For the English version, please click here.
দিলশ্বাদ্ আলম্
সৌৰভ মৰিকলঙীয়া
মৰুৰ দেশত পদাৰ্পণ
১৯৯৮ চনৰ এপ্ৰিল মাহৰ ২২ তাৰিখ। আজিৰ টি২০, আই পি এলৰ যুগৰ বহু আগৰ কথা। বালিৰ ধুমুহাৰ প্ৰকোপত ক’কা-ক’লা কাপৰ ভাৰত, অষ্ট্ৰেলিয়াৰ মাজৰ ক্ৰিকেট খেলখন অলপ দেৰি স্থগিত ৰাখিব লগীয়া হৈছে। ফাইনেল পাবলৈ হ’লে ভাৰতবৰ্ষৰ জীৱন মৰণৰ প্ৰশ্ন – হয় জিকিব লাগিব নহ’লে অন্ততঃ ৰান ৰেট বহুত ভাল কৰিব লাগিব। প্ৰতিকূল বাতাবৰণ, জটিল পৰিস্থিতি। কিন্তু ক্ৰিজত আছে এশ কোটি ভাৰতীয়ৰ বুকুৰ আমঠু শচীন টেণ্ডুল্কাৰ।
এসময়ত খেল আকৌ আৰম্ভ হ’ল। টেণ্ডুলকাৰে খেলখন জিকিব নোৱাৰিলে কিন্তু নিজৰ শতকৰ জৰিয়তে ভাল ৰান ৰেটেৰে ফাইনেল পোৱাইহে এৰিলে। তাতেই টেণ্ডুল্কাৰ ক্ষান্ত নেথাকিল। দুদিন পাচত নিজৰ ২৫-তম জন্মদিনত হোৱা ফাইনেলত আকৌ শতকেৰে অষ্ট্ৰেলিয়াক হৰুৱাই বিজয়ী হৈহে এৰিল। এয়াই ক্ৰিকেট জগতৰ প্ৰখ্যাত ‘ডেজাৰ্ট ষ্টৰ্ম্’। আনকি আজিৰ ক্ৰিকেট জগতৰ আশ্চৰ্য্য বিৰাট কোহলিয়েও এই ডেজাৰ্ট ষ্টৰ্মৰ ইনিংছ খেলাৰ সপোন দেখে। এই ষ্টৰ্মৰেই ঠাই – শ্বাৰজাহ।
শ্বাৰজাহ মানে যে কেৱল সুখৰেই বাৰ্ত্তাবাহক এনে নহয়। শ্বাৰজাহে বহুত দুখু দিছে। ১৯৮৬ চনৰ ১৮ এপ্ৰিল তাৰিখে শেষ বলত ছয় মাৰি ভাৰতক হৰুৱাই জাভেদ মিঞাদাদে পাকিস্তানক অষ্ট্ৰেলেচিয়া কাপ জিকোৱাৰ কথা কোন ভাৰতীয় ক্ৰিকেট প্ৰেমীয়ে পাহৰিব পাৰিব!
