Friday, 22 March 2019


For the English version, please click here.

মন হীৰাদৈ ! চাইকেলত বুঢ়া, পিলিঙা
সৌৰভ মৰিকলঙীয়া
হলেণ্ড
সংস্কৃতিৰ বাহন

 “মন হীৰাদৈ! চাইকেল নহয় টিলিঙা” – ‘বোৱাৰী’ চিনেমাখনত আমাৰ আদৰৰ বিজু ফুকনে চাইকেল চলাই চলাই গাই যোৱা গানটো মনত পৰেনে ? মহানন্দ মজিন্দাৰ বৰুৱাৰ কণ্ঠৰ এই সুবাস মোৰ মনত প্ৰায় সদায় ভাঁহি থাকে। তাৰ কাৰণ আছে – মই হলেণ্ডত থাকো।

এসময়ত আমি অসমীয়া সকলে বহুত চাইকেল চলাইছিলো। ককাদেউতাৰ লগৰ মানুহে ১০-১৫ মাইল বাট চাইকেল চলাই চাকৰি কৰাৰ কথা শুনিছিলো। দেউতা, বৰদেউতাহঁতেও চাইকেল চলাই গোটেই জীৱন পাৰ কৰিলে। আমাৰ স্কুলীয়া জীৱনৰো সাৰথি চাইকেলখনেই আছিল। লাহে লাহে চাইকেলৰ প্ৰধান্য কমিল। চাইকেলৰ ঠাই ল’লে স্কুটাৰ, মটৰ চাইকেল, গাড়ীয়ে। তাৰ লগে লগে পৰিবেশক অলপো প্ৰদূষণ নকৰি বৰ সহজতে অলপ শাৰীৰিক পৰিশ্ৰম কৰাৰ সুযোগ এটাও নোহোৱা হোৱাৰ নিচিনা হ’ল।

কিন্তু ডাচ্চসকলে এই সুযোগ কেতিয়াও হেৰাবলৈ নিদিলে। গাড়ী মটৰ আহিল – সেইবিলাক আকোঁৱালি ল’লে যদিও চাইকেলখন নেৰিলে। চুট-টাই মাৰি যেতিয়া মানুহে চাইকেলখন চলাই যায় – তাক দেখি মনত এটা বৰ আনন্দ জন্মে। মুঠতে চাইকেলখনক সংস্কৃতিৰ একেবাৰে অবিচ্ছেদ্য অংগ কৰি পেলালে। মোৰ নিচিনা বাহিৰৰ মানুহে চাইকেলত অহা যোৱা কৰাৰ কথা শুনি থলুৱা মানুহসকলে স্বতঃস্ফূৰ্ত্ত ভাবে যিটো তৃপ্তিৰ হাঁহি মাৰে, তাৰ পৰা এইটো বৰ ধুনীয়াকৈ বুজিব পাৰি যে চাইকেলখন তেওলোকৰ কিমান আপোন! হলেণ্ডৰ প্ৰধানমন্ত্ৰীয়ে চৰকাৰী কামৰ সংক্ৰান্তত ৰজাক লগ ধৰিবলৈ ৰাজপ্ৰসাদলৈ চাইকেলত যোৱাৰ কথা হয়তো আপোনালোকৰ ইতিমধ্যে জ্ঞাত। প্ৰধানমন্ত্ৰী মাৰ্ক ৰুট্টেৰ চাইকেল চলাই যোৱা ফটোবিলাকে দেশখনৰ বিষয়ে বহুত কথা কৈ যায়। আমাৰ প্ৰধানমন্ত্ৰীৰো হলেণ্ডলৈ আহোতে চাইকেলৰ সৈতে ফটো আছে।




চাইকেল পথত কৰিছো ধ্যান আৰু ব্যয়াম - অবিৰাম, অবিৰাম

১৮৯০ চন। মানে আজিৰ পৰা প্ৰায় ১৩০ বছৰ আগৰ কথা। ডাচ্চ সকলে তেতিয়াই চাইকেলৰ কাৰণে বেলেগ ৰাস্তাৰ ব্যৱস্থা কৰিবলৈ আৰম্ভ কৰিছিল। আজি দেশখনৰ য’লৈকে নেযাওক লাগিলে, ৰঙা ৰঙৰ চাইকেল পথ বিলাক দেখিলে মনটো ভাল লাগি যায়। যেন ধমনীয়েদি বিশুদ্ধ তেজহে বৈ আছে। হয় – এই ৰাস্তাবিলাকে সঁচাকৈয়ে তেজ শুদ্ধিৰ ব্যৱস্থা কৰিছে। হলেণ্ডৰ প্ৰায় ৪০% মানুহৰ দৈনন্দিন যাতায়তৰ মূল বাহন হৈছে চাইকেল। বাকী ৬০%য়ো অলপ হ’লেও চাইকেল প্ৰায় চলায়েই। গতিকে গোটেই দেশখনেই কিমান স্বাস্থ্যৱান ভাবি চাওকচোন।

