Saturday, 16 May 2020

জীৱনৰ টুকুৰা খবৰ


For the English version, please click here.


জীৱনৰ টুকুৰা খবৰ

সৌৰভ মৰিকলঙীয়া

জীৱনৰ কিছুমান সৰু সুৰা কথা জুকিয়াই আছিলো তাকে লিখিবলৈ ওলাইছো

আপোন ঘৰৰ গোন্ধ
মোৰ সৰু জীয়ৰীয়ে ঘোঁৰা চলাবলৈ শিকি আছে ঘোঁৰাশাল আমাৰ ঘৰৰ পৰা পাঁচ কিলোমিটাৰমান মাত্ৰ, কিন্তু তাৰ পৰিবেশ এনেকুৱা যে আমাৰ মৰিকলং গাঁৱৰ বাঁহৰ তল, গুৰি পথাৰ পোৱাগৈ যেন লাগে দীঘলীয়া মৰিকলং বিলৰ নিচিনা বিল এখনৰ পাৰে পাৰে পাতলীয়া হাবিৰ মাজেৰে জীয়ৰী ঘোঁৰাত উঠি যায় আৰু মই তাইৰ কাষে কাষে খোজ কাঢ়ি থাকো, ঘোঁৰা দৌৰিলে ময়ো দৌৰো পাছে পাছে এঘণ্টা সময়লৈ এই কুচকাৱাজ চলি থাকে সেই এঘণ্টা সময় মোৰ শৈশৱলৈ ঘূৰি যোৱা যেন লাগে গৰুৰ গোবৰ নাই কিন্তু আছে ঘোঁৰাৰ লাদ গছৰ প্ৰকাৰ অলপ বেলেগ হলেও একেই সুন্দৰ বনানী, বৰষুণ লে তলত একেই বোকা পানী

ঠাণ্ডাৰ এদিন ঘোঁৰাশালৰ মালিকহঁতে জুই ধৰি জুই পুৱাই আছিল ধোঁৱাৰ গোন্ধ পাই লগে লগে জীয়ৰীয়ে লে, “মৰিকলং আইতাৰ ঘৰৰ নিচিনা গোন্ধাইছেহয়, হয়সঁচায়ে আমাৰ ঘৰৰ নিচিনা গোন্ধাইছিল, আমাৰ শৈশৱৰ দৰে আমোলমোলাইছিল



উদাৰমনা, সহনশীলা মা প্ৰকৃতি
যোৱা বছৰ জুলাই মাহত কৰ্ম্মসূত্ৰে বাংগালোৰলৈ গৈছিলো বাংগালোৰৰ ৰাজাজীনগৰৰ শ্বেৰাটন গ্ৰেণ্ড বোলা হোটেলখনত আছিলো মাও আহিছিল আৰু মোৰ লগতে হোটেলতে আছিল সেই সময়তে আকৌ চেন্নাইত কম্পিউটাৰ ইঞ্জিনীয়াৰিং কৰি থকা মোৰ ডাঙৰ ভাগিনে বাংগালোৰত ট্ৰেইনিং কৰি আছিল তাই আমাক লগ কৰিবলৈ আহিল

সন্ধিয়া সময়ত আমি একেবাৰে কাষৰে অৰায়ন মললৈ ওলালো হোটেল আৰু মলৰ মাজত এজোপা গছ আছে বহুত শব্দ শুনি আমি তিনিওটাই ওপৰলৈ চালো গছজোপাত কেৱল ভাটৌ আৰু ভাটৌ ! পাততকৈ বেছি ভাটৌ আছিল বুলি লেও হয়তো বেছিকৈ কোৱা নহ তিনি প্ৰজন্মৰ আমি তিনিওটাই তাকে দেখি ইমান আনন্দ পাইছিলো যে বুজাব নোৱাৰো গোটেইখন চাৰিওফালে কংক্ৰিটৰ অৰণ্যগছ কেইজোপা আছে তাক আঙুলিৰ মূৰত লেখিব পাৰি তাতে উদাৰমনা, সহনশীলা মা প্ৰকৃতিয়ে হিয়া উজাৰি সৌন্দৰ্য্যৰ ব্যৱস্থা কৰি দিছে !



শ্ৰমৰ মৰ্য্যাদা
আজি অলপদিন আগলৈকে আমাৰ বৰ জীয়ৰীক ছবি আঁকিবলৈ শিকোৱা ইয়াতে ডক্টৰেট কৰি থকা ছোৱালীজনীয়ে আমাৰ ঘৰ সৰা-মোচাও কৰিছিল এতিয়া অন্য এটা কাম পোৱাত তাই সৰা মোচাৰ কাম কৰিবলৈ সময় নোপোৱা কিন্তু আমাৰ ঘৰতে হোৱা এই কথাটোক লৈ মই চিৰ জীৱন গৌৰৱ কৰি থাকিম

