বিষয়ে লিখিবলৈ ক’ৰ পৰা আৰম্ভ কৰি ক’ত শেষ কৰিম!

কোন এইবোৰ কোহলী, টেণ্ডুলকাৰ। আমি গুণ গাও ক্ৰিকেটাৰ সঞ্জীব মামাৰ।।
বিৰাট কোহলীক ভাল পাও। শচীন টেণ্ডুলকাৰৰ মই ভক্ত। কিন্তু ক্ৰিকেট বুলিলে যাৰ নাম মনলৈ প্ৰথমে আহে সেইয়া সঞ্জীব বৰদলৈ। মামা আছিল ONGC এজন ভাল বেট্চমেন, বলাৰ আৰু পাৰ্ট-টাইম উইকেট কিপাৰো। বেট আৰু বলেৰে দলক বিপদৰ পৰা উদ্ধাৰ কৰাৰ উদাহৰণ বহুত। উইকেট কিপিঙেৰেও বহু সহায় কৰি থৈছে। এবাৰ ধোনীৰ দৰে উৰি গৈ কেট্ ধৰি দলক এটা ডাঙৰ উইকেট দিয়াইছিল। পিছে সেই উৰণীয়া গতিত মামাৰ কঁকাল অলপ শিৰিককৈ মাৰিছিল আৰু বহু বছৰলৈ তাৰ বিষে মাজে মাজে উক দিছিল। আমি সৰুতে সঞ্জীব মামাৰ বিষটোৱে দেখা দিলে বেয়াতো পাৱেই কিন্তু মনটো অলপ ভালো লাগে। এয়াতো এলা পেচা বিষ নহয়। ‘ফ্লাইং শিখ্‌’ মিল্খা সিঙৰ দৰে আমাৰ ‘ফ্লাইং বৰদলৈ’য়ে গোটোৱা বিষ। আৰু মই জানো সঞ্জীব মামাই নিজেও সেই আপদটোক বৰ বেছি গুৰুত্ব দিয়া নাছিল। তেওঁ আছিল সম্পূৰ্ণ্ণ খেলুৱৈসুলভ স্বভাৱৰ মানুহ – ‘a man with a true sportsman spirit’ আৰু সেই স্বভাৱ সকলো কামতে প্ৰকাশ পাইছিল।

ONGCৰ চাইকেল
স্কুটাৰ আৰু তাৰ পাছত গাড়ী লোৱাৰ আগতে সঞ্জীব মামা অফিচলৈ চাইকেল লৈ গৈছিল। চাইকেলখন নি চাইকেল ষ্টেণ্ডত ৰাখে। চাইকেলত তলা মৰাৰ অভ্যাস নাই – ‘বসুধৈব কুটুম্বকম – জগতখনেই আপোন আমাৰ’ ধৰণৰ ভাব এটা – গতিকে কোন চোৰে চুৰি কৰিব! হয়ো, কেতিয়াও তেনেকুৱা এটা কাম নহ’ল কিন্তু বেলেগ এটা কাম হ’ল। ষ্টেণ্ডত থকা তলা নমৰা চাইকেলখন হৈ পৰিল ONGCৰ ৰাজহুৱা চাইকেল। কোনোবা সাউতকৈ দোকানলৈ যাব লগা হ’ল – যোৱা ৰাজহুৱা চাইকেলত, কোনোবা হঠাতে ঘৰৰ পৰা আহিব লগা হ’ল – সেই চাইকেলেই আকৌ সহায় হ’ল। এদিন সঞ্জীব মামা অফিচৰ পৰা ওলাই আহি চাইকেলৰ ওচৰলৈ আহিছে তেনেতে দেখিছে বেলেগ এজন মানুহে চাইকেলখন লৈ যাবলৈ ওলাইছে। সঞ্জীব মামাই ক’লে,”মোক চাইকেলখন লাগিছিল।”। সিজনে ক’লে,”ৰ’ব, মই আগতে আহিছো, গতিকে মই আগতে কামটো কৰি আহোগৈ।”। মামাই সুধিলে,”এইখননো কাৰ চাইকেল?”। সিফালৰ পৰা উত্তৰ আহিল,”নাজানো, ইয়াতে থাকে।“।

