Saturday, 20 March 2021

A Walk in the Woods

 ‘A Walk in the Woods’ বুলি এখন আমেৰিকান নাটক আছে (একে নামৰে চিনেমাখন নহয় – সেইখন সম্পূৰ্ণ বেলেগ কাহিনীৰ)। শীতল যুদ্ধৰ সময়ৰ এজন আমেৰিকান মধ্যস্থতাকাৰী আৰু এজন ৰাছিয়ান মধ্যস্থতাকাৰীৰ ওপৰত। তাকে এজন ভাৰতীয় আৰু এজন পাকিস্তানী মধ্যস্থতাকাৰীৰ কথোপকথনলৈ ৰূপান্তৰিত কৰিছে ৰত্না পাঠক শাহে। সেইখন নাটককে চাবলৈ সুবিধা পাইছিলো বাংগালোৰত বহু বছৰ আগেয়ে। অভিনয়ত আছিল ৰত্না পাঠক শাহৰ স্বামী প্ৰথিতযশা অভিনেতা নাশিৰুদ্দিন শাহ আৰু এজন খুব ভাল অভিনেতা ৰজিত কাপুৰ (সেই এসময়ৰ টিভিৰ ব্যোমকেশ বক্সি)।  ষ্টেজৰ এনে সুন্দৰ অভিনয় চচক্ষে চাবলৈ পোৱাৰ যি আনন্দ তাক বুজাব নোৱাৰি।

 

কিন্তু আজি সেই নাটকৰ ওপৰত লিখিবলৈ খোজা নাই। দুমাহমান আগতে বন্ধু এজনৰ লগত হাবি এখনত খোজ কাঢ়িবলৈ গৈছিলো। হলেণ্ডৰ টিল্‌বাৰ্গ্‌ আৰু ব্ৰেডা চহৰৰ প্ৰায় সোঁমাজতে থকা কাম (লিখোতে ‘Chaam’ বুলি লিখে) বুলি গাওঁ এখনৰে গাতে লাগি থকা হাবি। তাৰ ওপৰতহে লিখিবলৈ ওলাইছো।

 

মোৰ বন্ধু শ্লোভাকিয়াৰ। যোৱা ২০ বছৰৰো অধিক কাল ধৰি হলেণ্ডত আছে। ২৫-৩০ বছৰ আগতেই ‘Artificial Intelligence‘অৰ ওপৰত গৱেষণা কৰা খুব চোকা আৰু তীক্ষ্ণ বুদ্ধিসম্পণ্ণ মানুহ। কিতাপৰ পোক। ভোকাতুৰ মানুহে খোৱা বস্তু পালে যেনেকৈ খাব, তেওঁ তেনেকৈ কিতাপ পঢ়ে। কৰ্ম্মসূত্ৰে মোৰ লগত চিনাকী। সেই চিনাকী এসময়ত বন্ধুত্বলৈ সলনি হ’ল।

 

কৰণা আৰু অন্যান্য ব্যস্ততাৰ কাৰণে বন্ধুক এবছৰতকৈ বেছি কাল লগ ধৰা হোৱা নাই। থাকেও অলপ দূৰৈত। এদিন ফোনত কথা পাতোতে দুইজনে ঠিক কৰিলো যে ক’ৰবাত লগ পোৱা যাওক। মহামাৰীৰ দিন। গতিকে ঘৰত লগ পোৱাতকৈ বাহিৰতে লগ পোৱাই ভাল। তেওঁ ওপৰোক্ত হাবিখনৰ কথা ক’লে আৰু গৰম কাপোৰৰ লগতে ভাল জোতা পিন্ধি যাবলৈ ক’লে। সেইমতে হাবিখনত উপস্থিত হ’লোগৈ।

 

ৰাতিপুৱা ৯টা বাজিছে। -৫ ডিগ্ৰী চেলচিয়াচৰ শীতল বতৰত বন্ধুৰ উষ্ম আদৰণি। যথা স্থানত নিজৰ নিজৰ গাড়ী ৰখাই আমি দুয়ো হাবিৰ ভিতৰলৈ খোজ কাঢ়িবলৈ আৰম্ভ কৰিলো। হাবি মানে বৰ ডাঠ  হাবি নহয় কিন্তু চহৰৰ হুলস্থূলৰ পৰা নিলগত প্ৰশান্তিৰ এক সেউজীয়া প্ৰলেপ দিব পৰাকৈ এখন হাবি। মাজে মাজে আমাৰ মৰিকলং গাঁৱৰ গুৰিপথাৰৰ দৰে ঠাই।

 

মই মোৰ দৌৰা জোতাযোৰ পিন্ধি গৈছো। সেই বতৰত সেই ঠাইত পিন্ধিবৰ জোখাৰে বৰ ভাল জোতা নহয়। মাজতে দুটোপাল পানী তিতি থকা মাটি ৰাস্তাৰ পৰা আহি জোতাৰ ভিতৰত সোমাল। বন্ধুৱে জোতা সম্পৰ্কে দিয়া সকিয়নীৰ কথা মনত পৰিল। কিন্তু আমাৰ কথাৰ জোৰ বাঢ়ি আহিছিল। গতিকে ঠাণ্ডা পানী কেইটোপালক কেৰেপকে নকৰিলো।