এদিন অফিচৰ বেৰৰ ফালে চাই দেখো এজন সুন্দৰ চেহেৰাৰ মানুহে ৰং কৰি আছে মানে ৰং কৰা মিস্ত্ৰী কিন্তু ৰং কৰা মিস্ত্ৰী নে ৰবাৰ ইউনিভাৰচিটীৰ প্ৰফেচৰ, ধৰিবৰ উপায় নাই

ঠিক তেনেকৈয়ে চুট-টাই মৰা বাচ ড্ৰাইভাৰবিলাক দেখিলে মনটো ভাল লাগি যায়

কামৰ কোনো সৰু বৰ নাই

বিবাহ বিচ্ছেদ
মোৰ বৰ মৰমৰ হাংগেৰিয়ান বন্ধু এজনৰ বিবাহ বিচ্ছেদ ১৫ বছৰতকৈও বেছি কালৰ বিয়াৰ পাছত সিহঁতৰ এৰা এৰি বন্ধু, বন্ধু-পত্নী দুয়োজনেই মোৰ খুব আপোন মৈত্ৰেয়ী দেৱী, চেচেনী বাথৰ পৰা আৰম্ভ কৰি ব্ৰাটিচলাভা, ম্বে পেলেচলৈকেসিহঁতৰ লগত মোৰ বহুত ধুনীয়া স্মৃতি জড়িত হৈ আছে এসময়ত ২৫দাল মম জ্বলাই মোৰ হতুৱাই কেক কটুৱাই সিহঁতৰ ঘৰত মোৰ ২৫ বছৰীয়া জন্মদিন পতা মানুহ সিহঁত

এতিয়া এৰা এৰি

সিহঁত নিজৰ নিজৰ বাটত নতুন নতুন সংগী লৈ ঠিকেই আগ বাঢ়ি গৈছে মইহে ৰবাত ৰৈ আছো সিহঁত দুটাক আকৈ একেলগে পাম বুলি

খোৱা বনোৱাৰ আনন্দ
গোটেই জীৱন মই গৰহৰ নিচিনাকৈ খাইছো মদ, ভাং, বিড়ি, চিগাৰেট মই একো নেখাও কিন্তু বাকী খোৱা বস্তু! মাটি দালিৰ পৰা আৰম্ভ কৰি বেলেগ বেলেগ কণ্টিনেণ্টেল ডিশ্বলৈকেমই বৰ নিয়াৰীকৈ আৰু বৰ বেছিকৈ খাও

গোটেই জীৱন খাই আছো কিন্তু খোৱা বনোৱাৰ লগত মোৰ সম্পৰ্ক নাছিল বুলিবই পাৰি আজিকালি লাহে লাহে এটা দুটা বস্তু বনাবলৈ আৰম্ভ কৰিছো মাংসৰ তৰকাৰী, কণীৰ তৰকাৰী, বিৰিয়ানী   অলপ দিন আগতেতো পাঁচ ফুৰণ দি চম্ভাৰ দিয়া দালিয়েই বনাই দিলো চম্ভাৰ দিয়া বস্তুটোৰ প্ৰতি মোৰ এটা বেলেগ শ্ৰদ্ধা আছে এনেকুৱা লাগে যেন এইটো পাকৈত ৰান্ধনীৰ এটা সহজ যেন লগা কিন্তু গুৰুত্বপূৰ্ণ কলা সেই টেণ্ডলকাৰৰ স্ত্ৰেইট ড্ৰাইভেৰে বাউণ্ডেৰী কোবোৱাৰ  নিচিনা কথা এনে লাগে যেন ডিফেন্সহে খেলিছে কিন্তু বল গৈ বাউণ্ডেৰীৰ বাহিৰ!

খোৱা বনাই এটা বেলেগ আনন্দ পাও ৰিলেক্সড হও



ধৈৰ্য্য আৰু আশা
সৰু জীয়ৰীক লৈ পিয়ানো ক্লাচলৈ অহা যোৱা কৰি আছো আগ কিমান বাঢ়িছে তাকেহে ভালকৈ গম পোৱা নাই কিন্তু মনত এটা আশা লৈ বৰ ধৈৰ্য্যেৰে প্ৰত্যেক সপ্তাহতে অহা-যোৱা কৰি আছো

এই ধৈৰ্য্য আৰু আশা একেবাৰে অমূলক নহয় যেতিয়া তাইক প্ৰথম সাঁতুৰিবলৈ লৈ যাও, আৰম্ভণিৰ ডেৰবছৰমান তাই প্ৰায় একোৱেই পৰা নাই কিন্তু মোতকৈও বেছি ধৈৰ্য্য ইয়াত শিক্ষকৰ মই কেতিয়াবা সুধিলে কয়, “ নাই, তাই ভাল কৰি আছে !” হয়ো হয়তাৰ পাছৰ ডেৰবছৰত তাই ছটা দেওণা পাৰ হৈ তিনিটা সাঁতোৰৰ ডিপ্লমা পূৰা কৰিলে তাই এতিয়া নেদাৰলেণ্ডৰ সাঁতোৰ সুৰক্ষা মানদণ্ডেৰে স্বীকৃত সাঁতোৰবিদ বয়স আঠ বছৰ



