ডাঙৰ ডাঙৰ মনীষীয়ে
গোটেই জীৱন চলাথ কৰিও বিচাৰি নোপোৱা বস্তুটো হৈছে জীৱনৰ সংজ্ঞা। গতিকে মই এতিয়া সেই
সংজ্ঞা দিবলৈ যোৱাটো অলপ দুঃসাহসিক, অলপ হাঁহি উঠা কথা। কিন্তু যিকোনো বস্তুৰে এটা
সৰল আৰু এটা পুংখানুপুংখ, জটিল অৱলোকন হ’ব পাৰে। জীৱনৰ সংজ্ঞা বিচাৰি এটা সৰল প্ৰচেষ্টাকে
কৰা যাওক।
প্ৰত্যেকটো
জীৱন আচলতে চাবলৈ গ’লে বৰ ক্ষুদ্ৰ, গুৰুত্বহীন। গুৰুত্ব বাঢ়ে মানুহ এজনে কৰি যোৱা কামৰ
জৰিয়তে। যিমান ডাঙৰ কাম, জীৱন সিমানেই বেছি
তাৎপৰ্য্যপূৰ্ণ হয়। ভেন্ গগক ছবিয়ে, নিউটনক যুগান্তকাৰী বৈজ্ঞানিক তত্বৰ আৱিষ্কাৰে,
লতা মংগেশকাৰক তেখেতৰ সুমধুৰ গীতে মহান কৰিছে। এনে উদাহৰণ আৰু বহুত দিব পাৰি।
কৰ্ম্মই ধৰ্ম্ম।
ভাল কাম কৰিবলৈ প্ৰথমে নিজৰ গুণ চিনাক্ত কৰিব পাৰিব লাগিব। সেই গুণৰ উৎকৰ্ষ সাধন কৰা
আৰু তাৰ জৰিয়তে নিজৰ লগতে সকলোৰে সেৱা কৰি যোৱাটোৱেই জীৱন।
এতিয়া দ্বিতীয়
প্ৰশ্নটোলৈ আহো। বহু গুণীলোকৰ বিষয়ে শুনিলো, জানিলো, পঢ়িলো। বহুতৰপৰাই অনুপ্ৰাণিত হ’লো।
কিন্তু তাৰে ভিতৰত কেইজনমান মানুহে জীৱন এনেকৈ সন্মোহিত কৰি আছে যেন তেওঁলোকতেই মোৰ
জীৱন আৰম্ভ আৰু তেওঁলোকতেই শেষ। প্ৰথমে উল্লেখ কৰিবলৈ ওলাইছো সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাদেৱৰ
কথা। তেখেতৰ কথা ক’ৰপৰা আৰম্ভ কৰি ক’ত শেষ কৰিম! গতিকে কেৱল এটা গানৰ জৰিয়তেই তেখেতৰ
প্ৰভাৱৰ কথা লিখিবলৈ ওলাইছো।
প্ৰায় চল্লিশবছৰমান
আগৰ কথা। মই খুব সম্ভৱ স্কুললৈ যোৱাই নাই। বহাগ বিহুৰ সময়। আমাৰ মৰিকলং গাঁৱৰ প্ৰাথমিক
বিদ্যালয়ৰ ওচৰত বিহু পাতিছে। বাইদেউৰ হাতত ধৰি মই বিহুতলীলৈ গৈছো। তাত গান এটা বাজি
আছিল, “আমি অসমীয়া, নহও দুখীয়া. . .”।
গানটো মই একো বুজা নাই কিন্তু শুনি মোৰ বৰ ভয় লাগিছে। মই বাইদেউৰ হাতত জোৰকৈ খামুচি
ধৰিছো। এসময়ত গানটো শেষ হ’ল কিন্তু মোৰ মনৰ পৰা নাতৰিল। তাৰ পাছত যেতিয়াই গানটো শুনো
তেতিয়াই ভয় লাগে, বিশেষ একো বুজি নেপাও কিন্তু মই নুশুনাকৈ থাকিবও নোৱাৰো।
বুজা
হোৱাৰ পৰা গম পালো, এয়াটো আমাৰ অসমীয়াৰ জাগৰণী গীত - The
Awakening Song। “আজিৰ অসমীয়াই
নিজক নিচিনিলে অসম ৰসাতলে যাব”, “বিভেদ পৰিহৰি নিজ হাতে শ্ৰম কৰি দেশক নগঢ়িলে এই দেশ