অ’ সঞ্জীবদা
নিকুঞ্জ – অনবৰতে ফুৰ্ত্তিত থকা, একেবাৰে তজবজীয়া, ঘৰুৱা কামত পাকৈত এজনী সৰু ছোৱালী। সঞ্জীব মামাই সৰু ভনীয়েকৰ নিচিনাকৈয়ে ৰাখে। কাষৰ মানুহৰ বনাই থকা ঘৰত লগৰ ল’ৰা ছোৱালীৰ লগত খেলি থাকোতে লোহাৰ ৰডৰ ওপৰত নিকুঞ্জ পৰিল আৰু বৰ বেয়াকৈ দুখ পালে। তাইৰ সম্পূৰ্ণ্ণ সেৱা শুশ্ৰূষাৰ দ্বায়িত্ব সঞ্জীব মামাই ল’লে – মাজ ৰাতিলৈকে তাইৰ ওচৰত থাকি অকমান শুবলৈ বুলি নিজৰ বিচনালৈ আহে, ইফালে নিকুঞ্জই বিষতে চিঞৰ মাৰে, “অ’ সঞ্জীবদা!”। সঞ্জীব মামাই আমনিৰ অকনো চিন নেদেখুৱাকৈ অতি মৰমেৰে ‘অঔ’ বুলি মাত লগাই আকৌ তাইৰ ওচৰ পাইগৈ। সেইখিনি সময়ত কৰ্ম্ম সূত্ৰে আমাৰ দেউতা যোৰহাটত। গতিকে শহুৰৰ ঘৰত থাকি চাকৰি কৰে। মই ওপৰৰ কথাখিনি দেউতাৰ মুখৰ পৰা শুনা। বাৰু সি যি কি নহওক, ডাক্তৰৰ পৰামৰ্শতে মামাই নিকুঞ্জক ঘৰতে ৰাখি চিকিৎসা কৰাই আছিল কিন্তু অৱস্থা অলপ বেয়ালৈ যোৱাত তাইক একেবাৰে হস্পিতালতে ভৰ্ত্তি কৰাই দিলে। নিজৰ আপোনজনক কৰাৰ দৰে সঞ্জীব মামাই সকলো কৰিলে। কিন্তু নিকুঞ্জ এই পৃথিবী এৰি গুছি গ’ল। তেতিয়া নিকুঞ্জৰ দেউতাকো হস্পিতালতে সঞ্জীব মামাৰ কাষতে আছিল। সেই দুখৰ মুহূৰ্ত্ততো মানুহজনে কৈছিল,”আপুনি তাইৰ কাৰণে যিমান কৰিলে, মই অকলে কেতিয়াও কৰিব নোৱাৰিলোহেঁতেন।“। এয়াই আছিল আমাৰ সঞ্জীব মামা।

যাৰ কোনো নাই, তাৰ সঞ্জীব বৰদলৈ সহায়
মোক এখন ভাল ক্ৰিকেট বেট আৰু এটা কাঠৰ বল লাগে। ক’ৰ পৰা আহিব ? সঞ্জীব মামা।
কোনোবাক আপোনজনেই সহায় কৰা নাই, মানুহজন নিঠৰুৱা হৈছে। সহায় কৰিবলৈ আগ বাঢ়ি আহিছে সঞ্জীব বৰদলৈ। দৰকাৰ লে নিজৰ ঘৰতে ৰাখিছেএদিন দুদিন নহয়, এমাহ দুমাহ নহয়, বছৰ বছৰ ধৰি।
সেই কেছেটৰ দিনৰ কথা এটা মনত পৰিছে। সঞ্জীব মামাই চাইকেল চলাইছে আৰু মই চাইকেলৰ আগ ফালে বহি গৈছো। ৰাস্তাৰ পৰা এজনে চিঞৰ মাৰিলে,”দাদা! নতুন কেছেট আহিছে।“ আমাৰ মামাই উত্তৰ দিলে,”বান্ধি থোৱা।“ মানে কেছেট লাগে নেলাগে চাবলৈ নাই। কেছেট কিনা হ’লে মানুহটোক দুপইছা দি সহায় কৰা হ’ব। হয়, বহুত সময়ত সঁচায়ে সহায় হয়। হয়তো বহুত সময়ত এনেকৈ বহুতে সুবিধাও লয়। কিন্তু আমাৰ মামা সিদ্ধান্তত অচল অটল – নটা বেয়াৰ কাৰণে কোনোবা ভাল এটা সহায়ৰ পৰা বাদ পৰিব নেলাগে।