সুখেই হওক বা দুখেই হওক শ্বাৰজাহ মানে সদায় এক শিহৰণ, সদায় এক ৰোমাঞ্চকৰ অনুভৱ। সেই শ্বাৰজাহতে ব্ৰাচেল্চ্-ইস্তানবুল হৈ তাৰ্কিশ এয়াৰলাইনৰ ফ্লাইটেৰে সপৰিয়ালে পদাৰ্পণ কৰিলোগৈ যোৱা বছৰৰ ডিচেম্বৰ মাহৰ ২৭ তাৰিখে। এইফালে আমি শ্বাৰজাহ এয়াৰপ’ৰ্ট পাইছো সিফালে এয়াৰপ’ৰ্টৰ বাহিৰত মোৰ বহল হৃদয়ৰ চুটি চাপৰ বন্ধু নিজৰ বিয়াগোম মিট্চুবিশ্বি পাজেৰ’ গাড়ী লৈ হাজিৰ।
শ্বাৰজাহ এখন বহুযুগৰ পৰাই ধনী চহৰ যাৰ বুৰঞ্জী ৫০০০ বছৰতকৈয়ো অধিককাল পুৰণা। আজি শ্বাৰজাহ এক গুৰুত্বপূৰ্ণ ব্যৱসায় কেন্দ্ৰ, সংযুক্ত আৰব আমিৰী ৰাষ্ট্ৰৰ সাংস্কৃতিক ৰাজধানী, UNESCO স্বীকৃত ‘World
Book Capital’ ।
শ্বাৰজাহ এয়াৰপ’ৰ্টৰ পৰা ওলায়েই মনটো ভাল লাগি গ’ল। মৰমৰ সখাক লগ পাইছো আৰু লগতে সূৰ্য্য দেৱতাকো ইমান ভালকৈ লগ পাইছো। ইউৰোপৰ মৰ ঠাণ্ডাৰ পৰা গৈছো যে! ভাৰতবৰ্ষত প্ৰায় সদায় সূৰ্য্যৰ মুখ দেখি দেখি অভ্যস্ত হোৱা মানুহ আমি। ইউৰোপলৈ গৈহে গম পালো তেখেত কিমান দুষ্প্ৰাপ্য। ‘Make
hay while the sun shines’ বোলা ইংৰাজী ফকৰা যোজনাভাগৰ অৰ্থ এতিয়াহে বুজিবলৈ ধৰিছো। পিছে আৰব অঞ্চলটোৰ প্ৰতি সবিতা১ বাইদেউৰ সু-দৃষ্টি ভাৰতবৰ্ষতকৈও বেছি। গতিকে আমি উত্ফুল্লিত!
বন্ধুৱে ফোফোৱাই গাড়ী চলাই ৪৫ মিনিট মানৰ ভিতৰতে তাৰ ঘৰ পোৱাই দিলে। ঘৰ মানে একেবাৰে ডাউন-টাউন ডুবাইত। ঘৰৰ পৰা পাৰস্য উপসাগৰ দেখি থাকি, লগতে হিল্টন হোটেল আৰু জাকজমকীয়া পৃথিৱীৰ আৰু বহুত কিবা কিবি দেখা পোৱা যায়। একেবাৰে মায়াপুৰী পোৱা যেন লাগিল!
জাকজমকীয়া ডুবাই
ডুবাই মানে জাকজমক,
ৰমকজমক। ইবন বটুটা
মল,
গ্ল’বেল
ভিলেজ,
ডুবাই
মল,
মল
অফ
এমিৰেট্চ,
গ’ল্ড
চক
আৰু
কত
যে
কি!
সবৰে বিবৰণ নিদিও – অকমান ডুবাই মলৰে আখ্যান কও। ৫০ খন মান ফুটবল খেলপথাৰৰ সমান ডাঙৰ ডুবাই মলখনৰ ভিতৰত ২৫০টা ৰুমৰ বিলাসী হোটেল, ১২০ খন ৰেষ্টুৰেণ্টৰ পৰা আৰম্ভ কৰি শ্বাৰ্ককে আদি কৰি তিনিশমান প্ৰজাতিৰ সাগৰীয় জীৱ-জন্তুৰে এটা প্ৰকাণ্ড একুৱাৰিয়ামলৈকে – সকলো আছে, বাকী দোকানবিলাকৰ কথা নক’লোৱেইবা! চকু কপালত নহয়, চকু মোৰ তপা মূৰৰ তালুত উঠিলগৈ! মল সংস্কৃতি এনেও মোৰ প্ৰিয় নহয় – সেয়ে বহু বছৰ আগেয়েই মই মল-ত্যাগ কৰিলো। কিন্তু মল ডুবাইৰ অভিন্ন অংগ – গতিকে অলপ বিবৰণ নিদি নোৱাৰিলো।
