Sunday, 13 January 2019


For the English version, please click here.

মেন্‌ ইন্‌ দা মিৰৰ্‌

সৌৰভ মৰিকলঙীয়া
হলেণ্ড

এটা প্ৰশ্নেৰে আৰম্ভ কৰিব খুজিছো ।
আপোনাৰ ঘাই শত্ৰু  কোন  - ওচৰ পাজৰৰ কোনোবা, অফিচৰ ওপৰৱালা, সহকৰ্ম্মী, চৰকাৰ, চিষ্টেম, প্ৰতিবেশী দেশ নে আন কোনোবা ? আপোনাৰ উত্তৰ মই গম নেপাম কিন্তু এই সংক্ৰান্তত নিজৰ কথা এটা ক’বলৈ খুজিছো । ১০-১২ বছৰ মানৰ আগৰ কথা।

সৰুতে পঢ়াশুনাত বৰ বেয়া নাছিলো। আৰম্ভণিতে চাকৰিও ঠিকেই আছিল। কিন্তু লাহে লাহে দেখিলো যে চাকৰি জীৱনৰ উন্নতি বৰ মন্থৰ হৈ পৰিছে – বিকল হ’বলৈ লোৱা পুৰণা ইঞ্জিনে টনা গাড়ীৰ দৰে গতি হৈছে। মই ভাবি অন্ত কৰিব পৰা নাই – মোৰ মেধা শক্তি ভোটা হৈছে নে আন কিবা হেঙাৰ আহি পৰিছে। কিন্তু মোৰ নিচিনা মানুহেইতো দোপত দোপে আগ বাঢ়ি গৈছে। নাই – মই উত্তৰ বিচৰি নেপাও – হতাশাৰ পৰা নিজকে নিঃশেষ কৰি দিয়ালৈকে সকলো চিন্তা মনত ধুমুহাৰ দৰে চলি থাকিল – বহু দিনলৈ। বহু সময়ত ‘corporate governance system’অক দোষ দিলো, বহু সময়ত আনৰ ওপৰত সন্দেহ জন্মিল। কিন্তু কোনোটোৱেই মোৰ সমস্যাৰ মূল কাৰণ বুলি প্ৰত্যয় নজন্মিল। লাহে লাহে মই মোৰ চিন্তা বিলাকৰ লগত সহবাস কৰিবলৈ ল’লো। বৰ দুৰ্বিষহ আছিল সেই অনুভৱ ! সেই সময়তে নিজৰ সমস্যাৰ মূল কাৰণ বিচাৰি বাহিৰলৈ চোৱাতকৈ নিজৰ ভিতৰলৈ চাবলৈ আৰম্ভ ক’ৰিলো। প্ৰথমতে কিছুমান সৰুসুৰা কথা চকুলৈ আহিল – এই ধৰক সময়ৰ লগত খাপ খুৱাই মই নতুন ‘technology’ শিকাতো নিতান্তই দৰকাৰ। তথাপি মই মোৰ অন্তঃযাত্ৰাত ক্ষান্ত নহ’লো। আৰু ভিতৰলৈ সোমাই গ’লো। বহু সময়ৰ মূৰত মই মোৰ ঘাই শত্ৰু মোৰ নিজৰ ভিতৰতে বিচাৰি পালো। এটা নহয়, দুটা – মোৰ এলাহ আৰু মোৰ ভয়। দুইটাই মিলি মোক এনেকৈ বান্ধি ৰাখিছে যে আগবাঢ়ি যোৱাৰ কোনো সম্ভাৱনাই নাই। এলাহৰ কাৰণে আজিৰ কাম কাইলৈ, কাইলৈৰ কাম পৰহিলৈ হৈ হৈ বছৰ বছৰ পাৰ হৈছে। ভয়ৰ কাৰণে নিজৰ ‘comfort zone’ বাদ দি নতুন ‘challenging’ কৰিবলৈ সাহসেই নাই। আৰু যাৰ এই দুই ব্যধি আছে, সি জীৱনত সঁচা অৰ্থত কেতিয়াও আগবাঢ়িব নোৱাৰে।