কৰাইগুৰিৰ বেলেগকৈ থোৱা টেমা
মায়ে বনোৱা কৰাইগুৰিমোৰ কাৰণে পৃথিৱীৰ ধুনীয়া ধুনীয়া খোৱাবিলাকৰ সম-মৰ্য্যাদাত থকা এটা বস্তু যিমানে কৰাইগুৰি নানো কিয় এমাহ মানৰ ভিতৰত শেষ হৈ যায় এতিয়া জীয়ৰীহঁতেও জুটি পোৱা হৈছে গতিকে আৰু সোনকালে শেষ হয়

এইবাৰো সোনকালে শেষ কিন্তু দুদিনমান আগতে পৰিবাৰে পাকঘৰ ঠিকঠাক কৰি থাকোতে ডাঙৰ টেমাত জাগা নোহোৱাত বেলেগকৈ থৈ দিয়া সৰু কৰাইগুৰিৰ টেমা এটা ওলাল সেয়া যেন কৰাইগুৰি নহয়, গোটা অমৃত ঘৰত এটা আনন্দৰ পৰিবেশৰ সৃষ্টি

বন্ধুত্ব
অলপদিন আগৰ কথা চাইকেল লৈ অফিচলৈ যাম বুলি ওলাই দেখিছো বৰষুণটো অলপ বেছিকৈ দি আছে চাইকেল বাদ দি গাড়ীত বহিলো গাড়ীৰে ওলাই ঘৰৰ ওচৰৰ সৰু তিনি আলিটোত দেখিছো এফালৰ পৰা ১৪-১৫ বছৰীয়া ৰা এটা চাইকেলত আহি আছে বৰষুণলৈ কেৰেপ কৰা নাইমুখত হাঁহি দেখিছো আনফালৰ পৰা তাৰ বন্ধু এটা চাইকেলত আহি আছে দুয়োটা লগ হৈ চাইকেল চলাই আগবাঢ়ি মই গাড়ীত পাচ পৰি লো

কথা নহয় বন্ধু, কাম
মই আটাইতকৈ বেছি কৰা কামটো হৈছেভবা তাৰ পাছত কথা তাৰ পাছত কাম ভাৰতবৰ্ষত থকালৈকে এনেকৈ ঠিকেই চলি আছিল বহুত মানুহ আছিল কাম কৰি দিবলৈ বহুত কামেই নকৰিছিলো কিন্তু তাৰ ভিতৰত কিছুমান কাম কেতিয়াও কৰিয়েই নেপালো তাৰে এটা গাড়ীৰ টায়াৰ সলোৱা গাড়ী চলোৱা ষোল্ল বছৰ বাংগালোৰত থাকোতে কিমান চকা ফুটিছে কোনোবা ৰবি, হৰিক পাইছিলো নে নাই মনত নাই কিন্তু কোনোবা ইছমাইল ভাই, চেলিম ভাইক হাততে পাইছিলো গতিকে কামটো কেতিয়াও কৰিয়েই নেপালো

অলপদিন আগতে ইয়াত মোৰ গাড়ীৰ চকা ফুটিল ৰবি, হৰিতো নায়েই, ইছমাইল, চেলিম, গেৰী, ডেনিচকোনো নাই গতিকে আপোন হাত জগন্নাথ এবাৰ ইউটিউবত চালো আৰু নিজে সলালো

চকা সলাই যি এটা শান্তি পালো তাক বুজাব নোৱাৰো

Love Thy Neighbour
মোৰ আৰু মোৰ চুবুৰীয়া অৰুণৰ (আচল ডাচ্চ নাম য়েৰুন কিন্তু অৰুণ যেন শুনি কাৰণে অৰুণ বুলিয়ে লিখিছো) সীমাত এখন বেৰ আছে বেৰত মোৰ ফালে থকা লতা এডালৰ শিপাই এনে খাও খাও ৰূপ লৈছে যে বেৰ ফুটা কৰি বেয়া কৰি পেলাইছে অৰুণৰ লগত কথা পাতি সিদ্ধান্ত লো যে লতাডাল আঁতৰাম এদিন অৰুণৰ দেউতাকো আহিল (তেওঁ ওচৰতে থাকে) তিনিওটা লাগি লতাডাল আঁতৰালো বেছ জেদী লতাবৰ কষ্ট তাৰ পাছত দেখিলো বেৰৰ জখম কৰিছে লতাই কথা পাতিলো পৰা পকা মিস্ত্ৰী মাতিম অৰুণৰ দেউতাকে লে, “মিস্ত্ৰী কিয় লাগে, মই নিজে আকৌ এদিন আহি কৰি যামকথা মতে কাম পাছত এদিন মানুহজনে বালি, চিমেণ্ট আৰু যাৱতীয় সঁজুলি নিজে আনি মচলা বনাই গোটেই বেৰৰ প্লাষ্টাৰ কৰি দিলে মই আৰু অৰুণে অকৰ্ম্মণ্য যোগালীৰ নিচিনাকৈ পাচফালে ৰৈ চাই আছিলো