 

প্ৰথমে ধ্যানৰ কথা ওলাল। আজি ছমাহমানৰ পৰা নিয়মীয়াকৈ দিনে কেই মিনিটমান ধ্যান কৰি মই অকমান সুফল পাইছো। বন্ধুক ইতিমধ্যে কৈছিলো। নিজৰ সত্ত্বা যে নিজৰ দেহ আৰু মন দুইটাতকৈ বেলেগ বস্তু সিয়েই মোৰ ধ্যানৰ মূলমন্ত্ৰ। যিকোনো চিন্তা, সমস্যাৰ উৎস দেহ বা মন। দেহ আৰু মন দুইটাৰ পৰা অকমান দূৰত্ব বজাই ৰাখিব পাৰিলে এক বেলেগ ধৰণৰ শান্তি পোৱা যায়। মোৰ বন্ধু এজন ভাল ফটোগ্ৰাফাৰো। নিজে তোলা ফটোৰে তেওঁ কেলেণ্ডাৰো উলিয়ায়। তেনেকুৱা এখন কেলেণ্ডাৰৰ পাতত গৌতম বুদ্ধৰ ওপৰত বিখ্যাত গৱেষক এণ্ড্ৰিউ ওলেণ্ডস্কিৰ উদ্ধৃতি দি লিখিছে, “সুখ আৰু দুখৰ অনুভৱ অনিবাৰ্য্য – আমাৰ দেহ আৰু মনৰ লগত ওতঃপ্ৰোতভাৱে সংযোগ হৈ আছে। কিন্তু অনুভৱৰ প্ৰভাৱক বহুখিনি নিয়ন্ত্ৰণ কৰিব পাৰি সচেতনতাৰ সুপ্ৰয়োগেৰে।” বন্ধুক ক’লো মোৰ ধ্যানৰ মূলমন্ত্ৰ আৰু তেওঁৰ উদ্‌ধৃতিৰ অৰ্থ একে।

 

মাজতে অলপ দেৰি এটা জলাশয়ৰ পাৰত লো। মোৰ মন যেন সউতকৈ উৰা মাৰিলে আমাৰ মৰিকলং গাঁৱৰ পদুমণি বিলৰ পাৰলৈ। বন্ধুৱে দুখনমান ফটো তুলিলে।

 

আকৌ খোজ কাঢ়িবলৈ আৰম্ভ কৰিলো। গৌতম বুদ্ধৰ সূত্ৰেৰে বন্ধুৱে ১৯২২ চনতে লিখা জাৰ্মান লিখক হাৰ্মান হেছেৰসিদ্ধাৰ্থবোলা উপন্যাসখনৰ কথা উলিয়ালে। কিতাপখনৰ সিদ্ধাৰ্থ, ভগৱান বুদ্ধ নহয় কিন্তু বুদ্ধদেৱৰদ্বাৰা অনুপ্ৰাণিত হৈ অধ্যাত্মিক আত্মানুসন্ধানত নিজকে উৎসৰ্গা কৰা আন এজন মানুহ। পশ্চিমৰ মোৰ বন্ধুৱে পশ্চিমৰ এজন লেখকে পূৱৰ দৰ্শনৰ ওপৰত লিখা এখন কিতাপৰ কথা পূৱৰ মোক লে। পূৱ-পশ্চিমৰ এই সানমিহলিত মনটোৱে এক বেলেগ ফূৰ্ত্তি পালে। একেই পৃথিৱী, একেই মানুহ !

 

কেইমাহমান আগতে বিবিচিৰ বাতৰিত কেইট্ৰেৱৰ্থ্বোলা অৰ্থনীতিবিদ এগৰাকীৰ সাক্ষাতকাৰ চালো। মা প্ৰকৃতিক আৰু প্ৰকৃতিৰে সন্তান ক্ষুদ্ৰ ক্ষুদ্ৰ মানুহবিলাকৰ বুনিয়াদী অধিকাৰবিলাকক মষিমূৰ নকৰি সকলোকে সাঙুৰি কেনেকৈ অৰ্থনৈতিক উন্নয়ন লাভ কৰিব পাৰি তাৰ ওপৰত তেখেতে কৈছে। কথাখিনি শুনি বৰ ভাল পালো। গম পালো এই সকলো কথা সন্নিবিষ্ট কৰি তেখেতে ‘Doughnut economics’ বুলি কিতাপ এখন লিখিছে। আজি ৰেৱৰ্থ্আৰু তেনে বহু যুগান্তকাৰী চিন্তা কৰা মানুহৰ সহযোগত ঠায়ে ঠায়ে ‘Doughnut economics’ অৰ্থনৈতিক নিয়ম কানুনৰ এক গুৰুত্ত্বপূৰ্ণ অংগ হৈ পৰিছে।

