For the
English version, please click here.
মেন্
ইন্ দা মিৰৰ্
সৌৰভ মৰিকলঙীয়া
হলেণ্ড
এটা প্ৰশ্নেৰে
আৰম্ভ কৰিব খুজিছো ।
আপোনাৰ ঘাই শত্ৰু কোন - ওচৰ পাজৰৰ কোনোবা, অফিচৰ ওপৰৱালা, সহকৰ্ম্মী,
চৰকাৰ, চিষ্টেম, প্ৰতিবেশী দেশ নে আন কোনোবা ? আপোনাৰ উত্তৰ মই গম নেপাম কিন্তু এই
সংক্ৰান্তত নিজৰ কথা এটা ক’বলৈ খুজিছো । ১০-১২ বছৰ মানৰ আগৰ কথা।
সৰুতে পঢ়াশুনাত
বৰ বেয়া নাছিলো। আৰম্ভণিতে চাকৰিও ঠিকেই আছিল। কিন্তু লাহে লাহে দেখিলো যে চাকৰি জীৱনৰ
উন্নতি বৰ মন্থৰ হৈ পৰিছে – বিকল হ’বলৈ লোৱা পুৰণা ইঞ্জিনে টনা গাড়ীৰ দৰে গতি হৈছে।
মই ভাবি অন্ত কৰিব পৰা নাই – মোৰ মেধা শক্তি ভোটা হৈছে নে আন কিবা হেঙাৰ আহি পৰিছে।
কিন্তু মোৰ নিচিনা মানুহেইতো দোপত দোপে আগ বাঢ়ি গৈছে। নাই – মই উত্তৰ বিচৰি নেপাও
– হতাশাৰ পৰা নিজকে নিঃশেষ কৰি দিয়ালৈকে সকলো চিন্তা মনত ধুমুহাৰ দৰে চলি থাকিল – বহু
দিনলৈ। বহু সময়ত ‘corporate governance system’অক দোষ দিলো, বহু সময়ত আনৰ ওপৰত সন্দেহ
জন্মিল। কিন্তু কোনোটোৱেই মোৰ সমস্যাৰ মূল কাৰণ বুলি প্ৰত্যয় নজন্মিল। লাহে লাহে মই
মোৰ চিন্তা বিলাকৰ লগত সহবাস কৰিবলৈ ল’লো। বৰ দুৰ্বিষহ আছিল সেই অনুভৱ ! সেই সময়তে
নিজৰ সমস্যাৰ মূল কাৰণ বিচাৰি বাহিৰলৈ চোৱাতকৈ নিজৰ ভিতৰলৈ চাবলৈ আৰম্ভ ক’ৰিলো। প্ৰথমতে
কিছুমান সৰুসুৰা কথা চকুলৈ আহিল – এই ধৰক সময়ৰ লগত খাপ খুৱাই মই নতুন ‘technology’
শিকাতো নিতান্তই দৰকাৰ। তথাপি মই মোৰ অন্তঃযাত্ৰাত ক্ষান্ত নহ’লো। আৰু ভিতৰলৈ সোমাই
গ’লো। বহু সময়ৰ মূৰত মই মোৰ ঘাই শত্ৰু মোৰ নিজৰ ভিতৰতে বিচাৰি পালো। এটা নহয়, দুটা
– মোৰ এলাহ আৰু মোৰ ভয়। দুইটাই মিলি মোক এনেকৈ বান্ধি ৰাখিছে যে আগবাঢ়ি যোৱাৰ কোনো
সম্ভাৱনাই নাই। এলাহৰ কাৰণে আজিৰ কাম কাইলৈ, কাইলৈৰ কাম পৰহিলৈ হৈ হৈ বছৰ বছৰ পাৰ হৈছে।
ভয়ৰ কাৰণে নিজৰ ‘comfort zone’ বাদ দি নতুন ‘challenging’ কৰিবলৈ সাহসেই নাই। আৰু যাৰ
এই দুই ব্যধি আছে, সি জীৱনত সঁচা অৰ্থত কেতিয়াও আগবাঢ়িব নোৱাৰে।
যেতিয়াৰ পৰা
নিজৰ শত্ৰুক চিনাক্ত কৰিব পাৰিলো, তেতিয়াৰ পৰা মনত মোৰ বৰ প্ৰশান্তি। দুই শত্ৰুক মই
পূৰাকৈ জয় কৰিব পৰা নাই। কিছুমান যুদ্ধত সিহঁতক মই পৰাস্ত কৰিছো। বহু যুদ্ধত সিহঁতে