যেতিয়াৰ পৰা নিজৰ শত্ৰুক চিনাক্ত কৰিব পাৰিলো, তেতিয়াৰ পৰা মনত মোৰ বৰ প্ৰশান্তি। দুই শত্ৰুক মই পূৰাকৈ জয় কৰিব পৰা নাই। কিছুমান যুদ্ধত সিহঁতক মই পৰাস্ত কৰিছো। বহু যুদ্ধত সিহঁতে এতিয়াও মোক মাধমাৰ দি আছে। কিন্তু মই পাৰ্য্যমানে চেষ্টা চলাই আহিছো।

নিজৰ শত্ৰুক নিজৰ ভিতৰতে বিচাৰি পাই এটা কথা বুজিলো যে নিজৰ সমস্যাৰ কাৰণে বেলেগক দোষ দিয়াটো সহজ আৰু লোকৰ দোষ দেখি সমালোচনা কৰাটোও সহজ। মই কোৱা নাই যে আপোনাৰ বেলেগ মানুহ শত্ৰু নোৱাৰেপাৰে। কিন্তু নিজৰ ভিতৰলৈ ভুমুকিয়াই চোৱাটো অত্যন্ত জৰুৰী। বিশেষকৈ আমি যেতিয়া আমাৰ সমস্যাৰ কাৰণে চৰকাৰ বা চিষ্টেম বোলা বস্তু এটাক জগৰীয়া কৰো তেতিয়া এই আত্মবিশ্লেষণ আৰু বেছি জৰুৰী হৈ পৰে। চৰকাৰ কোন ? চিষ্টেম কি ? আপোনাৰ মোৰ নিচিনা মানুহ বিলাকেইতো গৈ চৰকাৰ হয়। আমিয়েই এটা চিষ্টেম বনাও। আমি নিচেই ফুকলীয়া হৈ থাকোতে এটা ৰাজনৈতিক দল গঠন হৈছিল একেবাৰে সাধাৰণ, ৰাজনীতিৰ কুনীতিৰে কলূষিত নোহোৱা বুলি ভবা কিছুমান মানুহেৰে। ৰাজনীতি কি সেই সময়ত আমাৰ বুজাৰ অকমানো ক্ষমতা নাছিল কিন্তু পৰিবৰ্ত্তনৰ বতাহ ইমান শক্তিশালী আছিল যে সেই অকমাণি মইটোৱে সেই দলটোৰ চিহ্নৰ ছবি আঁকি ভগবানৰ থাপনাৰ ওচৰত থৈ দিছিলো – যাতে তেওলোক জয়যুক্ত হয়।

পিছে তাৰ ফলাফল কি  ? ‘লংকালৈ লে সকলো ৰাৱণ হয়’ – এই ফকৰা-যোজোনাভাগ আকৌ এবাৰ প্ৰমাণিত হোৱাৰ বাহিৰে আৰু একোতো নহ ! কিন্তু সেই অসফলতা কেৱল সেই চৰকাৰ চলোৱা মানুহ কেইজনৰে নহয়গোটেই সমাজখনৰে। আৰু এটা কথাসেই চৰকাৰখনক উদাহৰণ হিচাবে লোৱাৰ কাৰণ এইটোৱেই যে সেইখন একেবাৰে সাধাৰণ মানুহে গৈ গঠন কৰা চৰকাৰ আছিল। নহলে, অসফলতাৰ উদাহৰণ তাৰ আগৰ বা পাছৰ চৰকাৰৰো সিমানেই।

