Sunday, 20 March 2022

ভ্ৰষ্টাচাৰীৰ সলনি আমি পূৰ্বৰ ৰাজনৈতিক নেতা-কৰ্মীক পাম কেনেকৈ?

 উক্ত প্ৰশ্নটো বৰ ডাঙৰ। ইয়াৰ উত্তৰ বিচাৰি বহু গভীৰলৈকে যাব লাগিব। আলোচনাৰ পৰিসৰ অসমতে ৰাখিম, ভাৰতবৰ্ষৰ পৰ্য্যায়লৈকে নেযাও। হয়, পূৰ্ব্বৰ আমাৰ বহু নেতা-কৰ্মী বৰ সক্ষম, পাৰদৰ্শী, সুযোগ্য আছিল। গোপীনাথ বৰদলৈৰ পৰা হেম বৰুৱালৈকে – কেৱল নামটো শুনিলেই যথেষ্ট – তেখেতসকলৰ বেলেগকৈ একো গুণানুকীৰ্ত্তন কৰিব নেলাগে। আজিকালি তেনে নেতা নোহোৱা হৈছে। কিন্তু কিয় নোহোৱা হৈছে? আমিতো আপততঃ একে সংস্কৃতিৰে সেই একেই অসমীয়া মানুহ! আমাৰ ৭০-৮০ বছৰীয়া পুৰণা সমাজখনলৈ উভতি চালে এটা কথা দেখা পোৱা যাব যে সমাজৰ ভাল মানুহখিনিৰ ৰাজনীতি আৰু ৰাজনীতিবিদসকলৰ প্ৰতি এটা সন্মানৰ ভাব আছিল। ভাল মানুহ গৈ ৰাজনীতিবিদ হৈছিল আৰু দেশৰ হকে ভাল কাম কৰিছিল। আজিৰ সমাজত আমি ডাক্তৰ, ইঞ্জিনীয়াৰ আৰু তেনেধৰণৰ অন্য কামৰ বাহিৰে বেলেগ কিবা জীৱিকাৰ পথৰ কাৰণে উদ্গণি দিও নে? ল’ৰা-ছোৱালীয়ে সম্পূৰ্ণ নিজৰ মনৰ পৰা যি কাম কৰিব খোজে সেইটো কৰিব পাৰেনে? মোৰ থকা ঠাই হলেণ্ডত মই নিজে জনাৰ ভিতৰতে ডাঙৰ কৰপ’ৰেট বিষয়াৰ ল’ৰা ঘোৰাশালৰ ৰখীয়া আৰু বাপেক সেইকথাত সম্পূৰ্ণ একমত। এতিয়া ভাবক তেনে এটা ল’ৰাই নিজৰ মনেৰে কৰিবলৈ ওলোৱা সেই ঘোৰাশালৰ ৰখীয়া কামটো কিমান ভালকৈ কৰিব? হয়তো সি বাপেকতকৈ কম পইচা আৰ্জ্জন কৰিব কিন্তু সুখী হৈ থাকিব আৰু সমাজলৈকো এটা ক্ষুদ্ৰ কিন্তু ভাল অৱদান আগবঢ়াই যাব। কথাটো হ’ল এতিয়া পইচা ডাঙৰ নে সুখ ডাঙৰ? আপুনি নিশ্চয় ক’ব যে সুখেই ডাঙৰ কিন্তু বাস্তৱ পৃথিৱীখনত পইচা নহ’লে একোৱেই কৰিব নোৱাৰি। হলেণ্ডৰ নিচিনা দেশত স্বাস্থ্যসেৱা, শিক্ষা ইত্যাদি হয় বিনামূলীয়া বা প্ৰায় বিনামূলীয়া। এইবিলাক ধনী দেশ গতিকে চৰকাৰে এইবিলাক ব্যয় বহন কৰিব পাৰিছে। কিন্তু মনত ৰাখিব দ্বিতীয় বিশ্বযুদ্ধই এইবিলাক দেশক প্ৰায় লাও লোৱা কৰি পেলাইছিল – মানে প্ৰায় আমাৰ স্বাধীনতাৰ সময়ত। তেতিয়াৰ পৰা তেওঁলোকে নিজৰ দেশবিলাকক আকৌ নিজৰ বল-বুদ্ধিৰে গঢ়িলে। আমি এখোজ আগবাঢ়ি দুখোজ পিচ পৰিলো। আমিও আজি ইমান দুখীয়া হৈ থকা নাই কিন্তু ধন আছেগৈ মুষ্টিমেয়ৰ হাতত। এইবিলাক কথাই ক’লৈ আঙুলিয়ায়? আচলতে মূল প্ৰশ্নটো কেৱল ৰাজনীতিলৈয়ে নহয় – আমাৰ অস্তিত্বই সংকটত। আমাৰ গোটেই সমাজখন যেনেকুৱা, ৰাজনীতিবিদো তেনেকুৱাই ওলাব। কথাবিলাক গৈ থৈ ৰয়গৈ – সততা, নিঃস্বাৰ্থভাৱ, দেশপ্ৰেমৰবোধেৰে কিবা এটা কৰাৰ মন – এনেকুৱা কথাবিলাকত। কিন্তু আজিকালি এনেকুৱা কথা কোৱা মানুহক মূৰ্খ বুলি ভবা নহয়নে? আগতে নেভাবিছিল, সেয়ে ভাল নেতা-কৰ্মীও ওলাইছিল। আমি আকৌ নেভাবিব পাৰিলে আকৌ ভাল নেতা-কৰ্মী ওলাব।


('দৈনিক অগ্ৰদূত' বাতৰিকাকতৰ 'খোলামঞ্চ'  শিতানৰ বাবে লিখা)