এতিয়াও মোক মাধমাৰ দি আছে। কিন্তু মই পাৰ্য্যমানে চেষ্টা চলাই আহিছো।
নিজৰ
শত্ৰুক নিজৰ ভিতৰতে বিচাৰি পাই এটা কথা বুজিলো যে নিজৰ সমস্যাৰ কাৰণে বেলেগক দোষ দিয়াটো সহজ আৰু লোকৰ দোষ দেখি সমালোচনা কৰাটোও সহজ। মই কোৱা নাই যে আপোনাৰ বেলেগ মানুহ শত্ৰু হ’ব নোৱাৰে – পাৰে। কিন্তু নিজৰ ভিতৰলৈ ভুমুকিয়াই চোৱাটো অত্যন্ত জৰুৰী। বিশেষকৈ আমি যেতিয়া আমাৰ সমস্যাৰ কাৰণে চৰকাৰ
বা চিষ্টেম বোলা বস্তু এটাক জগৰীয়া কৰো তেতিয়া এই আত্মবিশ্লেষণ আৰু বেছি জৰুৰী হৈ পৰে।
চৰকাৰ কোন ? চিষ্টেম কি ? আপোনাৰ মোৰ নিচিনা মানুহ বিলাকেইতো গৈ চৰকাৰ হয়। আমিয়েই এটা
চিষ্টেম বনাও। আমি নিচেই ফুকলীয়া হৈ থাকোতে এটা ৰাজনৈতিক দল গঠন হৈছিল একেবাৰে সাধাৰণ,
ৰাজনীতিৰ কুনীতিৰে কলূষিত নোহোৱা বুলি ভবা কিছুমান মানুহেৰে। ৰাজনীতি কি সেই সময়ত আমাৰ
বুজাৰ অকমানো ক্ষমতা নাছিল কিন্তু পৰিবৰ্ত্তনৰ বতাহ ইমান শক্তিশালী আছিল যে সেই অকমাণি
মইটোৱে সেই দলটোৰ চিহ্নৰ ছবি আঁকি ভগবানৰ থাপনাৰ ওচৰত থৈ দিছিলো – যাতে তেওলোক জয়যুক্ত
হয়।
পিছে
তাৰ ফলাফল কি হ’ল ? ‘লংকালৈ গ’লে সকলো ৰাৱণ হয়’ – এই ফকৰা-যোজোনাভাগ আকৌ এবাৰ প্ৰমাণিত হোৱাৰ বাহিৰে আৰু একোতো নহ’ল ! কিন্তু সেই অসফলতা কেৱল সেই চৰকাৰ চলোৱা মানুহ কেইজনৰে নহয় – গোটেই সমাজখনৰে। আৰু এটা কথা – সেই চৰকাৰখনক উদাহৰণ হিচাবে লোৱাৰ কাৰণ এইটোৱেই যে সেইখন একেবাৰে সাধাৰণ মানুহে গৈ গঠন কৰা চৰকাৰ আছিল। নহ’লে, অসফলতাৰ উদাহৰণ তাৰ আগৰ বা পাছৰ চৰকাৰৰো সিমানেই।
আমি
যেনেকুৱা – চৰকাৰো তেনেকুৱাই হ’ব। চৰকাৰ যদি উৎপাদিত সামগ্ৰী, তাক বনোৱাৰ সম্পূৰ্ণ্ণ কেঁচামাল আৰু বনোৱাৰ বুনিয়াদী নিয়ম-বিধি বৃহত্তৰ সমাজখনৰ পৰা, সমাজখনৰ মূল্যবোধৰ পৰাই আহে। আমাক যদি চৰকাৰৰ পৰা কাম লাগে, তেনেহ’লে আমিও অফিচলৈ দেৰিকৈ গৈ সোনকালে অহাৰ কথা, অফিচৰ মাজতে নিজৰ কাম কৰিবলৈ ওলাই যোৱাৰ কথা বাদ দিব লাগিব। আয় কৰা প্ৰতিটো টকা কেৱল সৎ উপায়েৰেহে অৰ্জ্জন কৰিব লাগিব বুলি পণ কৰিব লাগিব (এয়া মাত্ৰ দুটামান উদাহৰণহে)। নহ’লে আপুনি বা মই বা আমাৰ নিচিনা আন কোনোবাই যেতিয়া ভবিষ্যতে চৰকাৰ গঠন কৰিম তেতিয়া এই কুনীতিবিলাক ডাঙৰ পৰ্য্যায়ত চলাই যাম। তেতিয়া বেলেগে আমাক বেয়া বুলি কৈ থাকিব – কাৰণ তেতিয়া আমি চৰকাৰ – আৰু আমি কেৰেপকে নকৰিম। এনেদৰেই বৃত্তিয় গতিত এই কাৰ্য্যসূচী চলি থাকিব।