হ’ব নিঃশেষ”, “তুমি বিশ্বৰ শৰীৰত পংগু অংগ হ’লে বিশ্বই জানো ভাল পাব”, “পৃথিৱীত জনমি
সচেতন নহ’লে প্ৰাপ্যও থিতাতে হেৰাব” – থলুৱা, নতুন অসমীয়া, বিশ্বপ্ৰেম বিনন্দীয়া বুলি
ভবা অসমীয়া – সকলোৰে বাবে কিমান সকিয়নী! মোৰ মতে প্ৰত্যেক ঘৰ অসমীয়া মানুহে দিনে অন্ততঃ
এবাৰ এই গীতটো প্ৰাৰ্থনাৰ দৰে শুনিব লাগে, অনুধাৱন কৰিব লাগে আৰু সেইমতে চলিব লাগে।
“আমি অসমীয়া”
গীতটো অসমীয়াৰ সংজ্ঞাবহনকাৰী গীতো –
“প্ৰতি অসমীয়া
আমি ভাল ভাৰতীয়
আৰু লুইতৰ পাৰৰে
মাটিক মাতৃ বোলা
প্ৰতি ভাৰতীয়
হ’ল নতুন ৰূপৰ অসমীয়া
আমি সেইভাৱে
থাকিলেই হ’ব…”
গানটো
আজিও শুনিলে মোৰ গাৰ নোম দাল দাল হয়, চকু সেমেকি উঠে !
এয়া
হাজৰিকাদেৱৰ
কেৱল এটা গানৰ প্ৰভাৱ। তেখেতৰ গোটেই অৱদানৰ কথা ভাবকচোন ! ১৯৪৮ চনতে নিউয়ৰ্কত ডক্টৰেট কৰিবলৈ গ’ল। সেইখিনি সময়তে কেলিফৰ্নিয়াত এম, জি, এম, কোম্পানীত চাকৰিও কৰিলে। কেৱল নিজৰ কথা ভবা হ’লে তাতে থিতাপি লৈ থাকিলেহেঁতেন কিন্তু ঘূৰি আহি নিজৰ কামেৰে মাতৃভূমিৰ নাম উজ্জ্বলাই আমাৰ দৰে হাজাৰ বিজাৰৰ জীৱনৰ দিশেই সলনি কৰি থৈ গ’ল।
দ্বিতীয়জন
ব্যক্তি হিচাবে লিখিবলৈ ওলাইছো বাপুজী মহাত্মা গান্ধীৰ বিষয়ে। এজন সাধাৰণ মানুহে সাধাৰণ যেন লগা কামেৰে অসাধ্য সাধন কৰি যোৱাৰ ভাল উদাহৰণ আমাৰ জাতিৰ পিতাতকৈ হয়তো পৃথিৱীত কোনো নাই। বৰ বেছি মেধাৱী মানুহ নহয়, শাৰীৰিক অৱয়বো সাধাৰণ কিন্তু তেখেত আছিল সহমৰ্মিতাৰ (Empathy) সাগৰ, অত্যন্ত সৎ আৰু কোনো এটা কামত নেৰানেপেৰাকৈ লাগি থাকিব পৰা গুণৰ গৰাকী। সেয়ে সাধাৰণ হৈয়ো সৰু-বৰ সকলোকে এক গোট কৰিব পাৰিছিল, ব্ৰিটিছৰ দৰে ইমান ডাঙৰ শক্তিকো খেদাই পঠাব পাৰিছিল।
কিন্তু
আজি তেখেতক বহুতে পাহৰিবলৈ ধৰিছে। সেই দুখতে ক’ৰবাত মাজতে লিখিছিলো –
“তোমাৰ ছবিৰে জিলিকিছে বেংকৰ নোট ।
তোমাৰ নামেৰে ৰাস্তা অজুত ।।
কিন্তু তোমাৰ আদৰ্শ উঠিছে ধোঁৱা চাঙত ।
ঘৰতে হৈছা পৰ,
তোমালৈ বহুতৰে নপৰে মনত ।।
ৰাষ্ট্ৰীয়তাবাদীৰ মুখা পিন্ধাহঁত আৰু,
তোমাৰ নামেৰে নিজকে ধনী কৰাহঁতৰ
তোমাক অপ্রাসংগিক কৰাত মনোযোগিতা ।
তোমাক দোষী সজোৱাৰ চলিছে যেন প্ৰতিযোগিতা।।
পিছে যেতিয়ালৈকে মূল্য আছে সততা আৰু অহিংসাৰ,