চাইকেল পথবিলাকৰ ওচৰ পাজৰৰ পৰিবেশটোও বৰ সুন্দৰ। কোনো চিত্ৰকৰৰ চিত্ৰপট যেন লাগে। তলত হলেণ্ডৰ চাইকেল পথৰ এখন ফটো আৰু তাৰ কাষতে বিখ্যাত ফৰাচী ইম্প্ৰেচ্ছনিষ্ট চিত্ৰকৰ ক্লাউড মনেৰ “The Road from Chailly to Fontainebleau” বোলা ১৮৬৪ চনত অঁকা চিত্ৰখন চাওকচোন।






চাইকেল চলাবলৈ ইয়াত অতি ভাল ৰাস্তা-ঘাটৰ ব্যৱস্থা থকাৰ লগতে ৰাস্তাৰ নিয়মবিলাকে চাইকেলক গাড়ী গুড়াতকৈ বেছি প্ৰাধান্য দিয়ে। যিবিলাক ঠাইত গাড়ীৰ ৰাস্তা আৰু চাইকেলৰ ৰাস্তাই কটাকটি কৰে, তাত সাধাৰণতেই গাড়ীয়ে চাইকেলক বাট এৰি দিব লাগে।

ইয়ালৈ অহাৰ আগলৈকে নানা ব্যস্ততাৰ কাৰণে শাৰীৰিক ব্যয়ামৰ কাৰণে অকণো সময়েই উলিয়াব পৰা নাছিলো। ইয়াতো প্ৰায় একেই ব্যস্ততা কিন্তু অফিচলৈ সপ্তাহত দুই-তিনিদিনমান চাইকেল লৈ যোৱা বুলিয়ে মোৰ সপ্তাহত প্ৰায় ৮০ কিলোমিটাৰমান চাইকেল চলোৱা হয়। মোৰ ১২ বছৰীয়া বৰ জীয়ৰীয়ে সপ্তাহত ৫০ কিলোমিটাৰ চাইকেল চলায়। আমাৰ এই চাইকেল চলোৱাৰ কথা শুনি আমাৰ মৰমৰ সম্বন্ধীয় ছোৱালী এজনী দুখত মৰ্ম্মাহত হৈ গৈছিল। বাংগালোৰত অনবৰতে গাড়ীতে থকা মানুহে এতিয়া চাইকেল চলাই ফুৰে ! গাড়ী মোৰ এতিয়াও আছে। কিন্তু চাইকেলখনত বহিলে যিটো শান্তি পাও, গাড়ীত সেইটো নেপাও।

সৰুতে মৰিকলঙৰ পাৰে পাৰে চাইকেল চলাই স্কুললৈ গৈছিলো। গাড়ী গুড়াৰ উপদ্ৰৱ কম থকা সেই সময়ত বৰ শান্তিৰে চাইকেল চলাইছিলো। এতিয়া আইণ্ডহোভেনৰ বিয়েট্ৰিক্স কেনেলৰ পাৰে পাৰে যেতিয়া চাইকেল চলাও, সেই একেই অনুভৱ হয়। মন ত্ৰিশ বছৰমান পাছলৈ উৰা মাৰে। শান্ত পৰিবেশটোত মোৰ কিবা ধ্যান কৰি থকাৰ নিচিনাহে লাগে। ওপৰৰ ৰাস্তাৰে যোৱা গাড়ীয়ে ক’ৰবাত কাৎচিত হৰ্ন বজায়। তেতিয়া মোৰ বৰ খং উঠে। যেন মোৰ ধ্যান ভংগহে কৰিলে। পাচ পাকতে মোৰ হাঁহিহে উঠে। কেইবছৰমান আগলৈকে মই এনেকুৱা ৰাস্তাৰে অহা-যোৱা কৰি আছিলো য’ত হৰ্নৰ বাহিৰে একোৱেই শুনা নেযায়।