আমি যেনেকুৱাচৰকাৰো তেনেকুৱাই ব। চৰকাৰ যদি উৎপাদিত সামগ্ৰী, তাক বনোৱাৰ সম্পূৰ্ণ্ণ কেঁচামাল আৰু বনোৱাৰ বুনিয়াদী নিয়ম-বিধি বৃহত্তৰ সমাজখনৰ পৰা, সমাজখনৰ মূল্যবোধৰ পৰাই আহে। আমাক যদি চৰকাৰৰ পৰা কাম লাগে, তেনেহলে আমিও অফিচলৈ দেৰিকৈ গৈ সোনকালে অহাৰ কথা, অফিচৰ মাজতে নিজৰ কাম কৰিবলৈ ওলাই যোৱাৰ কথা বাদ দিব লাগিব। আয় কৰা প্ৰতিটো টকা কেৱল সৎ উপায়েৰেহে অৰ্জ্জন কৰিব লাগিব বুলি পণ কৰিব লাগিব (এয়া মাত্ৰ দুটামান উদাহৰণহে) নহলে আপুনি বা মই বা আমাৰ নিচিনা আন কোনোবাই যেতিয়া ভবিষ্যতে চৰকাৰ গঠন কৰিম তেতিয়া এই কুনীতিবিলাক ডাঙৰ পৰ্য্যায়ত চলাই যাম। তেতিয়া বেলেগে আমাক বেয়া বুলি কৈ থাকিবকাৰণ তেতিয়া আমি চৰকাৰআৰু আমি কেৰেপকে নকৰিম। এনেদৰেই বৃত্তিয় গতিত এই কাৰ্য্যসূচী চলি থাকিব।

হয়, নিজকে সলনি কৰা টান। কিন্তু আমি যদি প্ৰত্যেকে নিজৰ মাজত অকমানো পৰিবৰ্ত্তন আনিব পাৰো, সেই সকলো পৰিবৰ্ত্তন গোট খোৱালে এখন পৰিবৰ্ত্তনৰ মহাসাগৰৰ সৃষ্টি ব। আৰু, সেই মহাসাগৰৰ ঢৌৱে আমাক যুগ যুগ ধৰি জুৰুলা কৰি অহা বহু সমস্যা উটুৱাই লৈ যাব। এখ্ন ভাল চৰকাৰ আমাৰ নিজৰ মাজৰ পৰাই ওলাই আহিব। আমাৰ চিষ্টেমটো ইমান ধুনীয়া হৈ পৰিব যে সি গোটেই পৃথিৱীৰে ঈৰ্ষাৰ বস্তু হৈ পৰিব।

এয়া আমাৰ কাৰণে এক সপোন পাৰে কিন্তু অসম্ভৱ একেবাৰে নহয়। পৃথিৱীৰ বহু ঠাইত আমাৰ নিচিনা তেজ মঙহৰ মানুহে ইয়াক সঁচালৈ ৰূপান্তৰিত কৰিছে। জাৰ্মানী দেশখনলৈকে চাওক। জাৰ্মান পাচলি কটা মেচিনেই হওক বা অত্যাধুনিক গাড়ীয়েই হওক, তাৰ গুণগত মানদণ্ড ইমান বেছি যে আজি জাৰ্মানী আৰু ‘Quality’ সমাৰ্থক হৈ পৰিছে। এই সংস্কৃতি আকাশৰ পৰা পৰা নাই বা কোনো চৰকাৰে উপহাৰো দিয়া নাইপ্ৰত্যেকটো জাৰ্মান পুৰুষ আৰু মহিলাই মিলি তাক গঢ় দিছে। মোৰ কৰ্ম্মজীৱনত বহু জাৰ্মান মানুহৰ লগত কাম কৰাৰ সৌভাগ্য হৈছে। তেওলোক সকোলোৰে নিভাঁজ কৰ্ত্তব্যপৰায়ণতা, নিয়মানুবৰ্ত্তিতা, সকলো ধৰণৰ শ্ৰমৰ প্ৰতি থকা মৰ্য্যাদা তবধ মানিবলগীয়া মেধাশক্তি বা আনফালৰপৰা তেওলোক আমাতকৈ বৰ বেছি বেলেগ একো নহয়। গতিকে তেওলোকে যদি পাৰিছে, আমিও পাৰিম।

“Be the change that you wish to see in the world” – জাতিৰ পিতা মহাত্মা গান্ধীয়ে কৈছিল। তাৰ অনুৰণন সৰ্বত্ৰ। আমেৰিকাৰ বিখ্যাত পপ গায়ক মাইকেল জেকচনেও নিজৰ গানত কৈ গৈছে -
“I'm gonna make a change,
For once I'm my life
It's gonna feel real good,
Gonna make a difference
Gonna make it right
.
.
.
I'm starting with the man in the mirror
I'm asking him to change his ways
And no message could have been any clearer
If you want to make the world a better place
Take a look at yourself, and then make a change”

আমাৰ এখন সুন্দৰ পৃথিৱী হ’ব – আৰু তাক আমি নিজেই গঢ়িম – পৰমুখাপেক্ষী হৈ কাৰোলৈ বাট চাই নেথাকো !


