এখন সুখী, স্বাস্থ্যৱান আৰু সমৃদ্ধিশালী অসম – নতুন বছৰৰ এয়াই সপোন। এই সপোনক বাস্তৱায়িত কৰিব পাৰো আমি সকলোৱে মিলি। আহক পণ কৰো যে আমি সৰু সৰু কথাত সুখী হ’ম। এই সুন্দৰ পৃথিৱীখনত যে জীয়াই থাকিবলৈ সুবিধা পাইছো তাতে আনন্দ লভিম – কাৰণ চিৰকাললৈ চকু মুদিলেইতো সকলো শেষ! কোনোবাই কৰা সহায়ৰ কাৰণে অন্তঃকৰণেৰে ধন্যবাদ জনাম। কাৰোবাক নিঃচাৰ্থভাৱে অকমান সহায় কৰিম – লাগিলে যিমান সৰু সহায়েই নহওক কিয়। বহুদিনৰ পৰা ভাবি থকা নিজৰ খুব ভাল লগা কাম এটা কৰিম। দিনৌ কেইমিনিটমান সময়ৰ কাৰণে হ’লেও অকমান ধ্যান কৰিম – ধৰি ল’ম মনটো শান্ত ৰখাৰ বাবে এচামুচ ঔষধ খাইছো।
সমৃদ্ধিশালী অসম – এই বিষয়ত বহুত কিবাকিবি লিখিব পাৰি। কিন্তু
ডাঙৰ ডাঙৰ কথা কোৱাতকৈ সৰু সৰু কামেৰে আৰম্ভ কৰাৰ সময় কেৱল আহিয়েই পৰা নাই, বৰং যাবৰেই
হ’ল। এই বোলে আজি কাম কৰা মানুহজনী নাহিল, ৰান্ধনীজনী নাহিল – মতা, মাইকী নিৰ্বিশেষে
ফুৰ্ত্তিমনেৰে শোটা-বাঢ়নী হাতত লওক, বাচন ধোৱক, ভাত বনাওক। আমাৰ অকমানহঁতেও পঢ়া-শুনাৰ
মাজতে মাক-দেউতাকক ঘৰৰ কামত অলপ সহায় কৰক। আপুনি চাগৈ ভাবিছে সমৃদ্ধিশালী অসমৰ নামত
মই এইবিলাক কি প্ৰলাপ বকিছো! এয়া প্ৰলাপ নহয় – শ্ৰমৰ মৰ্য্যাদাৰ বীজ, উন্নতিৰ লাইখুটা।
মোৰ এই জীৱনকালত মই বহু দেশ ফুৰিছো। তাৰে ভিতৰত জাৰ্মানী, ফ্ৰান্স, হাংগেৰী, চুইডেন,
মাৰ্কিন যুক্তৰাষ্ট্ৰ আৰু হলেণ্ড – এই ছখন দেশৰ মানুহৰ লগত মই বৰ ঘনিষ্ঠভাৱে কাম কৰিছো
আৰু তাৰ পৰা এইটো বুজিছো যে যিকোনো শ্ৰমৰ প্ৰতি মৰ্য্যাদা অবিহনে সমৃদ্ধি অসম্ভৱ।
২০২১ নিৰ্বাচনী বছৰো। এটা বিশেষ ধৰ্ম্মক ৰাষ্ট্ৰীয়তাবাদ বুলি
ভবাসকল আৰু ধৰ্ম্মনিৰপেক্ষ বুলি কৈও ধৰ্ম্মৰ ৰাজনীতি কৰাসকল! এই মান্ধাতাকলীয়া চিন্তা
বাদ দিয়ক। অসমখনৰ উন্নয়নত মনোযোগ কৰক। আৰু জাতীয়তাবাদী শক্তিসমূহলৈ বিনম্ৰ অনুৰোধ।
কেৱল আৱেগেৰে দেশৰ শুধৰণি নহয়। এয়া আমি ৩৫ বছৰ আগতেই গম পালো। গতিকে কথাবিলাক ভালকৈ
চালিজাৰি চাব।
Khub xamoy upajugi hoise
ReplyDeleteXundar hoise likhani
Khub hundar likhani.... Hundar thought process...
ReplyDelete