Saturday, 28 November 2020

অসমত বিশ্ববৰেণ্য ব্যক্তি নোলোৱাৰ কাৰণ কি?

 

অসমত বিশ্ববৰেণ্য ব্যক্তি নোলোৱাৰ কাৰণ কি?


সৌৰভ মৰিকলঙীয়া

হলেণ্ড

 

 

বিশাল প্ৰতিভা, স্বাধীন, নিৰ্ভীক মানসিকতা, কিবা এটা কৰাৰ মন, কঠোৰ অনুশীলন, এটা বাটকটীয়া সহায়কাৰী ব্যৱস্থা (support system) – এজন বিশ্ববৰেণ্য ব্যক্তিৰ বিষয়ে ভাবিলে এনেবিলাক কথাই মনলৈ আহে গুণৰ প্ৰদৰ্শন যিকোনো ক্ষেত্ৰত হব পাৰেপঢ়াশুনা, গীত-মাত ইত্যাদি আৰু তাৰ আকাল আমাৰ হোৱা নাই সমস্যা বাকীবিলাকতহে সহায়কাৰী ব্যৱস্থাটোৰ বহুখিনি চৰকাৰ বা তেনে অনুষ্ঠানৰ ওপৰত নিৰ্ভৰ কৰে অন্যবিলাক পিছে আমাৰ হাততেই আমি প্ৰতিভাক আদৰ কৰিবলৈ জানিব লাগিব সৃষ্টিশীলতা প্ৰষ্ফুটিত হোৱাৰ প্ৰথম উপাদান হৈছে নিজে ভালপোৱা কামটো কৰাৰ পৰিবেশ পোৱাটো উন্নত দেশবিলাকত এই বাতাবৰণ বিদ্যমান কোনোবা বোলে পঢ়াশুনাত নহয় ফুটবলতহে ভালতেওঁৰো সমান সন্মান সেই মানসিকতাৰ পৰাই আমাৰো আৰম্ভণি হব লাগিব বাকীবিলাক বস্তুৱে আপোনা আপুনি গতি ল সহায়কাৰী ব্যৱস্থাটোত আমি পিছপৰা কিন্তু সিমানো বেয়া নহয় আজিৰ ইণ্টাৰনেট-যুগত গোটেই পৃথিৱীৰ লগতে সকলোৰে যোগাযোগ তাৰপৰাই ভাল মানুহৰ সহযোগত সহায়ৰ জোৱাৰ আহিব আৰু এটা কথাভাৰতবৰেণ্য হব পাৰিলেও বিশ্ববৰেণ্য হোৱাৰ বাট বহুখিনি মুকলি হয় আমাৰ মাজৰ পৰাই হিমা দাস ওলাইছে আৰু ওলাব

No comments:

Post a Comment