পালতৰা
নাৱৰ দৰে সুদৃশ্য ২৮০ মিটাৰ উচ্চ বুৰ্জ আল্-আৰব – পৃথিৱীৰ আটাইতকৈ সুন্দৰ হোটেল বিলাকৰ এখন। তাৰে ওপৰত থকা হেলিপেডত বহু বছৰ আগতে টেনিচ খেলিছিল ৰ’জাৰ ফেডাৰাৰ আৰু আণ্ড্ৰে আগাছীয়ে। বুৰ্জ আল-আৰবতকৈ বহুগুণে বেছি ওখ, আচলতে পৃথিৱীৰে আটাইতকৈ ওখ বিল্ডিং বুৰ্জ খলিফা – ১৬৩ মহলাৰে মুঠ ৮৩০ মিটাৰ উচ্চতা – মানে প্ৰায় ১ কিঃমিঃ ওখ! আকাশ লংঘা বুলি ক’লেও যেন কম হে শুনি! আৰু যে কিমান ভোগ বিলাসী জগতৰ আকৰ্ষণ! কিন্তু ডুবাইৰ চমক তাতেই শেষ নে? নহয় – ডুবাইৰ নানা ৰূপ আছে। নানা ঠাইৰ নানা লোকৰ সংগমস্থল, পৃথিৱীৰ আটাইতকৈ নিৰাপদ চহৰ বিলাকৰ এখন এই ডুবায়ে প্ৰত্যেক ভাঁজতে জীৱনৰ এক নতুন ৰূপ দেখুৱায়।
ভাৰত পাকিস্তানৰ শান্তিপূৰ্ণ সহবাস
ডুবাই মানে ভাৰত পাকিস্তানৰ শান্তিপূৰ্ণ সহবাসৰ থলীও। খুব বেছি পয়োভৰত ভাৰতীয় আৰু পাকিস্তানী মানুহ ডুবাইত আছে আৰু বেছ ভালদৰেই আছে। এনে এক অনুভব হৈছিল পৰ্য্যটন, অৱসৰ-বিনোদন, বজাৰ-সমাৰ আৰু সংস্কৃতিৰ ৯০ খন দেশৰ সংগমস্থল গ্ল’বেল ভিলেজত। তাতে লগ পাইছিলো এজন পাকিস্তানী বেপাৰীক। একেবাৰে ভাৰতীয় ব্যৱসায়ীৰ দৰেই মিঠা মিঠা কথাৰে আমাৰ মন মুহি নিছিল। মাজে মাজে ভোল যোৱাবলৈ অকমান ভঙা ভঙা ইংৰাজীতো কথা পাতিছিল,”Name Lucky Leather. You buy, you
lucky”। আমিও ভাল ভোল গৈছিলো। এটা নহয়, দুটা নহয়, আমি সবেই মিলি সৰ্ব্বমুঠ পাঁচটা জেকেট কিনিছিলো তেওৰ দোকানৰ পৰা। পাকিস্তানত বজাৰ কৰি সেইদিনা আমি ওচৰৰে ভাৰতবৰ্ষত দহি-ভাল্লা, পাপ্ড়ী চাট ইত্যাদিৰে উদৰ পূৰাইছিলোগৈ।
ডিজিটেল ডিটক্স
ইলেক্ট্ৰনিক বস্তু আৰু মাধ্যমেৰে আমাৰ জীৱন ঠাহ খাই পৰিছে। আজিৰ যুগত এইবিলাক অত্যন্ত দৰকাৰী কিন্তু বহু সময়ত দৰকাৰীখিনিৰ লগতে অদৰকাৰী জাবৰ জোঁথৰো আহে যাৰ ফলত জীৱন বিষময় হোৱাৰ উপক্ৰম হয়। সেয়ে সময়ে সময়ে এক বিষমুক্তিকৰণৰ নিতান্তই প্ৰয়োজন হয়। তাকেই ডিজেটেল ডিটক্সিফিকেশ্বন বুলি কোৱা হয় – চমুকৈ ডিজিটেল ডিটক্স।
