২০১০ চনৰ জানুৱাৰী মাহ। আজিৰপৰা এঘাৰ বছৰ আগৰ কথা। কৰ্ম্মসূত্ৰে বাংগালোৰৰপৰা গৈ জাৰ্মানীৰ হেম্বাৰ্গ চহৰত আছিলোগৈ। থেতুৱৈ লগা জাৰ। জানুৱাৰী-ফেব্ৰুৱাৰীত ইউৰোপত এনেয়ে বৰ ঠাণ্ডা পিছে সেই বছৰ শীতৰ প্ৰকোপ আছিল সাধাৰণ মাত্ৰাতকৈ বহু বেছি। ৰাস্তা, পদুলি, হ্ৰদ, নদী সকলো প্ৰায় এমাহ সময় বৰফেৰে ঢাক খাই আছিল। হ্ৰদৰ ওপৰত মানুহে স্কেটিং কৰি ঘূৰি ফুৰে। বাটে-ঘাটে খোজ কাঢ়ি থাকোতে বহুতেই পিছল খাই পৰে – টান বৰফ বৰ পিছল। স্থানীয় মানুহৰে ইমান দিগদাৰী, ভাৰতবৰ্ষৰপৰা যোৱা আমিবিলাকৰতো অৱস্থা কাঢ়িল। -১৩ ডিগ্ৰীৰ ঠাণ্ডাটো বুজাবলৈ অলপ টান।
ঠাণ্ডাৰ প্ৰকোপত ক’লৈকো ফুৰিবলৈ যাব পৰা নাই। মাৰ্চমানলৈ বতৰটো অকমান পোনাবলৈ আৰম্ভ ক’ৰিলে। লগৰ এজনৰ লগত মিলি সিদ্ধান্ত কৰিলো যে বাৰ্লিন ফুৰি অহোগৈ। বাচ ধৰি তিনিঘণ্টাৰ বাট অতিক্ৰমী বাৰ্লিন পালোগৈ। দুজন মানুহ, লগত বস্তুও কম – গতিকে য়ুথ হোষ্টেল এটাতে উঠিলোগৈ। হোষ্টেলৰ ৰুমটোত আঠখন বাংকাৰ বিচনা। প্ৰথমদিনা ৰাতি আমি শোওতে আমাৰ দুটাৰ বাহিৰে বাকী সকলো বিচনা খালী। ৰাতিপুৱা উঠি দেখো তাত ছজনী ছোৱালী শুই আছে!
বাৰ্লিন – জাৰ্মানীৰ ৰাজধানী। প্ৰথমদিনা সংগ্ৰহালয়, অট্টালিকা আৰু অন্যান্য পৰ্য্যটকৰ আকৰ্ষণৰ ঠাইবিলাক চাই আমনি লাগিল। ত্ৰিশবছৰ আগলৈকে বাৰ্লিন চহৰক এসময়ৰ পূব আৰু পশ্চিম জাৰ্মানীৰ মাজত বিভক্ত কৰি ৰখা বাৰ্লিন দেৱালৰ কিনি অনা টুকুৰাটোৱেও মনটোক বৰ বেছি শান্তি দিব নোৱাৰিলে। আমি দুইজনে দুইজনক ক’লো,”একে সোপাকে সব ঠাইতে কি চাই থাকিবা। কিবা এটা বেলেগ কৰা যাওক”। এইবুলি অলপ খোজ খবৰ কৰি গম পালো বাৰ্লিনৰ পৰা প্ৰায় ৪০ কিলোমিটাৰমান দূৰৈত অৰানিয়েনবাৰ্গ বুলি ঠাই এখন আছে। তাতেই আছে হিটলাৰে বন্দীক অত্যাচাৰৰ বাবে বনোৱা এক কঞ্চেণ্ট্ৰেচন কেম্প চাক্সেন্হাউচেন্। পাছদিনা তালৈকে যাবলৈ ঠিক কৰিলো।