চুবুৰীয়াৰ প্ৰতি এই মৰম দেখি মই আপ্লুত লো এনেয়ে মাতি চাহ একাপো নুখুৱায় কিন্তু এনেকৈ দৰকাৰৰ সময়ত সহায় কৰে

যোগ্য ভোগ্যা বসুন্ধৰা
বৰ্ত্তমান কৰনাই দমাই থৈছে কিন্তু এনেয়ে দেশত নাগৰিকত্ব সংশোধনী আইন লৈ হুলস্থুল চলি আছে মোৰ আকৌ আমি সৰু থাকোতে আমাৰ ঘৰত কাম কৰা মিঞানী এজনীলৈ মনত পৰি আছে ঘৰৰ কাম বন কৰে আমি পৰীক্ষালৈ বুলি ওলাই লে ভঙা ভঙা অসমীয়াৰে বগবানে বালাই কৰিববুলি আশীৰ্বাদো দিয়ে

আইনখনত খুঁত আছে আমি প্ৰতিবাদ কৰিছো, কৰাটো উচিত কিন্তু লগতে আমি এইটোও মনত ৰাখিব লাগিব যে মা প্ৰকৃতিয়ে এইক্ষেত্ৰত কেৱল এখন আইনেই বনাইছে সি যোগ্য ভোগ্যা বসুন্ধৰা ! আন্দোলনমুখী হোৱাৰ লগতে আমি কৰ্ম্মমুখীও লাগিব নহলে আমাক  ধ্বংস কৰিবলৈ কোনো  CAA প্ৰয়োজন নাইআমি এনেয়ে লুপ্ত পাম তেতিয়া কোনো NRCয়েও আমাক ৰক্ষা কৰিব নোৱাৰে
আৰু এটা কথা ভগবানে আমাক সকলোকে মানুহ বুলি সৃষ্টি কৰিছে মানবীয়তাই পৰম ধৰ্ম্ম

কৰনাৰ প্ৰলয় আৰু পিতৃহীন জীৱন
কৰনাৰ বা-মাৰলীয়ে গোটেই মানব সভ্যতাক জোকাৰি গৈছেসভ্যতাৰ তুংগত আছো বুলি আমি সকলোৱে ভাবি আছিলো কিন্তু মা প্ৰকৃতিয়ে আকৌ এবাৰ দেখুৱাই দিলে আমি কিমান তুচ্ছ, আমি কিমান দুৰ্ব্বল
এই চৰম সংকটে কিন্তু জীৱনটোক নতুনকৈ চোৱাৰ এটা সুবিধা দিছেজীৱনত ভালৰ লগতে যিবোৰ জাবৰ-জোঁথৰকো আমি ভাল বুলি ভাবি আছিলো সেই সোপাক চিনাক্ত কৰি আঁতৰাই পেলোৱাৰ আৰু সঁচায়ে ভালখিনিক আৰু গাঢ় কৰাৰ এয়াই সময়সেই ফালৰ পৰা কৰনা এক আশীৰ্বাদবঙালী গায়ক নচিকেতাৰ কৰনাৰ কবিতা আৰু তাৰ অনুপ্ৰেৰণাৰে মনোজ কুমাৰ গোস্বামীয়ে লিখা কবিতাটো এতিয়ালৈকে হয়তো সকলোৱে শুনিছে

এই কৰনাৰ প্ৰলয়ৰ আগতে বৰ এজাক ডাঙৰ ধুমুহা আমাৰ জীৱনৰ মাজেৰে পাৰ হৈ সি আমাৰ দেউতাক লৈ গুছি পিতৃবিয়োগৰ শোকসৰ্ব্বজনবিদিতসেই কথা মই আৰু বেলেগকৈ কি লিখিম ! চল্লিশৰ উৰ্দ্ধৰ মানুহ মইমোৰ দৈনন্দিন জীৱনৰ গৰাকী মই নিজে কিন্তু তথাপি দেতা নোহোৱা হোৱাত ধৰণী লৰি , জীৱন নাৱৰ নাৱৰীয়া নোহোৱা হোৱাদি এই অভাৱ হয়তো কেতিয়াও পূৰণ নহ

এই হাজাৰ দুখৰ মাজত এটা ভাল কথাও অনুভব হৈ আছেদেতাৰ অনুপস্থিতিত মোৰ ভয় আৰু নোহোৱা হৈ গৈ আছে, সাহস বাঢ়ি গৈ আছেহয়তো মৃত্যুক একেবাৰে ওচৰৰ পৰা দেখাৰ কাৰণেবা হয়তো এই কাৰণে যে মোৰ অৱচেতন মনে ভাবিছেদেতা, যি আছিল সাহসৰ অপাৰ সাগৰ, যিহেতু আৰু নাই, মই নিজেই নিজৰ সহায় লাগিবগুণীলোকে কয়, “Fear is not good for great”ভয় নোহোৱা হৈ অহাত এনে এটা ভাব হৈছে যেন কিবা এটা ডাঙৰ কথাৰ ফালে আগ বাঢ়ি গৈ আছো