তুমি জীয়াই থাকিবা অন্ততঃ কʼৰবাৰ চুক কোণত।
তাৰ পৰা এদিন তোমাৰ আদৰ্শ
আকৌ বিয়পিব সমগ্ৰ দেশত ।।“
হয়
– আশা এইখিনিতে যে মহাত্মা গান্ধীৰ আদৰ্শৰ মৃত্যু হ’ব নোৱাৰে – এদিন
আকৌ সি
জিলিকি উঠিব।
তৃতীয়জন
ব্যক্তিৰ কথা হয়তো মই গোটেই জীৱন লিখি থাকিলেও শেষ নহ’ব। প্ৰথম দুগৰাকীৰ তুলনাত এখেত সিমান বিখ্যাত নহয় কিন্তু মই যিফালে খোজ দিও মোৰ এনে লাগে যেন মই তেখেতকে দেখা পাও। তেখেত হৈছে ডঃ ভবেন্দ্ৰনাথ শইকীয়া – অসমীয়া কলা-সাহিত্য জগতৰ কাণ্ডাৰী পুৰুষ। লগতে Electron
diffraction study of thin films-অৰ
দৰে কঠিন বিষয়ত ডক্টৰেট উপাধি লোৱা, পদাৰ্থ বিজ্ঞানৰ খুব ভাল অধ্যাপকো। গল্প, উপন্যাস, নাটক – লেখক হিচাবেই তেখেতৰ অৱদান কিমান। সুক্ষ্মাতিসুক্ষ্ম পৰ্য্যবেক্ষণেৰে তেখেতৰ দৰে চুটি গল্প লিখা দ্বিতীয় এজন লেখক মই গোটেই পৃথিৱীতে আজিলৈকে বিচাৰি পোৱা নাই। তেখেতৰ বহুমূলীয়া চিনেমাকেইখনৰ ভিতৰত অগ্নিস্নানৰ কথাকে কওঁ – নাৰী শক্তিৰ ইমান সাৱলীল উপস্থাপন কৰিবলৈ মানুহজন কিমান সাহসী আৰু দিগদৰ্শী হ’ব লাগিব ভাবিব পাৰেনে ? বা সম্পূৰ্ণ বেলেগ বিষয়ত এটা বেলেগ মাধ্যম ৰেডিওৰ ‘শান্ত-শিষ্ট, হৃষ্ট-পুষ্ট, মহাদুষ্ট‘ শুনাৰ যি বিমল আনন্দ, তাক শব্দেৰে কেনেকৈ প্ৰকাশ কৰো? প্ৰান্তিক, সঁফুৰা, আৰোহণ, কলাক্ষেত্ৰৰ কথা নকলোৱেইবা! নিজৰ দুৰাৰোগ্য বেমাৰৰ কথা শুনিও ডাক্টৰলৈ এই প্ৰশ্নহে কৰিছিল যে তেখেতৰ হাতত আৰু কিমান সময় আছে – যাতে তাৰ সদ্ব্যৱহাৰ কৰি অসমীয়াৰ আৰু সেৱা কৰি যাব পাৰে।
অসমীয়া জাতি
যদি নিজৰ ভাষা-সংস্কৃতিৰ
সৈতে আৰু ৫০-১০০ বছৰ সঁচায়ে জীয়াই থাকে আৰু সেই প্ৰজন্মৰ কোনোৱে অতীতলৈ উলটি চায় তেতিয়া হয়তো আচৰিত হ’ব যে এজন মানুহে নিজৰ জীৱনকালত নিজৰ জাতিৰ কাৰণে ইমানখিনি কেনেকৈ কৰি যাব পাৰে! সেয়াই ডঃ ভবেন্দ্ৰনাথ শইকীয়া – প্ৰকৃতাৰ্থত মহান পুৰুষ। অসমীয়াই আজিও তেখেতৰ সঠিক মূল্যায়ন কৰা নাই। তেখেতক আমি অসম সাহিত্য সভাৰ সভাপতি নেপাতিলো, ভাৰতবৰ্ষৰ স্তৰলৈ ভালদৰে লৈ নগ’লো। ভাৰত চৰকাৰে তেখেতক দিছে মাথোন পদ্মশ্ৰী উপাধি। তেখেত ভাৰত ৰত্ন পাবৰ যোগ্য।
ওপৰোক্ত তিনিওগৰাকী