ডুবাইলৈ যোৱাৰ আগদিনা ৰাতি, সমাজত মুকলিকৈ ক’ব নোৱাৰা ঠাইৰ পানীত পৰি মোৰ ফোনটো বেয়া হ’ল। ধুই মুচি কাচি লৈ লৈছো – ভাবিলো ডুবাইত সোনকালে ঠিক হ’ব। ডুবাই পোৱাৰ দিনাই মেৰামতি কৰা দোকানলৈ গ’লো। দোকানীয়ে ক’লে,”লাগতিয়াল পাৰ্ট্চ্ নাই। আহিবলৈ দুসপ্তাহমান লাগিব।“ আমি আকৌ গৈছোৱেই ৬ দিনৰ কাৰণে। গতিকে নতুন ফোন ঘূৰি আহি কিনিম বুলি ভঙা ফোন ভঙাকৈয়েই ঘূৰাই লৈ আনিলো। আৰু সেই ছদিন বিনা ফোন, বিনা চচিয়েল মিডিয়াৰে কি সুন্দৰভাৱে পাৰ হ’ল! বন্ধুৰো গোটেই ছদিন ছুটি আছিল। গতিকে কেৱল কথা পাতি, অকমানকেইটাৰ লগত খেলা-ধূলা কৰি, ধুনীয়া ধুনীয়া ঠাই চাই, ধুনীয়া ধুনীয়া খোৱা খায়েই গোটেই সময় পাৰ কৰিলো – এক মনোৰম প্ৰশান্তি পালো, এটা দৰকাৰী ডিজিটেল ডিটক্স হ’ল।
কাশী-কাবা এক হেয়্, এক হেয়্ ৰাম ৰহিম
বন্ধুৰ প্ৰকাণ্ড গাড়ীত দুইটি পৰিয়ালৰ সাতোটি প্ৰাণী এদিন ওলালো সংযুক্ত আৰব আমিৰী ৰাষ্ট্ৰৰ ৰাজধানী আবু ধাবিস্থিত শ্বেখ জায়েদ মছজিদলৈ।
জীৱনত কিমান নামঘৰ, মন্দিৰলৈ গ’লো তাৰ হিচাব নাই। দেশ বিদেশৰ বহু গীৰ্জ্জাৰ ভিতৰো দেখিলো। সৰুৰে পৰা নগাঁও টাউনৰ চিভিল হস্পিতালৰ ওচৰৰ মছজিদৰ পৰা আৰম্ভ কৰি আন মছজিদৰো সমুখত মূৰ দোঁ খাই আহিছে যদিও কেতিয়াও কোনো মছজিদৰ ভিতৰ সোমাই পোৱা নাই। গতিকে ভক্তিভাৱৰ লগতে কিবা এটা প্ৰথমবাৰৰ কাৰণে অনুভৱ কৰিবলৈ ওলোৱাৰ শিহৰণ মনত লৈ যাত্ৰা আৰম্ভ কৰিলো।
আমিৰী ৰাষ্ট্ৰৰ আটাইতকৈ ডাঙৰ, একেলগে ৪০,০০০ ৰো ওপৰ ভক্তই প্ৰাৰ্থনা কৰিব পৰা, পৃথিৱীৰ নানা ঠাইৰ সৰ্ব্বোতকৃষ্ট মাৰ্বলেৰে নিৰ্মিত এই মছজিদলৈ চাই ৰ’লেই হিয়া শাঁত পৰি যায়। মূল প্ৰাৰ্থনা গৃহৰ দলিচাখন পৃথিৱীৰ আটাইতকৈ ডাঙৰ দলিচা। লাখ, লাখ শ্বোৱাৰভস্কি স্ফটিক খচিত বিয়াগোম বিয়াগোম দীপাধাৰ (chandelier)।
ইছলাম ধৰ্ম্মৰ বহু ভাল লগা কথাৰ এটা হৈছে উপবাসে থকা (ৰোজা) – হিন্দু ধৰ্ম্মৰ নবৰাত্ৰিৰ উপবাসৰ দৰে। ভোকাতুৰ পেটত বহু কথাৰ অনুধাৱন হয়, আশা-আকাংক্ষাৰে পৰিপূৰ্ণ আমাৰ উৰণীয়া মন বিলাকে অলপ মাটিত নমাৰ সুবিধা পায়। সেয়ে শ্বেখ জায়েদ মছজিদলৈ যোৱাৰ দিনা খালী পেটেৰেই গৈছিলো।