কিবা এটা ডাঙৰ হয় নহয় নেজানো কিন্তু তাৰ আশাৰে মই আগ বাঢ়ি গৈ আছোএই আশাই এটা সুন্দৰ ভৱিষ্যতৰ মূল ভেঁটি



Saturday, 7 December 2019

মই ভাগৰা নাই, জীৱন হেৰোৱা নাই


মই ভাগৰা নাই, জীৱন হেৰোৱা নাই

সৌৰভ মৰিকলঙীয়া

১৯৯৪ চনৰ জানুৱাৰী মাহৰ কোনোবা এটা সন্ধিয়া। কটন কলেজৰ মহেন্দ্ৰনাথ ডেকাফুকন হোষ্টেলৰ আমাৰ ৰুম ‘Pandemonium’ (আমি ৰুমৰ অৱস্থা বুজি নিজে মৰমতে দিয়া নাম) এক বিৰল শান্তি বিৰাজ কৰিছে। ৰুমত মই অকলে। এসময়ত দৰ্জ্জাত টোকৰ পৰিল আৰু পাতল মাখন ৰঙৰ কোটচোলা পিন্ধি থকা ৰা এজন সোমাই আহি সুধিলে,”চিন্তা আছে নেকি?” চিন্তা মানে চিন্তামণি দাসআমাৰ চিনিয়ৰ। মই আগন্তুকক উত্তৰ দিলো,”নাই তাৰ পাছত মনলৈ আহিল যে ৰাজনকতো মই জানো ! লগে লগে বহাৰ পৰা উঠি মই তেওৰ ওচৰলৈ গৈ সুধিলো,’আপুনি জুবিন গাৰ্গ নহয় জানো ?” মিচিকিয়াই হাঁহি মাৰি লগে লগে তেও হাত আগবঢ়াই দিলে কৰমৰ্দ্দন কৰিবলৈ। ইতিমধ্যেঅনামিকা’, ‘মায়াগাই গোটেই অসমতে বিখ্যাত হোৱা ৰাজন ইমান নিৰহংকাৰী হোৱা দেখি ভাল লাগিছিল। তাৰ পাছৰ ১০/১৫ মিনিট জুবিন গাৰ্গ আৰু মই ‘MNDP’ হোষ্টেলৰ উধৰ পৰা মূধলৈকে চিন্তাদাক বিচাৰি আছিলো। মাজে মাজে জুবিন গাৰ্গেচিন্তা!, চিন্তা!’ বুলি মাতি আছিল। চিন্তাদা নাছিল।

প্ৰায় ২৬ বছৰৰ পাছৰ এই ২০১৯ চনৰ অক্টোবৰ মাহৰ কথা। অসমতে নহয়, ভাৰততে নহয়, ভাৰতৰ বাহিৰৰ ভাৰতীয়সকলৰো মাজত জনপ্ৰিয় জুবিন গাৰ্গ আহিছে আমষ্টাৰ্ডামৰ বঙালী দুৰ্গা পূজাত গান গাবলৈ। ইউৰোপৰ নানা ঠাইত একেৰাহে অনুষ্ঠান কৰি কৰি প্ৰায় এসপ্তাহ ভালকৈ শুবলৈ নোপোৱা মানুহজনে ভালকৈ এটাৰ পাছত আনটো গান গাই গৈছে। যিহেতু বঙালীসকলৰ পূজা গতিকে বঙালী আৰু হিন্দী গানেই গাই ছে। এসময়ত যেই বিহু গালে, আমি উপস্থিত থকা ৩০টামান অসমীয়াই হিয়া ঢালি বিহু নাচিবলৈ লো। তাকে দেখি বঙালীসকলেই জুবিন গাৰ্গক আকৌ এটা বিহু গাবলৈ অনুৰোধ কৰিলে। মুঠতে এটা খুব ফূৰ্ত্তিৰ পৰিবেশৰ সৃষ্টি ল।

আমি অসমীয়াখিনিয়ে আগতেই ভাবি গৈছিলো যে অনুষ্ঠানৰ পাছত জুবিন গাৰ্গৰ লগত ফটো উঠিম। কিন্তু গান গোৱা শেষ হোৱাৰ লগে লগে জুবিন গাৰ্গক লগ ধৰিবলৈ মানুহৰ যিটো ভিৰ হ’ল – কৰ্ম্মকৰ্ত্তাই তেওক মানুহে গম নোপোৱাকৈ পুজা মণ্ডপৰ পৰা আঁতৰায়েই লৈ গ’ল। কিন্তু আমিও জানো কম! অলপ খোজ খবৰ লৈ গম পালো যে জুবিন গাৰ্গ একেবাৰে ওচৰৰ হোটেল এখনতে আছে – মানে গাড়ীৰে পাঁচ মিনিট। গতিকে আমি ১৫টা মান ওলালো নিজৰ নিজৰ গাড়ী লৈ আৰু হোটেল পালোগৈ। জুবিন গাৰ্গ হোটেলৰ বাৰখনতে বহি আছে। আমি যোৱা দেখি সেই ২৬ বছৰৰ আগৰ দৰেই মিচিকিয়াই হাঁহি মাৰি আমাক সম্ভাষণ জনালে। বুজিলো – ইমান সফলতায়ো মানুহজনক সলনি কৰিব পৰা নাই।