বিখ্যাত লোক। কিন্তু আমাৰ জীৱনৰ একেবাৰে কাষতে থকা বিখ্যাত নোহোৱা কিছু লোকেও মচিব নোৱাৰা প্ৰভাৱ পেলাই যায়। মোৰ জীৱনৰ তেনে দুজন ব্যক্তি হ’ল মোৰ সৰু খুড়া শ্ৰীযুত হেমন্ত বৈদ্য আৰু মোৰ মামা প্ৰয়াত সঞ্জীৱ বৰদলৈ। আনৰ সুখৰ কাৰণে নিজৰ জীৱন হাঁহি মনেৰে বিলাই দিয়াৰ দুটা সুন্দৰ উদাহৰণ মোৰ খুড়া আৰু মোৰ মামা। গছপুলি এটা পানী, মাটি, সাৰেৰে ৰসাল, জীপাল কৰি তোলাৰ দৰে আমাৰ শৈশৱ তেখেতসকলে মনোৰম কৰি তুলিছিল। তাতেই আমাৰ জীৱন ঠন ধৰি উঠিছিল। তেখেতসকলৰ প্ৰভাৱ আমাৰ জীৱনত সদায় থাকিব।
বহু
গুণী ব্যক্তিৰ বিষয়ে যিদৰে জানিছো, শুনিছো, সান্নিধ্যলৈ আহিছো, ঠিক তেনেদৰেই বহু কিতাপেও মন চুই গৈছে। তাৰে তিনিখনৰ কথা উল্লেখ কৰো।
ভাগৱত গীতা
– ৭০১ টা শ্লোকৰ এইখন গ্ৰন্থই ধৰ্ম্মৰ পৰা জীৱন দৰ্শন সকলো সামৰি লৈছে। আচলতে হাজাৰটা
ধৰ্ম্মৰ সমষ্টি হিন্দু ধৰ্ম্মক যি কেইটামান বস্তুৱে এক কৰে তাৰ অন্যতম এই ভাগৱত গীতা।
মই গীতা সম্পূৰ্ণকৈ পঢ়া নাই – ক’ৰবাত একাংশ পঢ়িছো, ক’ৰবাত সাৰাংশ পঢ়িছো। কিন্তু ভাগৱত
গীতাৰ প্ৰভাৱ আজীৱন প্ৰত্যেক মুহূৰ্ত্ততে থাকিব। হয়তো সেই প্ৰভাৱক আটাইতকৈ ভালকৈ চিহ্নিত
কৰে তল শ্লোক ফাকিয়ে -
কৰ্ম্মণ্যেৱাধিকাৰস্তে
মা ফলেষু কদাচন।
মা কৰ্ম্মফলহেতুভূৰ্ম
তে সংগোৎস্ত্বকৰ্ম্মণি।।
কৰ্ম্মতেই
আমাৰ অধিকাৰ, কৰ্ম্মফলত নহয়। কৰ্ম্ম ফলেৰে উদ্বুদ্ধ নহ’বা কিন্তু কৰ্ত্তব্যপালনৰ
পৰা কেতিয়াও পিচ নুহুহুকিবা।
বাকী
দুখন কিতাপ মোক প্ৰভাৱান্বিত কৰা দুজন ব্যক্তিৰ সৈতে জড়িত।
‘The Life of Mahatma Gandhi’ – আমেৰিকান লিখক লুই ফিচাৰে লিখা। মহাত্মাৰ জীৱনক ইমান সৰল
অথচ সাৱলীল ভাবে উপস্থাপন কৰিছে যে যিয়েই এইখন কিতাপ পঢ়িছে তেওঁ হয়তো আৰু কেতিয়াও বাপুক
পাহৰিব পৰা নাই। আজিৰ যুগত য’ত বহুতেই মহাত্মা গান্ধীলৈ আঙুলি টোঁৱাবলৈ লৈছে, সকলোৱে
এইখন কিতাপ পঢ়া উচিত – পঢ়ি বুজক তেখেতে কেনেকৈ নিজৰ জীৱনেৰেই নিজৰ বাণী প্ৰচাৰ কৰি
গৈছে। কথা ক’বলৈ সহজ কিন্তু নিজে কোৱা কথা নিজে পালন কৰি উদাহৰণ দিয়াটো সহজ নহয়। আজি
বহুতেই ‘An eye for an eye’ত
বিশ্বাস কৰা যেন লাগে। কিন্তু সেই মত পোষণ কৰি চলিলে গোটেই পৃথিৱীয়েই এদিন অন্ধ হ’বগৈ
– মহাত্মা গান্ধীয়ে তাকে বুজাব খুজিছিল।