আমি মাৰ্জ্জিত কাপোৰেই পিন্ধি গৈছো। মছজিদ কৰ্ত্তৃপক্ষৰ ফালৰ পৰাও মাৰ্জ্জিত কাপোৰৰ বিশেষকৈ মহিলা সকলৰ কাৰণে আবায়াৰ যোগান ধৰে। ধৰ্ম্ম নিৰ্বিশেষে এই আবায়া পিন্ধি এখন ফোটো উঠাটো মহিলা সকলৰ চখ। আবায়া পিন্ধা মোৰ পত্নীৰ একেবাৰে কাষত ৰৈ মই এখন ফটো উঠোতে ওচৰতে থকা মছজিদৰ কৰ্মচাৰী এজনে ভদ্ৰভাৱে ক’লে,”অলপ দূৰে দূৰে থাকি ফটো উঠক।“ ডুবাইত মানুহ ইউৰোপত থকাৰ দৰেই থাকে কিন্তু ডুবাইৰ বাহিৰত কথাবিলাক সিমান শিথিল নহয় বিশেষকৈ ধৰ্ম্মীয় অনুষ্ঠানৰ ক্ষেত্ৰত অনুভূতিৰ অত্যন্ত মাৰ্জ্জিত প্ৰদৰ্শন নিতান্তই দৰকাৰ।
মছজিদৰ মাজেৰে ঘূৰি ফুৰি এসময়ত মূল প্ৰাৰ্থনা গৃহৰ ওচৰ পালোগৈ। এজন কৰ্মচাৰীক সুধিলো,”ইয়াত প্ৰাৰ্থনা কৰিব পাৰিম নে ? আমি কিন্তু মুছলমান নহয়।“ ক’লে,”পাৰিব।“ মই, বন্ধু, বন্ধুপুত্ৰ সোমাই গ’লো। প্ৰায় আধা ঘণ্টামান সময় ধ্যান কৰাৰ দৰে কৰি থাকিলো। ওচৰতে মানুহে প্ৰায় নিশব্দে নামাজ পঢ়ি আছিল। বৰ শান্তি বিৰাজ কৰি আছিল তাত – এনে শান্তি যদি গোটেই পৃথিৱীতে হ’লহেতেন!
কাশী-কাবা এক হেয়্, এক হেয়্ ৰাম ৰহিম।
ময়দা এক, পকৱান বহু, বেঠ কবীৰা জীম।।
বিঃদ্ৰঃ মছজিদ প্ৰাঙ্গণৰ মাটিৰ তলতো, আমাৰ আজমল চাহাবৰ দোকানৰ লগতে নানা নামী-দামী বিলাসী বস্তুৰ দোকান। ত্ৰাহি মধুসূদন! আল্লাহ ৰাখা!
বালি-ধেমালি
এদিন মৰুভূমিৰ চাফাৰীৰ প্লেন হ’ল – কোৱাদ বাইকিং, ডুন বেশ্বিং, উটৰ পিঠিত উঠা আৰু শেষত বেলী নৃত্য আৰু ৰাতিৰ আহাৰলৈকে। এনেকুৱা ৰাজকীয় আয়োজন যে আমাক একেবাৰে ঘৰৰ দুৱাৰ দলিৰ পৰাই টয়টা লেণ্ড ক্ৰুজাৰ গাড়ীত লৈ গ’ল। প্ৰথমে পালোগৈ কোৱাদ বাইকিঙৰ ঠাই। কোৱাদ বাইক মানে চাৰিটা প্ৰকাণ্ড চকাৰে বালিত চলিব পৰা মটৰ বাইক। তিনিখন বাইক ল’লো – এখনত বন্ধু পৰিয়াল, এখনত মোৰ পত্নী আৰু ডাঙৰ জীয়ৰী আৰু এখনত মই আৰু মোৰ সৰু জী। বাইকখনৰ তলা নলা বুজিবলৈ অলপ সময় লাগিল কিন্তু এবাৰ বুজাৰ পাছত আৰু কোনে পায়! এই বালিৰ ধাপলৈ উঠি যোৱা – আকৌ নামি অহা। চাৰিওফালে কেৱল কোৱাদ বাইক আৰু সেইবিলাকৰ ভো-ভোৱনি শব্দ! মোৰ সৰু জীয়ৰীয়ে তাইৰ শিশু মনৰ শিহৰণৰ উদগণিত মোক একেবাৰে জোৰেৰে সাৱতি ধৰি আছিল। ময়ো যেন তাইৰ লগতে শিশু হৈ পৰিছিলো।