তাৰ পাছৰ আধা ঘণ্টা আমিবিলাকে জুবিন গাৰ্গৰ লগত বৰ ঘৰুৱাভাবে খুলাখুলিকৈ কথা পাতিছিলো। আমি আইন্দহোভেনত থাকো বুলি কোৱাত লগে লগে উত্তৰ দিলে,”নাম শুনিছো। ভাল ফুটবল ক্লাব আছে।“ কথাষাৰ শুনি মোৰ ভাল লাগি গ’ল। কাৰণ  শান্ত শিষ্ট সাধাৰণতে কাৰো লগতে সিমান কথা নপতা মোৰ ভতিজা এটাৰ বাহিৰে আইন্দহোভেনৰ নাম শুনা অসমত থকা অসমীয়া মই কাকো লগেই পোৱা নাই! বাৰু সি যি কি নহওক, নিজনী নভগৰ্ড, ৰাছিয়াত পতা ফুটবলৰ বিশ্বকাপ, চানদুবিৰ ছোৱালীৰ ফুটবল ক্লাব, নানাজনক তেও কৰি থকা সহায়ৰ পৰা আৰম্ভ কৰি তেওৰ মৰমৰ কুকুৰ চিৰাং গাৰ্গ, আপোন বান্দৰটোলৈকে বহু কথা জুবিন গাৰ্গৰ লগত ওলাল। মানুহটো প্ৰায় সম্পূৰ্ণ্ণ নিচাত, আমাৰ মৰমৰ গোটেইকেইটা অসমীয়া শব্দও সেই ৩০ মিনিটত উচ্চাৰণ কৰিলে কিন্তু তাৰ লগতে প্ৰত্যেকটো কথাত অসম আৰু অসমীয়াৰ প্ৰতি অকুণ্ঠ ভাল পোৱা দেখিছিলো। লগতে দেখিছিলো এটা নিৰ্ভিক ভাব, নিজৰ ওপৰত দৃঢ় বিশ্বাস, নতুন কিবা এটা কৰাৰ মন আৰু তাৰ সমানুপাতিকভাবে মনৰ বিচক্ষণতা। গম পাইছিলো জুবিন গাৰ্গ কলাৰ জগতত পদাৰ্পণ কৰাৰ পৰা প্ৰায় তিনি দশকৰ পিছতো কিয় আজিও ইমান প্ৰাসংগিক হৈ আছে।
অহাৰ আগে আগে তেওৰ হাতত ধৰি কৈছিলো, ড° ভূপেন হাজৰিকাৰ পাছত আপোনাক লৈয়ে আমি গৌৰব কৰো। Thanks for everything। নিজৰ স্বাস্থ্যৰ যত্ন ল’ব।“ জুবিন গাৰ্গে মোৰ কথাখিনি বৰ মনোযোগেৰে শুনিছিল। কিন্তু মনোযোগেৰে শুনিবৰ কাৰণে প্ৰথমে হাতত থকা হুইস্কি গিলাচ ঘট ঘট কৈ খাই শেষ কৰি লৈছিল।

জুবিন গাৰ্গে অবিৰত ভাবে ধুনীয়া সৃষ্টিৰাজিৰে প্ৰমাণ কৰি আহিছে যে তেও ভাগৰা নাই। অসমৰ গৌৰব এই মানুহজনক আকৌ এবাৰ অনুৰোধ জনাও তেও যেন জীৱনটো হেৰোৱাবৰ সুবিধা কৰি দিয়া কামবোৰৰ পৰা আঁতৰত থাকে। কাৰণ তেওৰ জীৱন হেৰালে আমাৰ সকলোৰে বহু কিছু হেৰাই থাকিব।

Saturday, 30 November 2019

মই এটা জ্ঞানীমূৰ্খ

মই  এটা জ্ঞানীমূৰ্খ ।
টোগলক পুৰণা হল,
এতিয়া মোৰ ৰাজত্ব ।

প্ৰজ্ঞাৰ চাকি মই
অনুসন্ধিতসাৰে  জ্বলাই নিও ।
বহু লোকক উপদেশো দিও ।

শহাৰ দৰে গতি মোৰ -
পিছে মই শুই থাকোতে,
কাছই মোক ছেৰ পেলায়।
এটা নহয় দুটা নহয় বহু কেইটাই ।

বেজীৰ জলা মনো মই, কুঠাৰৰ জলা নমনো।
নিজৰ ভাল বেয়া বুজিও নুবুজো।

মই জ্ঞানৰ সাধনাত ব্ৰতী।
তেনেহলে কʼত মোৰ প্ৰগতি ?
এয়া গতি নহয়, অগতি ।

একে একে দুই হয়।
মই আজিকালি হিচাব কৰিলে শূণ্যতে ৰয়।

নাই, একো নাই ।
প্ৰতিটো মূহুৰ্ত্তই মোৰ হাঁহি,
প্ৰতিটো মূহুৰ্ত্ততে দুখ আহে ভাঁহি ।

মই এটা জ্ঞানীমূৰ্খ ।
টোগলক পুৰণা হল,
এতিয়া মোৰ ৰাজত্ব ।






Friday, 8 November 2019

The Indestructible


For the Assamese version, please click here.