হয়,
নিজকে সলনি কৰা টান। কিন্তু আমি যদি প্ৰত্যেকে নিজৰ মাজত অকমানো পৰিবৰ্ত্তন আনিব পাৰো, সেই সকলো পৰিবৰ্ত্তন গোট খোৱালে এখন পৰিবৰ্ত্তনৰ মহাসাগৰৰ সৃষ্টি হ’ব। আৰু, সেই মহাসাগৰৰ ঢৌৱে আমাক যুগ যুগ ধৰি জুৰুলা কৰি অহা বহু সমস্যা উটুৱাই লৈ যাব। এখ্ন ভাল চৰকাৰ আমাৰ নিজৰ মাজৰ পৰাই ওলাই আহিব। আমাৰ চিষ্টেমটো ইমান ধুনীয়া হৈ পৰিব যে সি গোটেই পৃথিৱীৰে ঈৰ্ষাৰ বস্তু হৈ পৰিব।
এয়া
আমাৰ কাৰণে এক সপোন হ’ব পাৰে কিন্তু ই অসম্ভৱ একেবাৰে নহয়। পৃথিৱীৰ বহু ঠাইত আমাৰ নিচিনা তেজ মঙহৰ মানুহে ইয়াক সঁচালৈ ৰূপান্তৰিত কৰিছে। জাৰ্মানী দেশখনলৈকে চাওক। জাৰ্মান পাচলি কটা মেচিনেই হওক বা অত্যাধুনিক গাড়ীয়েই হওক, তাৰ গুণগত মানদণ্ড ইমান বেছি যে আজি জাৰ্মানী আৰু ‘Quality’ সমাৰ্থক হৈ পৰিছে। এই সংস্কৃতি আকাশৰ পৰা পৰা নাই বা কোনো চৰকাৰে উপহাৰো দিয়া নাই – প্ৰত্যেকটো জাৰ্মান পুৰুষ আৰু মহিলাই মিলি তাক গঢ় দিছে। মোৰ কৰ্ম্মজীৱনত বহু জাৰ্মান মানুহৰ লগত কাম কৰাৰ সৌভাগ্য হৈছে। তেওলোক সকোলোৰে নিভাঁজ কৰ্ত্তব্যপৰায়ণতা, নিয়মানুবৰ্ত্তিতা, সকলো ধৰণৰ শ্ৰমৰ প্ৰতি থকা মৰ্য্যাদা তবধ মানিবলগীয়া । মেধাশক্তি বা আনফালৰপৰা তেওলোক আমাতকৈ বৰ বেছি বেলেগ একো নহয়। গতিকে তেওলোকে যদি পাৰিছে, আমিও পাৰিম।
“Be the change that you wish to see in the world” – জাতিৰ পিতা মহাত্মা গান্ধীয়ে কৈছিল। তাৰ অনুৰণন সৰ্বত্ৰ। আমেৰিকাৰ বিখ্যাত পপ গায়ক মাইকেল জেকচনেও নিজৰ গানত কৈ গৈছে -
“I'm gonna make a change,
For once I'm my life
It's gonna feel real good,
Gonna make a difference
Gonna make it right
.
.
.
I'm starting with the man in the mirror
I'm asking him to change his ways
And no message could have been any clearer
If you want to make the world a better place
Take a look at yourself, and then make a change”
আমাৰ এখন সুন্দৰ পৃথিৱী হ’ব – আৰু তাক আমি নিজেই গঢ়িম – পৰমুখাপেক্ষী হৈ কাৰোলৈ বাট চাই নেথাকো !