আমি ডাঙৰবিলাকে মূৰত কেফিয়াহ পিন্ধি লৈছিলো। দেখিবলৈ আমাক আৰবৰ মানুহ যেনেই লাগিছিল।
এসময়ত কোৱাদ বাইকিং শেষ হ’ল। ছাঁলৈ আহিলো। আমাৰ ভাৰতবৰ্ষৰ দৰেই কুঁহিয়াৰ পেৰি ৰস উলিয়াই আছিল। তাৰ একো গিলাচ খালো সকলোৱে। তাৰ পাছত আকৌ যাত্ৰা আৰম্ভ হ’ল। এইবাৰ চেণ্ড বেশ্বিং।
মূল ৰাস্তা বাদ দি একেবাৰে ৰাস্তা নোহোৱা শুদ্ধ মৰুভূমিত সোমালো আমি। চাৰিওফালে কেৱল বালি, বালি আৰু বালি। তাৰ বাহিৰে চিনাকী বস্তু বুলিবলৈ কেৱল সূৰ্য্য দেৱতা। তাকো লহিওৱাৰ সময়। গতিকে তেখেতৰো যাবৰ হ’ল। শিহৰণ আৰু অসহায়বোধৰ এক বেলেগ মিশ্ৰিত অনুভব হৈছিল সেই সময়ত। তেনেতে, হঠাতে আমাৰ ড্ৰাইভাৰ তথা টুৰ গাইডে আৰম্ভ কৰিলে চেণ্ড বেশ্বিং – মানে বালিৰ সাগৰৰ ওখ চাপৰবিলাকেৰে গাড়ীখন জোৰেৰে মহতীয়াই লৈ ফুৰা – যেন এক বিশেষ ধৰণৰ ৰ’লাৰ ক’ষ্টাৰ ৰাইড্হে! এনেও মোৰ এনেকুৱা ৰাইড্বিলাক ভাল লাগে, গতিকে মনটো ফূৰ্ত্তিত উত্ৰাৱল হৈ উঠিল। বালিৰ সাগৰৰ মাজত ৰৈ আমাৰ সাগৰৰ মাজত ৰৈ আমাৰ চাৰিওটাৰ এখন ফটো উঠিছিলো – সেইখন আজিও চালে মোৰ একেবাৰে আক্ষৰিকভাবে ‘বেডুইন হ’লো জীৱন চাহাৰত, ঠিকনা মোৰ নাই’ – এনে এটা অনুভব হয়। বৰ অদ্ভূত সেই অনুভব – প্ৰকৃতিৰ সৌন্দৰ্য্যৰ অন্য এক ৰূপ যি কোনোবা এফালৰ পৰা আমি যে কিমান ক্ষুদ্ৰ আৰু আক্ৰমণসাধ্য (vulnerable), হয়তো তাকো দেখুৱাই দিয়ে।
আমাক গাইডে লৈ গ’ল এইবাৰ বেলী নৃত্য চাবলৈ আৰু উটৰ পিঠিত উঠিবলৈ। গাড়ী এতিয়া তেওঁ সাধাৰণভাবে চলাই আছিল – পেটৰ নাড়ী-ভেৰুবিলাকে নিজৰ স্থানলৈ ঘূৰি অহাৰ সুবিধা পাই সকাহ পাইছিল।
বেলী নৃত্য – দেহৰ ধৰ অংশক প্ৰাধান্য দিয়া এক পুৰণি আৰবীয় নৃত্য। ইজিপ্তত আৰম্ভ হোৱা এই নৃত্যৰ আৰব পৃথিৱীৰ বেলেগ বেলেগ ঠাইত অলপ বেলেগ ৰূপ লয়।
বেলী নৃত্যৰ ঠাইত ৰাতিৰ খোৱাৰো আয়োজন কৰা হৈছিল। গতিকে নৃত্য পটিয়সীক বক্সিং ৰিং এটাৰ নিচিনা ঠাইত মাজত ৰাখি আমি মানুহ চাৰিওফালে সৰু সৰু টেবুলৰ কাষত প্ৰায় লেপেটা খাই বহি নৃত্য উপভোগ কৰিছিলো। নাচ চাই থাকোতে কেৱল এটা কথাই মোৰ মনলৈ আহি আছিল – মহিলাক ইমান আবুৰত ৰখা আৰব সকলৰ বাবে ইমান কম কাপোৰ পিন্ধি কৰা এই নৃত্য সামাজিকভাবে গ্ৰহণযোগ্য কেনেকৈ হ’ব পাৰে!