 

কিতাপখন নিজৰ কাৰণেও কিনিলো আৰু এখন বন্ধুকো উপহাৰ দিলো। লগ পাওতে স্বাভাৱিকতে ‘Doughnut economics’অৰ ওপৰত কথা ওলাল। তেওঁ মোক লে,সৌৰভ, কথাবিলাক বৰ সুন্দৰ কিন্তু বাস্তৱায়িত কৰিবলৈ টান। এইবিলাক কথা আজিৰ অকমানহঁতক শিকোৱা আৰম্ভ কৰিলে হয়তো ৫০ বছৰত কিছু সুফল আশা কৰিব পাৰি। কিন্তু আজিৰ যুগত ইমান সুদূৰপ্ৰসাৰী চিন্তা মানুহৰ নোহোৱা হৈছে, মানুহক সকলো এতিয়াই লাগে।পিছে বন্ধু বৰ সহজতে এটা নতুন চিন্তা কৰিব পৰা মানুহ। ‘Doughnut economics’অৰ সংগতি ৰাখি মোক নিজৰ জীৱনৰে এটা উদাহৰণ দিলে। কোনো কৃত্ৰিম সাৰ ব্যৱহাৰ নকৰাকৈ মাটিৰ গুণগত মানদণ্ড অক্ষুণ্ণ ৰাখি কৰা উৎকৃষ্ট খেতিৰ এক প্ৰকাৰৰ ঘেহু ওলায় তেওঁলোকৰ গাঁৱত। দাম অলপ বেছি কিন্তু সৰহকৈ কিনিলে সস্তা হয়। গতিকে তেওঁ আৰু দুই-চাৰি গঞাৰ লগত মিলি একেলগে কিনে। দামো কম, বস্তুও ভাল আৰু প্ৰকৃতিৰ অনিষ্টও নাই। কথাটো শুনি বৰ ভাল পালো। এনে ধৰণৰ সমূহীয়া সুচিন্তাৰ কাৰ্য্যকৰীকৰণেৰে প্ৰকৃতি, সৰ্ব্ব-সাধাৰণ মানুহৰ সংৰক্ষণৰ আৰু উন্নতি কৰা অৰ্থনীতিয়ে দুখোজ আগবাঢ়িব।

 

বন্ধুৱে সমস্ত আয়োজন কৰি গৈছে। ফ্লাস্কত চাহ বনাই লৈ গৈছে। দুটা চীনামাটিৰ কাপো লৈ গৈছে। গতিকে মাজতে অলপ দেৰি ৰ’লো। তেওঁ চাহ বাকিলে। মই খাই ক’লো,”বাহ, বৰ ধুনীয়া সোৱাদ!” সন্তুষ্টিৰ হাঁহি মাৰি বন্ধুৱে ক’লে,”হিমালয়ৰ বনৌষধি মিশ্ৰিত চাহ।” চাহকাপে সেই মৰ ঠাণ্ডাকো গৰম কৰি পেলালে।

চাহৰ লগে লগে কথা অৰ্থনীতিৰ পৰা গৈ জীৱননীতি পালোগৈ। 12 Rules for Life বোলা কিতাপখনৰ কথা ওলাল। কানাডাৰ মনোবিজ্ঞানৰ অধ্যাপক জৰ্ডান পিটাৰচনে লিখা। ৫০০ পৃষ্ঠামানৰ কিতাপ। বন্ধুৱে ২০০-৩০০ পৃষ্ঠাৰ কিতাপ তিনি চাৰিদিনত শেষ কৰি দিয়া মানুহ। তেঁৱো ছমাহে কিতাপখন শেষ কৰিব পৰা নাই। বুজিলো কিতাপখন ভাত-ভাজিৰ নিচিনাকৈ নহয়, আচাৰ খোৱাদি পঢ়া কিতাপ। কিতাপখনৰ সাৰাংশ এয়ে যে দুখ-কষ্ট জীৱনৰ অভিন্ন অংগ। তাক বোজা বুলি ভাবি ভাগৰুৱা হৈ অসহায়, দিশহাৰা অনুভৱ কৰিব পাৰি নাইবা দেহ-মন-সত্ত্বাৰ সন্তুলনেৰে তাৰ লগত শান্তিৰে সহবাস কৰিব পাৰি।

 

কথা পাতি পাতি দুঘণ্টা কেনেকৈ পাৰ হ’ল গমেই নেপালো। আচল হাবি বাদ দি আচলতে আমি মনৰ হাবিতহে অনাই-বনাই ঘূৰি আছিলো।

ঘৰলৈ যাবৰ সময় ল। আহোতে বন্ধুৱে ওচৰৰে পাম এখনলৈ লৈ গ’ল। তেওঁৰ পৰামৰ্শতে একেবাৰে খাঁটি এক লিটাৰ গাখীৰ আৰু এক ডজন কণী কিনি ঘৰলৈ ঘূৰি আহিলো। মনত লৈ আহিলো বহুত সন্তুষ্টি।

No comments:

Post a Comment