Tuesday, 11 December 2018


বাল্টিক সাগৰৰ উপকূলত অসমৰ চাহ আৰু পোলেণ্ডৰ পনীৰ
সৌৰভ মৰিকলঙীয়া
 হলেণ্ড

১২ অক্টোবৰ ২০১৮ | কাহিলি পুৱাতে সাৰ পালো | দৈনন্দিন জীৱনৰ ব্যস্ততা ভাঙ্গিবলৈ মোৰ মনে মোক ক’লে, “কেইদিনমানৰ বিৰতি লোৱা |” নিজকে নিজে কোৱা কথাষাৰ শুনি ভাল পালো | লগে লগে দেহাটো বিচনাৰ পৰা উঠাই আনি লেপটপ খুলিলো – ক’লৈ সোনকালে যাব পাৰি চাবৰ কাৰণে | নামটোৰ বাহিৰে বিশেষ একো নজনা পোলেণ্ডৰ গেডান্স্ক (Gdansk) বোলা চহৰ এখনলৈ যাম বুলি প্ৰায় লগে লগে সিদ্ধান্ত ল’লো | আবেলিলৈকে সকলো যোগাৰ সম্পূৰ্ণ কৰিলো আৰু এসপ্তাহৰ ভিতৰতে গেডান্স্ক পলোগৈ |

গেডান্স্ক – পোলিশ্ব ভাষাত গেডান্স্ক, জাৰ্মান ভাষাত ডান্‌জিগ | বাল্টিক সাগৰৰ উপকূলত অৱস্থিত ইউৰোপৰ এখন ডাঙৰ নদী ভিস্তুলাৰ উপনদী মটলাৱাৰ কাষৰ এখন পুৰণা চহৰ | গেডান্স্কৰ লিখিত বুৰঞ্জী এহাজাৰ বছৰতকৈ বেছি পুৰণা | বৰ্ত্তমানৰ ৰাজধানী ৱাৰ্শ্বৰ প্ৰধান্য বাঢ়ি অহাৰ আগলৈকে, পোলেণ্ডৰ আটাইতকৈ ধনী আৰু ডাঙৰ চহৰ বুলি জনাজাত গেডান্স্ক কিন্তু ইতিহাস সলনি কৰা বহু ঘটনাৰো  সাক্ষী | চহৰখনৰ সীমাতে দ্বিতীয় বিশ্বযুদ্ধৰ প্ৰথম সংঘৰ্ষখন (ৱেষ্টাৰপ্লেটৰ যুদ্ধ ১-৭ চেপ্টেম্বৰ ১৯৩৯) হৈছিল যেতিয়া জাৰ্মানীয়ে পোলেণ্ড আক্ৰমণ কৰিছিল | ১৯৮০ৰ দশকত ইয়াতে Solidarity (একাত্মবোধ) আন্দোলন আৰম্ভ হৈছিল যাৰ ফলত পোলেণ্ডত সাম্যবাদী শাসনৰ অন্ত পৰিছিল – জাৰ্মানীৰ বাৰ্লিন চহৰক সাম্যবাদী আৰু পূঁজিপতিৰ মাজত ভাগ কৰি ৰখা বাৰ্লিন দেৱাল আৰু ছোভিয়েট ব্লকৰ পতনৰ স্ফুলিঙ্গও ইয়াৰ পৰাই অহা বুলি কোৱা হয় |

ইতিহাসে গৰকা গেডান্স্কত ভৰি দিয়েই ভাল লাগিল | পোলেণ্ড এতিয়া প্ৰগতিৰ পথত দোপত দোপে আগ বাঢ়িছে | পোলেণ্ডৰ নতুন প্ৰত্তিপত্তিৰ চিন বহু বস্তুতে দেখিলো |