অৰনিয়েনবাৰ্গ পালোগৈ। তাৰপৰা বাচ এখন ধৰি এঠাইত নামিলোগৈ। গুগুল মেপৰ আবিৰ্ভাৱ তাৰ আগতেই হৈছিল যদিও আমাৰ হাতত তেতিয়া নাছিল। খুব সম্ভৱ কাগজৰ মেপ এখন আছিল কিন্তু এতিয়া সেইকথা বৰ মনত নাই।
চাক্সেন্হাউচেন্ – ৰাজনৈতিক বন্দী, যুদ্ধবন্দীৰ পৰা আৰম্ভ কৰি ইহুদীসকললৈকে – সকলোৰে ওপৰত চলা অমানুষিক অত্যাচাৰৰ থলী। ১৯৩৬ (হয়, দ্বিতীয় বিশ্বযুদ্ধ আৰম্ভ হোৱাৰ ৩ বছৰ আগৰপৰাই) চনৰ পৰা ১৯৪৫ চনলৈকে নবছৰত মুঠ ২,০০,০০০ মানুহ চাক্সেন্হাউচেনলৈ আহিছিল আৰু তাৰে ১,০০,০০০অকে তাত মৰা হৈছিল।
(ফটো: ইণ্টাৰ্নেট্)
অন্যান্য কঞ্চেণ্ট্ৰেচন
কেম্পৰ দৰেই প্ৰধান গেটৰ সমুখত জাৰ্মানত লিখা আছিল, “আৰ্বেইট মাখ্ট্ ফ্ৰেই (কৰ্ম্মই
মুক্তিৰ পথ)”। এই বাক্যশাৰী অন্য কোনোবা ঠাইত পঢ়া হ’লে মনটো ভাল লাগি গ’লহেঁতেন। কিন্তু
সেইখন ঠাইৰ গেটৰ সমুখত পঢ়ি মনটো একেবাৰে মৰহি গৈছিল। জীয়াই থকালৈকে মানুহবিলাকে কাম
কৰিছিল কিন্তু তেওলোকৰ জীৱন আছিল কুকুৰ মেকুৰীতকৈও অধচ। কিমান সোনকালে মানুহ মাৰিব
পাৰি তাৰ নানান পদ্ধতিৰ অন্বেষণ প্ৰথমে চাক্সেন্হাউচেনতে হৈছিল।
গেটেৰে সোমাই
গৈ বেলেগ বেলেগ ঠাইবিলাকত ঘূৰি ফুৰিলো। শোৱা ঠাইৰ লানি লানি বাংকাৰ বিচনা, শ শ মানুহৰ
কাৰণে হাত মুখ ধোৱা, প্ৰাতঃকৰ্ম্ম ইত্যাদিৰ কাৰণে তেনেই অকমান ঠাই অলপ – তাকো সময় দিয়া
হৈছিল মাত্ৰ কেইমিনিটমান। দিনৌ কেইজনে চাফা চুফা হ’বলৈ সুবিধা পাইছিল ভগৱানেহে জানে।
তাৰ পাছত পালোগৈ
প্ৰধান পথাৰখন য’ত ৰাতিপুৱা গধূলি সকলো বন্দীয়ে নিজৰ হাজিৰা দিব লাগে। কেৱল চাক্সেন্হাউচেন বুলিয়েই নহয়, সাধাৰণতে কঞ্চেণ্ট্ৰেচন কেম্পৰ এটা
প্ৰবাদ আছে যে তাৰ মূল বিষয়াটোৱে নিজৰ থকা ঠাইৰ চাদৰ পৰা সেই ৰাতিপুৱাৰ হাজিৰাৰ সময়ত
এজন বন্দীক গুলিয়াই নমৰালৈকে বোলে ৰাতিপুৱাৰ আহাৰেই নকৰিছিল।
পথাৰতে আছিল
মুকলিকৈ ফাঁচী দিয়া ঠাই। পিছে ফাঁচী দি দি বা
গুলীয়াই মানুহ মাৰিবলৈ বহুত সময় লাগে। সেয়ে হিটলাৰ আৰু তাৰ নেতৃত্বত বাকীবিলাক
পিশাচে এক অদ্ভূত উপায় বিচাৰি উলিয়াছিল – গেচ চেম্বাৰ। মানে মানুহবিলাকক এটা ডাঙৰ কোথাত