Na Hanyate (The Indestructible)

How do you measure how influential a person is? Through wealth, intellect, educational qualifications or political connections? Today, I am going to write about a person who probably did not have any of the above but still his life, his ways will remain a big influence for a person like me and many others.

Sanjib Bordoloi – my mama (maternal uncle). With a hefty, healthy, well-built body, he was known as ‘Palowaan’ (the strong man). He was an active social worker, a very good player, a person who would do anything for the greater family, a sincere employee – in short an extra-ordinary ordinary man!  A friend in need, a go-to-man for all.
We were eight nephews and nieces for one mama (mama here is always maternal uncle, never ‘mother’ mamaJ). But every one of us was equally immersed in his ocean of love. He was like ten mamas into one. But this is just one aspect of his persona. From where to start and where to stop !

Who are Kohli, Tendulkar ! Sanjib mama is our most beloved cricketer !!
I like Virat Kohli. I am a die-hard fan of Sachin Tendulkar. But it is Sanjib Bordoloi who comes to our mind first when we think about cricket. Mama was a very good batsman, bowler and a part-time wicket keeper of the ONGC (where mama worked) regional cricket team. He was the saviour of his team with the bat and the ball on many occasions. He was handy as a wicket keeper too. Once, he gave his team a vital wicket of the opponent by diving and catching like Dhoni behind the stumps. But while doing so, he strained his waist and the pain therefrom kept bothering him on and off for many years. In our childhood, whenever he used to get this trouble, of course, we felt bad but there was still a sense of pride in it. After all, that was no ordinary pain. Our ‘flying Bordoloi’ earned it like ‘the flying Sikh’!  He too took it in his stride. For, he was a man with true sportsman spirit and it was reflected in everything that he did in his life.

The ONGC bicycle
Before buying a motor scooter and a car afterwards, Sanjib mama used to cycle to work. With a feeling of ‘Vasudhaiva Kutumbakam  - the world is one family’, the idea of locking the bicycle was foreign to him. So, very soon it became ‘the ONGC bicycle’. Someone from the office needed to run errands – this ‘public’ bike came to the rescue. One day, after office, Sanjib mama came to the cycle stand. He saw that someone is about to go in his bicycle. He asked the stranger,”I need it now.” The other man replied, “I came first, so it’s my turn.”  Mama asked, “Whose bike is it?”.  Pat came the reply, “Don’t know. It’s always here.”!

O’ Sanjibda (O’ brother Sanjib !)
Nikunja – a playful, expert in household chores, full-of-life young girl. She used to stay in our grandparents’ house. Sanjib mama treated her like his younger sister. One day, while playing with her friends, she met with a grievous accident. Mama rushed her to doctor, did everything he could to get the best treatment. He would by her side day and night. He forgot his sleep. Despite all these, Nikunja left all for heavenly abode. Her father too was by her side. Even in that moment of grief, he told mama that he (mama) did more than a father for his daughter. That was Sanjib Bordoloi !

Jiska koyi nahi, uska toh Sanjib Bordoloi hai yaaron (Those who don’t have anyone in this world, have Sanjib Bordoloi)
I needed a good cricket bat. Where did it come from? Of course, Sanjib mama.
Someone is rendered helpless by his or her near and dear ones. Who came forward to help them ?  Sanjib Bordoloi. If needed he would give them shelter in his own house – not for a day or two, not even for a month or two – but for years together.

Once upon a time, when music cassettes were well in use, I was riding pillion in Sanjib mama’s bicycle. Suddenly, a voice came out from across the street, “Dada (Big brother)! New cassettes have arrived.” Our mama replied, “Keep them packed.”!  No need to see whether those cassettes are good or bad. Probably he thought that whatever be the quality, it would be a help to the shopkeeper, who was like his brother.

There is some function in the village – Call Palowan – he would take care of the event! A deceased needs to be cremated – Palowan takes lead. Someone’s wedding – thousand guests are invited – Sanjib Bordoloi would ensure that everyone gets the right care and attention that everyone dined well and on time! There is some issue in some ONGC drilling site in the vicinity, Sanjib Bordoloi to the rescue!

I was a small child then. So were my cousins. We all met once in Mama’s house. Someone gave us toffees. Everyone relished their toffees already but I increased my joy by keeping it in my pocket. Suddenly, one of my cousins burst out crying saying that her toffee was bent! She ate it, enjoyed it and then she did this! She was inconsolable. Very unwillingly, I had to give mine to pacify her as there was no toffee left. It was a matter of one toffee – others probably did not even notice that I was upset. But Mama did. Next day, he took only me to the store for the much needed compensation!