এয়াৰপ’ৰ্টৰ পৰা টেক্সিৰে গৈ এসময়ত হোটেলত উপস্থিত হলোগৈ | হোটেলৰ প্ৰায় গাতে গা লাগি ধিৰ স্থিৰ ভাবে এবুকু ঠাণ্ডা পানী লৈ বৈ থকা মটলাৱা নদীখনে যেন আমাক উষ্ম আদৰণি জনালে |





হোটেলৰ ৰুম খুলি প্ৰথমে কি দেখিলো ? ‘Special Assam Tea’ বুলি লিখা কেইটামান চাহৰ বেগ ! ধুনীয়াকৈ সজাই থোৱা আছে | মনটো একেবাৰে আপোন আপোন ভাবেৰে ভৰি পৰিল | আমেৰিকা বা ইংলেণ্ড হলেও কথাটো বেলেগ – বোলে অসমীয়া বা আন ভাৰতীয় থাহ খাই আছে – কিন্তু পোলেণ্ডৰ গেডান্স্কত ! অসমৰ পৰা সাত হাজাৰ কিলোমিটাৰ দূৰৈত বাল্টিক সাগৰৰ উপকূলত বহি অসমৰ চাহ খোৱাৰ আমেজেই বেলেগ ! মই আপোনাক কৈ বুজাব নোৱাৰো | কেতিয়াবা নিজে আহি অনুভব কৰিব |






শীতৰে সেমেকা ৰাতি – আমি পিছে ওলালো গেডান্স্ক চহৰৰ মূল অঞ্চলত খোজ কাঢ়ি ফুৰিবলৈ । গ্ৰীন গেট, লংগ মাৰ্কেট, লংগ ষ্ট্ৰীট, নেপচুন ফাউণ্টেন, গ’ল্ডেন গেটৰ মাজেৰে ঘুৰি ফুৰি যেন শ শ বছৰ পাছলৈ ঘুৰি গ’লো আৰু কিছুমান প্ৰাণচঞ্চল মূহুৰ্ত্ত গোটাই আনিলো । মনলৈ আহিল প্ৰায় দেৰ হাজাৰ বছৰ পুৰণা আৰু দুখন চহৰ – মধ্য ইউৰোপৰ প্ৰাণকেন্দ্ৰ চেক্‌ গণৰাজ্যৰ ৰাজধানী প্ৰাগ্‌ আৰু মধ্যযুগীয় ইউৰোপৰ আটাইতকৈ ধনী (সেই সময়ত লণ্ডনতকৈও বেছি প্ৰতিপত্তিশীল) চহৰ বিলাকৰ এখন – বেলজিয়ামৰ ঘেণ্টৰ কথা । গেডান্স্কৰ অলিয়ে গলিয়ে যেন প্ৰাগ্‌ আৰু ঘেণ্টো অকমান অকমান কৈ সোমাই আছে ।

দ্বিতীয় দিনা ওলালো গেডান্স্কৰ পৰা ৭০ কিলোমিটাৰ মান দূৰৈত স্থিত, মাটিকালিৰ ফালৰ পৰা পৃথিৱীৰ আটাইতকৈ ডাঙৰ দুৰ্গ মালবৰ্ক কেচল (castle) চাবলৈ। ৭০০ বছৰ আগতে জাৰ্মান ধৰ্ম্মযুদ্ধকাৰীসকলে বনোৱা – ভিতৰি ভিতৰি খোজ কাঢ়ি কাঢ়ি অন্ত কৰিব নোৱাৰা এই দুৰ্গ । সময়ৰ বা-মাৰলী সহিও থিয় হৈ থকা এই দুৰ্গক UNESCO-ই বিশ বছৰৰ আগতেই ‘World Heritage Site’ৰ অন্তৰ্ভুক্ত কৰিছে ।