ভৰাই তাত বিষাক্ত গেচ এৰি দি নিমিষতে মৰাৰ পদ্ধতি। কেৱল মানুহখিনি মৰাতে সিহঁত ক্ষান্ত
থকা নাছিল। বিশেষকৈ গেচ চেম্বাৰ প্ৰথমে প্ৰথমে আৰম্ভ কৰাৰ সময়ত মাৰিবলৈ নিয়া মানুহখিনিৰ
লগত সিহঁতে অলপ খেলো খেলিছিল। ৰাজহুৱা ঘোষণা কৰা ব্যৱস্থাত ঘোষণা কৰা হৈছিল,”এতিয়া
আপোনালোকক গা ধুবলৈ লৈ যোৱা হৈছে। তাৰ পাছত আপোনালোকৰ কাৰণে গৰম চুপ আৰু ব্ৰেডে বাট
চাই আছে”। মানৱীয়তা কিমান তললৈ নামিব পাৰে তাক ভাবি পাৰ পাব নোৱাৰি!
চাক্সেন্হাউচেনলৈ
যোৱাৰ দুদিনমান আগতে ষ্টিভেন স্পিল্বাৰ্গৰ দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ইহুদীসকলৰ ওপৰত
হোৱা বৰ্ণনাতীত অত্যাচাৰৰ ওপৰত বনোৱা যুগজয়ী চিনেমা ‘চিন্দ্লাৰ্চ্ লিষ্ট’ চাইছিলো।
সেই চিনেমাখনৰ পৰা হোৱা অনুভৱখিনিয়ে চাক্সেন্হাউচেনৰ দুখলগা বুৰঞ্জীক আৰু সজীৱ কৰি
পেলাইছিল।
ঘূৰি অহা সময়লৈকে
অলপ অলপ বৰফ পৰিবলৈ আৰম্ভ কৰিছিল। সেয়া যেন মা প্ৰকৃতিৰ গোট মৰা চকুপানীহে আছিল। মোৰ
আৰু মোৰ লগৰজনৰ মাত নোহোৱা হৈ গৈছিল। প্ৰায় কোনো কথা নপতাকৈয়ে আমি ঘূৰি আহি বাৰ্লিন
পাইছিলোহি।
চাক্সেন্হাউচেনৰ সেই ভ্ৰমণ আজিও মনত পৰিলে মনটো সেমেকি উঠে। হাজাৰ দুখৰ মাজত সুখৰ ৰেঙণি এইখিনিতে যে জাৰ্মানসকলে মুকলিকৈ নিজৰ দোষ স্বীকাৰ কৰিছে আৰু তাতে ৰোৱা নাই। কোনো লুকঢাক নকৰাকৈ বিশদ বিৱৰণীৰে চাক্সেন্হাউচেনৰ দৰে কদৰ্য্য ইতিহাসৰ ঠাই এখনক পৰ্য্যটকৰ কাৰণে মুকলি কৰি ৰাখিছে। দোষ স্বীকাৰেই প্ৰায়শ্চিত্তৰ বাট মুকলি কৰে আৰু প্ৰায়শ্চিত্ততে শুদ্ধি। আজিৰ পৃথিৱীত জাৰ্মানী শান্তি, সমৃদ্ধিৰ এক অন্যতম বাৰ্ত্তাবাহক।



হয় দিয়াহে বন্ধু৷পঢ়া আৰম্ভ কৰোঁতেই চিন্দলাৰছ লিষ্ট খনলৈ মনত পৰি গৈছিল৷
ReplyDeleteLet's pray for no such brutality anywhere in World in future .
ReplyDeleteসঁচাই কেতিয়াবা অতীতে নিজৰ নিজৰ উপস্থিতি কষ্ট দি মনত পেলাই দিয়ে।।।
ReplyDelete