ৰবাত কিবা সকাম হৈছেপালোৱানক মাতক। মৃতকক খৰি দিব লাগেতাতো পালোৱানৰে আগ ভাগ। কাৰোবাৰ বিয়ানিমন্ত্ৰিত অতিথি যাতে ভোজন কক্ষলৈ নোযোৱাকৈ বহু দেৰি বহি থাকিব নেলাগে তাৰ দ্বায়িত্ব সঞ্জীব বৰদলৈৰ ওপৰতলাগিলে নিমন্ত্ৰিতৰ সংখ্যা হেজাৰেই নহওক কিয়। ONGC ৰবাত তেল, গেছ খননত সমস্যা হৈছেসঞ্জীব বৰদলৈয়েই সহায়। তেখেতে হয় ঠাইতে সমস্যা সমাধান কৰিব আৰু সমস্যা অতি গম্ভীৰ লে নিজৰ পুৰণা ডায়েৰী পাত পাত কৰিব কাৰণ কোনো টান কথাৰ উপায় বিচাৰি পালে তেওঁৰ ডায়েৰীত লিখি থোৱাৰ অভ্যাস আছিল।

আমি সৰু থাকোতে বিয়া, পুজা কিবা কাৰণত মাহঁতৰ সকলো পৰিয়াল যোৰহাটৰ ঘৰত গোট খাইছে। মানে মামাৰ সকলো ভাগিন একেলগে উপস্থিত। কোনোবাই আমাক মৰ্টন দিছে। সকলোৱে ইতিমধ্যে মৰ্টন মুখত ভৰাইছে, মই ফূৰ্ত্তিৰ ম্যাদ বঢ়াবলৈ হাতত লৈ আনন্দ লভি আছো। তেনেতে মোৰ ভনী এজনী (মাহীৰ ছোৱালী)য়ে চিঞৰি চিঞৰি কান্দিবলৈ লে যে তাইৰ মৰ্টনটো বোলে বেঁকা আছিল। বেঁকা আছিল কিন্তু খালে আৰু তাৰ পাছত কান্দি আছে। কান্দি আছে মানে চিঞৰত গগন ফালিছে। গতিকে মই অনিচ্ছাস্বত্তেও ত্যাগ স্বীকাৰ কৰি তাইক মোৰ মৰ্টন দিব লগা ল। অন্য কোনোবাই মোৰ মন বুজিব পাৰিলে নে নোৱাৰিলে নেজানিলো কিন্তু সঞ্জীব মামাই বুজিলে। পাছ দিনা কেৱল মোক মৰ্টন কিনি দিবলৈ লৈ ল। তাৰ বহু বছৰ পাছত মোৰ মেট্ৰিক পৰীক্ষা। মনৰ ভিতৰত অলপ ভয়, আশংকা। কেৱল মোক সাহ দি শুভেচ্ছা জনাবৰ কাৰণেই সঞ্জীব মামা যোৰহাটৰ পৰা কাম এৰি মোৰ ওচৰলৈ আহিল। গুণীলোকে কয়,” Empathy is the mother of all emotions -  সহমৰ্ম্মিতাই সকলো অনুভূতিৰ মূল। সঞ্জীব মামা সহমৰ্ম্মিতাৰ ভাণ্ডাৰ আছিলমহাত্মা গান্ধীৰ দৰে (ৰিচাৰ্ড এটেনব গান্ধী চিনেমাখনৰ এটা চিনত এই কথাটো বৰ ধুনীয়াকৈ দেখুৱাইছে। সাবৰমতী আশ্ৰমলৈ নেহৰু-পেটেলহঁত গৈছে বাপুক লগ ধৰিবলৈ ,দেশৰ বিষয়ে কিবা দৰকাৰী কথা পাতিবলৈ। বাপুৱেও বহু দেৰি মনোযোগেৰে কথা পাতিছে। এসময়ত বাপু বহাৰ পৰা উঠিল। পেটেলহঁতে সুধিলে,”লৈ যায়?”  তেখেতে উত্তৰ দিলে,”অকমাণ ছোৱালী এজনীৰ ছাগলীটোৱে ভৰিত দুখ পালে। ভৰিত মাটিৰ প্ৰলেপ দি চিকিৎসা কৰিম বুলি মই সময় দি থৈছো। নগলে তাই বেয়া পাব।