লুই ফিচাৰৰ
এই কিতাপখনৰ পৰা অনুপ্ৰাণিত হৈয়েই ৰিচাৰ্ড এটেনব’ৰ’ই ‘গান্ধী’ চিনেমাখন বনাইছিল।
তৃতীয় কিতাপখন
হৈছে ডঃ ভবেন্দ্ৰনাথ শইকীয়াৰ আত্মজীৱনী ‘জীৱন বৃত্ত’। মোৰ মানত এইখন কিতাপ হাজাৰ বাধা
নেওচি, নিজৰ গুণৰ সদ্ব্যৱহাৰেৰে সমাজ সেৱাৰ উদ্দেশ্যমুখী এক জীৱন যাপনৰ দলিল। নগাঁৱৰ
পৰা লণ্ডন, বিজ্ঞানৰ পৰা সাহিত্য, ল’ৰা-ধেমালিৰ পৰা সমাজ সেৱালৈকে – সকলো আছে এইখন
কিতাপত। কোনো লুকঢাক নকৰাকৈ সকলো কথা সন্নিবিষ্ট কৰিছে তেখেতে। কিতাপখনে আমাক বহু বিপদৰ
মাজতো সৎ হ’বলৈ, ভাল হ’বলৈ, নিজৰ গুণৰ উৎকৰ্ষ সাধনৰ নেৰানেপেৰা চেষ্টা কৰি যাবলৈ, দহজনৰ
হিত সাধন কৰিবলৈ অনুপ্ৰেৰণা যোগায়।
কিতাপখন অতি
বেছি ভাল লগাৰ আৰু এটা কাৰণ এয়ে যে শইকীয়াদেৱো নগঞাঁ, ময়ো নগঞাঁ। এই ফৌজদাৰী পটি, মাৰোৱাৰী
পটি – নামবিলাক দেখিলেই সকলো চকুৰ আগলৈ ভাঁহি আহে। আনকি আমাৰ মৰিকলং গাঁৱৰ নামো উল্লেখ
আছে। সৰুকালৰ কথাত তেখেতে লিখিছে,”ডাঙৰিবোৰ মৰণা মাৰোতে গৰুৰ পিছে পিছে ঘূৰি থকাতো
মোৰ কাৰণে এটা ফূৰ্ত্তিৰ কাম আছিল।” মই নিজেও সৰুকালত সেই একেটা কামকে কৰিছো। গৱৰ্ণমেণ্ট
বয়জ হাইস্কুলৰ ঘণ্টা লগোৱা গম্বুজৰ তলত ৰৈ তেখেতে স্কুলীয়া জীৱনৰ শেষ মুহূৰ্ত্তকেইটামানৰ
স্মৃতি গোটেই জীৱনলৈ গোটাইছে। একেখন স্কুলৰে ছাত্ৰ হিচাবে সেই গম্বুজৰ গাম্ভীৰ্য, সেই
স্কুলৰ প্ৰতি এক মন্দিৰ ধৰণৰ ভাব আমাৰ মনত আজিও সোমাই আছে। এই সৰু সৰু কথাবিলাকৰ কাৰণেও
এইখন কিতাপ মোৰ জীৱনৰ অভিন্ন অংগ হৈ থাকি গ’ল।
শেষত
মোক প্ৰভাৱান্বিত কৰা তত্ব – এইক্ষেত্ৰত মোৰ বাবে ধৰ্ম্ম, দৰ্শন, বিজ্ঞান সকলো একাকাৰ হৈ পৰে। সকলোৰে উৎস এক, অৱশেষত সকলো এক - এই মূলৰ যিকোনো তত্বৰ লগতে মই একাত্মবোধ কৰো। আইনষ্টাইনে কৈ যোৱা এটা অতিশক্তি (One Superpower), আজিৰ বিজ্ঞানীসকলে বিচৰি থকা ‘Theory of Everything‘, হিন্দুধৰ্ম্মৰ ব্ৰাহ্মণ (বিশ্বব্ৰহ্মাণ্ড সৃষ্টিৰ চৰম তত্ব) আৰু আমাৰ মহাপুৰুষজনাৰ এক শৰণ নাম ধৰ্ম্ম – মোৰ কাৰণে সকলো একে সত্যৰে বেলেগ বেলেগ ৰূপ। এই একীকৰণ তত্বৰে উদ্বুদ্ধ হৈ বিভেদ পাহৰি আমি এক হৈ থাকিব লাগিব – তাৰেই একান্ত আশা।
Mur vaxa nai aji tumak xalagiboloi.
ReplyDelete