এই পুৰণা দুৰ্গটোতে এটা বৰ আধুনিক অভিজ্ঞতা ল। দেশ বিদেশৰ নানা সংগ্ৰহালয় ইত্যাদিত বুটাম টিপা অডিও গাইড বহু দেখিলো। মানে ধৰক, সংগ্ৰহালয়ৰ চিত্ৰ এখনৰ ওচৰলৈ ল। তাৰ কাষতে এটা নম্বৰ লিখা থাকিব। তাকে অপোনাৰ অডিও গাইডত সোমোৱাই দিলে সেই চিত্ৰখনৰ ওপৰত বৰ ধুনীয়া বৰ্ণনা এটা শুনিবলৈ পাব। মালবৰ্ক কেচলৰ অডিও গাইড আছিল আৰু অত্যাধুনিক। GPS (Global Positioning System) লগত এনে ভাল সংযোগ কৰিছে যে মই যিটো ৰুমলৈ গৈছো সেইটো ৰুমৰে বক্তৃতা আপোনা আপুনি আৰম্ভ হৈছে। প্ৰযুক্তিবিদ্যাৰ মহিমা !







দুৰ্গটোত ঘূৰি ফুৰোতেই সকলোৰে ভোক লাগিল। তাৰ ভিতৰতে দুখন বৰ ভাল ৰেষ্টোৰেণ্ট আছিল। তাৰে এখনলৈ গ’লো। আন বহু বস্তুৰ লগতে পোলেণ্ডৰ একেবাৰে ঘৰুৱা চিজ্‌ (cheese)ও খাবলৈ অৰ্ডাৰ দিলো। এসময়ত খোৱা আহিল – খাবলৈ আৰম্ভ কৰিলো। যেই চিজ্‌ মুখত দিলো – আও, এয়া দেখোন সাইলাখ আমাৰ পনীৰ ! আমি ‘পনীৰ, পনীৰ’ বুলি গৌৰৱ কৰি আছো আৰু পোলিশ্বসকলে হয়তো ‘ত্বাৰোজেক্‌, ত্বাৰোজেক্‌’ বুলি আনন্দ পাইছে – কিন্তু সোৱাদ – একেই ! বুজি পালো – সোৱাদে দেশৰ সীমা নুবুজে।









গেডান্স্‌কলৈ ঘূৰি আহিবলৈ সময় হ’ল। যাওতে গাড়ীৰে গৈছিলো। ঘূৰি আহোতে ট্ৰেইনেৰে আহিম বুলি ভাবিলো। মালবৰ্ক ট্ৰেইন ষ্টেচন পালোহি। চাফা চুফা কৰি দিলে আমাৰ বাঙ্গালোৰ বা গুৱাহাটী ষ্টেচন যেনে দেখা যাব, একেবাৰে তেনেকুৱা। মনটো বৰ ভাল লাগি গ’ল – সেই পঢ়াকালৰ মাঙ্গালোৰ-গুৱাহাটীৰ মাজৰ ৯৬ ঘণ্টীয়া ৰেল যাত্ৰা বিলাকলৈ মনত পৰিল। ট্ৰেইনখন ঘৰ যেন হৈ পৰিছিল আৰু ষ্টেচনবিলাক হৈছিল খোৱা বোৱা কৰা, হাত ভৰি অলপ পোনোৱাৰ ঠাই। ভাৰতৰ ট্ৰেইন ষ্টেচনবিলাক বৰ প্ৰাণোচ্ছল – সেয়া লাগিলে বাঙ্গালোৰেই হওক, বা ৰাজামুন্দ্ৰী, হাওড়া, গুৱাহাটী, চাপৰমুখেই হওক – সকলো এফালৰপৰা কিছু প্ৰণৱন্ত মূহুৰ্ত্তৰ সমষ্টি। কেৱল এটাই বেয়া – বৰ লেতেৰা। ইউৰোপৰ ষ্টেচনবিলাক চাফা, আধুনিক প্ৰযুক্তিৰে ভৰা পিছে মৃতপ্ৰায় – যেন প্ৰাণেই নাই। তেনে পৰিপ্ৰেক্ষিতত মালবৰ্ক ট্ৰেইন ষ্টেচনটো দেখি বৰ ভাল লাগিল – ভাৰতীয় প্ৰাণ আৰু ইউৰোপীয় পৰিষ্কাৰ পৰিচ্ছন্নতা,আধুনিকতাই একেলগে বাহৰ পাতিছেহি।