মন মোৰ উৰা মাৰে, তোৰ কাষলৈ

সৰুতে দেতাৰ চাইকেলত উঠি খুব ঘুৰি ফুৰিছিলো। এইবিলাক কথা প্ৰায় পাহৰি পেলইছিলো। ইয়াত চাইকেল চলাই থাকিলে সেইবোৰ কথা মনত পৰে। বিশেষকৈ মোৰ সৰু ছোৱালীজনীক পাছফালে বহাই সন্ধিয়া যেতিয়া তাইৰ ‘after school care’অৰ পৰা ঘৰলৈ ঘুৰি আহো, অলপ দূৰ এটা লুংলুঙীয়া ৰাস্তাইদি আহো – যেন আমাৰ মৰিকলং গাঁৱৰ গুৰি পথাৰৰ মাজৰহে ৰাস্তা। সেইকণ ৰাস্তাত ষ্ট্ৰীটলাইট নাই। সেই তাহানি ৰাতিৰ কথা মনত পৰে। দেতা আৰু মই চাইকেলত। শান্ত পৰিবেশ। মাজে মাজে মৰিকলঙৰ ভেকুলীৰ মাত। এতিয়া মই চাইকেল চলাই যাও। সৰু জীয়ে মনৰ ফুৰ্ত্তিতে মাজে মাজে কিবা গুণগুণায়। মোৰ সেই পুৰণা কথা মনত পৰে আৰু বৰ ভাল লাগি যায়। যেন ‘time machine’অত গৈ মই অতীত পালোগৈ। ডলী ঘোষ বাইদেৱে অ‘ চেনাই, নিশা নাহে টোপনি‘ গানটোত চেনাইলৈ বুলি ‘মন মোৰ উৰা মাৰে, তোৰ কাষলৈ‘ বুলি গাইছিল। ঘিটমিট আন্ধাৰৰ নিমাত ৰাতিৰ চাইকেল যাত্ৰাই মোৰ মনক পিছে মোৰ দেতাৰ কাষলৈহে লৈ যায়।


Simplicity is the ultimate sophistication

“Simplicity is the ultimate sophistication” -  সৰলতাই চৰম সিদ্ধি – লিওনাৰ্ডো ডা ভিন্সিয়ে কৈছিল। কিন্তু দিনে দিনে আমাৰ জীৱনৰ পৰা সৰলতা নোহোৱা হৈ গৈ আছে। উন্নতিৰ নামত কুটিলতা সোমাই পৰিছে। পিছে ইয়াত যেতিয়া চাইকেল চলাই অফিচৰ সমুখৰ ট্ৰেফিক চিগনেলটোত ৰও – তেতিয়া এফালে থাকে এখন পথাৰ য’ত ঘোঁৰা চৰি থাকে। কাষৰ পুখুৰীত হাঁহে সাতুৰি থাকে। আনফালে থাকে আমাৰ অফিচ য’ত CD, DVDৰ দৰে বস্তুৰ উদ্ভাৱন হৈছিল আৰু আজিও নানা প্ৰযুক্তিবিদ্যাৰ অত্যাধুনিক গৱেষণা চলি আছে। তেতিয়া এটা ভাৱ হয় যে নতুনে পুৰণি সৰলতাক বাদ নিদিয়াকৈও আগ বাঢ়ি যোৱা সম্ভৱ। সহজ সৰল গাঁৱৰ জীৱনৰ লগত নগৰীয়া জীৱনৰ সহাৱস্থান কৰাটোও সম্ভৱ – অন্ততঃ ইয়াৰ মানুহে তাকে কৰিবলৈ চেষ্টা কৰিছে। চাইকেলখন যেন এই প্ৰচেষ্টাৰে প্ৰতীক। ইচ্ছা কৰিলে ইমানখিনি আমিও কৰিব পাৰো।

পেডেল মাৰি, মাৰি, মাৰি, মাৰি,মাৰি,মাৰি

সময়ৰ লগে লগে বহু কথাৰ সলনি হয়।মন হীৰাদৈ ঠাই এতিয়াপেডল মাৰি মাৰিয়ে লৈছে। পৰিবৰ্ত্তনৰ এই বতাহ যেন গানৰ পৰা গৈ মানুহৰ মনতো সোমাইছে। অসমৰ ঠায়ে ঠায়ে চাইকেলখন আকৌ মানুহৰ প্ৰিয় হৈ পৰিছে। বহু ঠাইত অনুগ্ৰাহীসকল একেলগ হৈ চাইকেল চলাবলৈ আৰম্ভ কৰিছে। এই প্ৰচেষ্টা বিলাকক আৰু প্ৰসাৰ কৰিব লাগিব। চাইকেলক আকৌ আমাৰ দৈনিক জীৱনলৈ আনিব লাগিব।

আহক – বুঢ়া, পিলিঙা ডেকা নিৰ্বিশেষে সপ্তাহত অন্ততঃ এদিন হ’লেও চাইকেলখন চলাও।

2 comments:

  1. সুন্দৰ সৌৰভ৷ধুনীয়াকৈ লিখিলা৷

    ReplyDelete
  2. Saurav ,tumar likhoni tu xosai bor bhal lagil.

    ReplyDelete