Many years after that - I was going to appear for my 10th standard exam – one of the most famous exams in India. Doubt, anxiousness, a bit of fear all were playing in my head. On the day before the exam started, Sanjib Mama came to our place travelling 200 kilometers (do keep in mind, commuting was not that smooth those days) just to be my side, to wish me well and to give me courage and positivity without saying much. It is said that empathy is the mother of all emotions. Sanjib Mama had an ocean of empathy inside him. Just like Mahatma Gandhi. It was shown very well in a scene in the movie ‘Gandhi’ by Richard Attenborough. Nehru, Patel et al was visiting Gandhi in Sabarmati Ashram to discuss some important matter. Bapu conversed with them with utmost sincerity and concentration. At a certain point, he stood up and said, “I need to go now. A small girl’s goat is injured and I promised to go at this time to take care”. Probably that is why, 22 years back, when I ‘got caught’ by him dating my girlfriend, I behaved in the same way as I would do if it was a friend in place of Mama. If you are from outside India, this may sound bit strange but dating is not so ‘social’ not at least in those days.

I was with my girlfriend in the famous Nehru Park in Guwahati  (Girlfriend 1.0 then. Upgraded till version 7.0. Then the same was repackaged as ‘Wife’ and installed. Version 16.0 of the same software is currently running in my system). Suddenly, I spotted Mama, Mami (Mama’s wife) and their son at the gate. Instead of running away from there, I could gather the courage to go and introduce her to them. Later I got to know from my youngest maternal auntie that Mama really liked the way I handled the situation. It was actually inspired by him, by his simplicity, honesty.


Bihu, Bhaona, Theatre,Cinema
The Bihu festival, the integral part of Assamese ethos, was very close to Mama. He was a very good Bihu dancer. Even today, probably the photos of ‘Bihua Bordoloi’ is adorning his house.

And Bhaona (a classical form of theatre introduced by 15th century saint Srimanta Sankardev) !  Because of his ‘palowan’ built-up, this eternally kind, ever empathetic person would always get the roles of through and through satanic demons. And, he would love every bit of it. His dialog delivery with roaring laughter at the top of his voice was always one of the prime attractions of the spectators. Because of this, his voice would become hoarse towards the end of Bhaona which typically goes till the wee hours of next day, but his enthusiasm was never dented a bit. He showed the same skills in modern day theatre as well.

It would be an injustice not to write about cinemas while writing about Sanjib Bordoloi. At one time, he probably never left a single movie in all the movie halls in his area. And if you missed a movie – not to worry – Mama could narrate the story in such a way that you could picturize almost the entire movie. In our childhood, whenever we visited him, it was an unwritten rule that we must watch one movie. This rule was never broken. Later came VCP/VCR – and immediately our one-movie-rule got changed to ten !


Na Hanyate (The Indestructible)
Our Mami was suffering a lot from diabetes and kidney related ailments. As a true partner, Mama devoted himself whole heartedly into caregiving. Jorhat, Dibrugarh, Guwahati, Bangalore,Chennai – he took her to many places to get the best of treatment. When the phase of dialysis came, he would drive Mami in his car for 8 hours per day for twice a week to the nearest best facility for dialysis, not to mention the gone-to-the-dogs road conditions. It was during one such fateful journey that a vehicle from a wrong direction hit Mama’s car rendering him severely injured. Great sportsman that he was, he fought bravely for life for around two weeks and finally embraced death.
Good things happen to good people – so say people. Is this example of ‘good’ ? He dedicated his entire life doing good for others and then left this world before he turned sixty. Was not he entitled to some more happiness and peace ?

But no – to harbor such thoughts will be to disrespect Sanjib Mama. Just a month before his death, we went to see him and Mami to show our sympathy because Mami was not keeping well at all and Mama was going through hell managing house hold chores, office work and taking care of Mami almost all by himself. But when we met him, he gave us so much inspiration to lead good life despite any challenges that we completely forgot that we were there to console him. Such was his positive attitude. On his demise, it is natural for us to feel devastated but being negative will be really disrespecting his persona.

I thought of touching his feet to take his blessings, when I saw him last. But he created such a nice and easy atmosphere, I completely forgot about this touching-feet type of a serious matter. One or two days after his death, Sanjib Mama came to my dream. I touched his feet to take his blessings. Normally, one doesn’t feel touch in dream but I really felt his toes. I am a firm believer in science so I don’t believe in miraculous things. But the dream that day brought peace to me.

Sometimes, I think -  is Mama really no more ? No – Sanjib Bordoloi has not died. People like Sanjib Bordoloi don’t die. They are always alive through the good, noble deeds of people. He is true to his name – Sanjib which means ‘Giving life’.

I still hear sometimes – as if Sanjib Mama is calling me, “O’ Xuntu !” (“O’ Gold”  - as he used to call me and all my cousins lovingly).