তৃতীয়দিনা গৈছিলো গেডান্স্কৰ সদ্য উন্মোচিত দ্বিতীয় বিশ্বযুদ্ধৰ সংগ্ৰহালয়লৈ। এটা অত্যাধুনিক অট্টালিক্কাৰ ভিতৰতসুন্দৰ ব্যৱস্থাৰে যুদ্ধখনে জোলোকা জোলোকে শিকোৱা পোলেণ্ড দেশখনৰ ১৯৩৯ চনৰ পৰা ১৯৪৫ চনলৈকে হোৱা অৱস্থাৰ বৰ নিখুঁত অৰু মন চুই যোৱা প্ৰদৰ্শনী। যুদ্ধৰত দেশপ্ৰেমীলৈ ঘৰৰ পৰা অহা চিঠিৰ পৰা আৰম্ভ কৰি দ্বিতীয় বিশ্বযুদ্ধত ব্যৱহাৰ হোৱা বিখ্যাত শ্বাৰমান টেংকলৈকে সকলো দেখা পালো। মুছোলিনীৰ পৰা হিটলাৰলৈকে সকলো পিশাচৰ কথা, ভালৰ মুখা পিন্ধা ষ্টেলিনৰ দৰে পিশাচতকৈয়ো পিশাচবিলাকৰ কথা আকৌ গম পালো। ৰাতি শুবৰ সময়ত আমাৰ ছবছৰীয়া সৰুজীয়ে বৰ চিন্তিত মনেৰে আহি ক’লে যে এখন তৃতীয় বিশ্বযুদ্ধ আৰু হ’ব নেলাগে। তাইৰ কুমলীয়া মনটোক চিন্তাত পেলোৱাত অলপ বেয়া লাগিল কিন্তু লগতে ভাবিলো যে সংগ্ৰহালয়টো নিজৰ উদেশ্যত সফল হৈছে – ডাঙৰৰ পৰা সৰুলৈকে সকলোকে যুদ্ধৰ বিভীষিকা বুজাব পাৰিছে। লগতে আৰু এটা চিন্তাৰো উদ্ৰেক হ’ল – হয়, নামত তৃতীয় বিশ্বযুদ্ধ হোৱা নাই কিন্তু আতংক, অস্তিত্ব আদি নানা কাৰণত পৃথিৱীৰ চুকে কোণে দিনৌ যিমান মানুহ মৰি আছে, সেয়া একেলগ কৰিলে কোনোবা বিশ্বযুদ্ধতকৈ কম হ’বনে ? গম নোপোৱাকৈয়ে তৃতীয় বিশ্বযুদ্ধ চলি আছে, নিউক্লিয়েৰ অস্ত্ৰই ক্ষতি কৰিব পৰাতকৈ তলে তলে বেছি ক্ষতি কৰি আছে। ইয়াৰ শেষ ক’ত ?

বাৰু সি যি কি নহওক, হঠাতে গৈ ওলোৱা গেডান্স্কখনৰ পৰা বহু ভাল লগা অভিজ্ঞতা বুটলি আনিলো। আগতে নোযোৱা দেশ এখনৰ এটা প্ৰান্তলৈ গৈ মনৰ পৰিসৰ আৰু অলপ হ’লেও বেছি বহল হ’ল। হীৰুদাই কোৱাৰ দৰে –

“দেশে দেশে দেশ আছে
এনে বহু দেশৰ অৰঙে দৰঙে মই ঘূৰিছো
বহু বন্ধুৰ সতে হাতে হাত ধৰি ফুৰিছো
কেতিয়াবা সাগৰ পাৰত, কেতিয়াবা খেজুৰৰ তলত
নতুবা পাহাৰতলীত ক্ষন্তেক জীৰাইছো
বন্ধুৰ সতে প্ৰাণ খুলি প্ৰাণৰ কথা পাতিছো
তাৰ পাছত আকৌ আৰম্ভ কৰিছো নতুন যাত্ৰা”

গেডান্স্কৰ মনোমোহা ছবি অন্তৰত মচিব নোৱাৰাকৈ সোমাই ৰ’ল। যেংকুন্যে (ধন্যবাদ) গেডান্স্ক !