সঞ্জীব মামাৰ এই সহমৰ্ম্মিতাৰ ভাণ্ডাৰৰ কাৰণেই হয়তো বহু বছৰ পাছত নিজৰ প্ৰিয়তমাক (এতিয়ালৈ পত্নী। প্ৰিয়তমা বুলি লিখি পুৰণা কথা মনত পৰি গৈছেমনটো ভাল লাগি গৈছে)লৈ গুৱাহাটীৰ নেহৰু পাৰ্কৰ দূৰৈৰ এচুকত বহি থাকোতে হঠাতে পাৰ্কৰ প্ৰৱেশদ্বাৰত সঞ্জীব মামা, মামী আৰু মোৰ ভাইটোক (মামাৰ ৰা) দেখি তাৰ পৰা নোহোৱা হোৱাৰ বাট বিচৰাতকৈ নিজেই আগ বাঢ়ি গৈ তাইক চিনাকী কৰাই দিছিলো। মনত এটা ভাব আছিল যে সঞ্জীব মামাই বুজিব। পাছত সৰু মাহীৰ পৰা গম পাইছিলো যে মামাই মোৰ এই কথাটোত সঁচাই ভাল পাইছিল।

বিহু, ভাওনা, থিয়েটাৰ, চিনেমা
এই পালোৱান মানুহজনে এসময়ত বিহু জানো কম মাৰিছিল? আজিও চাগৈ বিহুৱা বৰদলৈৰ ফটোৱে যোৰহাটৰ ঘৰৰ শোভা বঢ়াই আছে।

আৰু ভাওনা! নিজৰ চেহেৰাটোৰ কাৰণেই সকলোৰে বিপদৰ সহায় এই মানুহজনৰ ভাগত সদায় অসুৰৰ ভাৱেই পৰিছিল আৰু মানুহজনেও কথাটো খুবেই ভাল পাইছিল। অট্টহাস কৰি যি অসুৰৰ বচন মাতে – সেয়া ভাওনাদৰ্শীৰ বেচ মনোৰঞ্জনৰ কাৰণ আছিল। শেষ ৰাতিলৈ বচন মাতি মাতি মনুহজনৰ মাত ভাঙি গৈছিল কিন্তু উৎসাহৰ ক’তো অকমান পোটোকা পৰা নাছিল। ঠিক একেদৰে থিয়েটাৰো।

সঞ্জীব বৰদলৈৰ কথা লিখি চিনেমাৰ কথা নিলিখিলে অন্যায় কৰা হ’ব। এটা সময়ত চাগৈ যোৰহাটৰ অজন্তা, ইলী, প্ৰভৰাজ হলৰ এখন চিনেমাও সঞ্জীব মামাই বাদ দিয়া নাছিল। চিনেমা চাই আমাক পাছত লগ পালে চিনেমাৰ কাহিনীও বৰ ৰস লগাই ক’ব পাৰিছিল। যোৰহাটলৈ গ’লে এখন চিনেমা চোৱাটো আমাৰ এটা নিয়ম আছিল। তাৰ কেতিয়াও ব্যতিক্ৰম নহৈছিল। আৰু পাছলৈ আহিছিল VCP/VCR আৰু লগে লগে আমাৰ সেই এখন চিনেমা চোৱা নিয়মটো দহখন মানলৈ পৰিবৰ্ত্তন হৈছিল।

ন হন্যতে
ডায়েবেটিচ আৰু ডায়েবেটিচৰ পৰা পাছত কিডনীৰ বেমাৰে আমাৰ মামীক বাৰুকৈয়ে জুৰুলা কৰিছিল। প্ৰকৃত সংগীৰ পৰিচয় দি মামাই মামীক যোৰহাট, ডিবৰুগড়, গুৱাহাটী, বাংগালোৰ, চেন্নাই সকলো ঠাইৰে ডাক্তৰক দেখুৱাই ভালতকৈ ভাল চিকিৎসা দিয়াৰ যৎপৰোনাস্তি চেষ্টা চলাইছিল। শেষত অৱস্থা আৰু বেয়ালৈ গৈ ডায়েলাইচিচৰ পৰ্য্যায় পোৱাত আৰু ওচৰতে ভাল ব্যৱস্থা নথকাত মামাই মামীক যোৰহাটৰ পৰা ডিবৰুগড়লৈ ৮ ঘণ্টা (অহা-যোৱা মিলাই) গাড়ী চলাই সপ্তাহত দুবাৰকৈ অনা নিয়া কৰিছিল। ৰাস্তা-ঘাট অত্যন্ত বেয়া – আৰু এদিন তেনে এটা যাত্ৰাতে ভুলকৈ আহি থকা বেলেগ এখন গাড়ীয়ে  মামাৰ গাড়ীত খুণ্ডা মাৰে আৰু দুসপ্তাহমান মৃত্যুৰ সতে যুঁজি আমাৰ সঞ্জীব মামা আমাক এৰি গুছি গ’ল।

ভালৰ লগত ভাল হয়। এয়াই ভালৰ নমুনা? ওৰে জীৱন লোকৰ ভালৰ কাৰণে কাম কৰি কৰি ষাঠি বছৰ নৌ হওতেই মানুহটো গুছি গ’ল। অকমান আৰু সুখ, শান্তি মানুহটোৰ প্ৰাপ্য নাছিলনে?

কিন্তু নহয় – এনে ভাবক মনত প্ৰশ্ৰয় দিলে সঞ্জীব মামাক অসন্মান কৰা হ’ব। মৃত্যুৰ মাত্ৰ এমাহমান আগতে আমি সঞ্জীব মামা আৰু মামীক লগ ধৰিবলৈ গৈছিলো। মামীৰ ইমান কষ্ট হৈছে, ঘৰে-বাহিৰে-হস্পিতালে সকলো চম্ভালি সঞ্জীব মামাৰ ইমান কষ্ট হৈছে গতিকে আমাৰ উদ্দেশ্য আছিল অকমান মামা, মামীক উৎসাহ দি অহাৰ। কিন্তু সঞ্জীব মামাই হাঁহিমুখে নিজে নিজে সকলো চম্ভালি লোৱা দেখিছিলোগৈ। ইমান বিপদৰ মাজতো সকলোবিলাক নিয়াৰীকৈ কৰি যোৱা মানুহজনৰ লগত আধা দিন পাৰ কৰি আহি আমিহে জীয়াই থকাৰ নতুন প্ৰেৰণা লৈ আহিছিলো। সেই সঞ্জীব মামাৰ মৃত্যুত শোকবিহ্বল হোৱা, নিঠৰুৱা অনুভৱ কৰাটো অত্যন্ত স্বাভাৱিক কিন্তু মনক নিগেটিভ হ’বলৈ দিব নোৱাৰি। মানুহজনক অসন্মান কৰা হ’ব।

সেই লগ পাবলৈ যাওতে ভাবি গৈছিলো যে সঞ্জীব মামাক ভৰি চুই সেৱা কৰিম। কিন্তু সঞ্জীব মামাই এনে এটা হাঁহিমুখীয়া পৰিবেশৰ সৃষ্টি কৰিলে যে সেৱা কৰা ধৰণৰ চিৰিয়াচ কথা এটা পাহৰিয়ে থাকিলো। ঢুকুৱাৰ এদিন নে দুদিন পাছত ৰাতি সঞ্জীব মামা মোৰ সপোনলৈ আহিল। আৰু মই মামাৰ ভৰি চুই সেৱা কৰিলো। সপোনত সাধাৰণতে মানুহৰ স্পৰ্শ অনুভৱ নহয়। মই কিন্তু সেইদিনা মোৰ হাতেৰে মামাৰ ভৰিৰ আঙুলিৰ স্পৰ্শ বৰ ভালকৈ অনুভৱ কৰিছিলো। আজীৱন বিজ্ঞানৰ ছাত্ৰ মই – আৰু আমৰণ হৈ থাকিম। সেয়ে মই কোনো অলৌকিক কথাত বিশ্বাস নকৰো। কিন্তু সেইদিনাৰ সপোনটোৱে মোক বৰ শান্তি দিছিল।

মাজে মাজে ভাবোমামাৰ মৃত্যু হৈছে জানো?  নাইসঞ্জীব বৰদলৈৰ মৃত্যু হোৱা নাই। সঞ্জীব বৰদলৈৰ দৰে মানুহৰ মৃত্যু নহয়। মানুহৰ সুন্দৰ মনোভাব, সৎ কৰ্ম্মৰ মাজে মাজে সঞ্জীবণী সুধা ঢালি ঢালি চিৰদিনলৈ জীয়াই থাকে।

সেয়ে আজিও শুনোসঞ্জীব মামাই মোক ৰবাৰ পৰা মাতিছে, “সোণটো!”



6 comments:

  1. বৰধুনীয়াকৈ লিখিলা সৌৰভ৷পালোৱান মামালৈ বহুত বহুত শ্ৰদ্ধা নিবেদিলো৷তেখেতৰ আত্মাই শান্তি লাভ কৰক৷

    ReplyDelete
  2. ধন্যবাদ শংকৰ।

    ReplyDelete
  3. Saurav, khub dhuniya likhisa aru paluwan mama k monot pelai dila. May he rest in peace.

    ReplyDelete
    Replies
    1. Thank you so much. Unknown বুলি অহাত গম নেপালো তুমি কোন। খুব সম্ভৱ সৌমাৰ নেকি ?

      Delete