পিছে মই ভবা নভবালৈ পৃথিৱীতো সলনি নহয় গতিকে ভবা গুণা বাদ দি উটৰ পিঠিতে উঠিলোগৈ। উটৰ পিঠিত উঠা মানে সেয়া কেৱল ফটো তুলি বেচিবলৈহে – মাত্ৰ এক মিনিটমান সময় উটৰ পিঠিত উঠায় আৰু ফটোগ্ৰাফাৰে ফটো উঠায় – সিমানেই। ফটো আহিছে কিন্তু ভাল!
ডুবাই
– দুখন
পৃথিৱী
৩১
ডিচেম্বৰ ৰাতি। জে বি আৰ বিচ্চলৈ গৈ নতুন বছৰক আদৰিবলৈ আমি সকলো সাজু হৈছো। তেতিয়া বন্ধুৰ ন মহলাৰ ফ্লেটৰ পৰা তলত দেখিলো ওচৰতে বনুৱাই সেই ৰাতিও এটা বিল্ডিং বনোৱাত ব্যস্ত হৈ আছে। এয়াই ডুবাইৰ দুখন পৃথিৱী। মাত্ৰ কেইশ মিটাৰমান নিলগত ধনীতকৈও ধনী মানুহৰ ৰং ৰহইচ চলি আছে আৰু সেয়া তাৰ ওচৰতে দিন ৰাতি একাকাৰ কৰি বনুৱাই কাম কৰি আছে – নিজৰ পেট প্ৰবৰ্ত্তাবলৈ, নিজৰ দেশত এটা পৰিয়াল চলাবলৈ। ডুবাইত শ্ৰমিক শ্ৰেণীৰ বৰ কষ্ট। কাহিলি পুৱাৰ পৰা ৰাতিলৈকে গেবাৰি খাটে – ঠাণ্ডা গৰমৰ কোনো কথা নাই। প্ৰায় ৫০ ডিগ্ৰী চেলচিয়াচৰ গৰমতো তেওঁলোকে কাম কৰে।
ডুবাইত
নিগাজীকৈ থিতাপি ল’বলৈ যিকোনো মানুহৰে এটা সমস্যা হয়। সংযুক্ত আমিৰী ৰাষ্ট্ৰত স্থায়ী বাসিন্দা বা নাগৰিকত্ব প্ৰদান বুলি কোনো কথা নাই। কাৰণ দেশখনত থলুৱা মানুহ কেৱল ১৫% আৰু ৮৫% বহিৰাগত। গতিকে বাহিৰৰ মানুহক স্থায়ী বাসিন্দা বা নাগৰিক কৰিবলৈ হ’লে থলুৱা মানুহেই সংখ্যা লঘূ হ’ব।
২০১৯ চনৰ শেষৰ ফালৰ পৰা স্থায়ী বাসিন্দাৰ ক্ষেত্ৰত নিয়ম কিছু শিথিল কৰিছে যদিও সাধাৰণ মানুহৰ কাৰণে সি এতিয়াও সম্ভৱ নহয়। সেয়ে ডুবাইক (গোটেই আমিৰী ৰাষ্ট্ৰকে) মানুহে কেৱল পইচা ঘটাৰ ঠাই বুলিয়েই ধৰে।
নতুন
ডুবাই চাওতে চাওতে পুৰণা ডুবাই (বুৰ ডুবাই) চোৱাই নহ’ল। বুৰ ডুবাই – য’ত জীৱন বেছি সাধাৰণ, যি সিমান জাকজমক নহয়, য’ত হয়তো জীৱনৰ খহটা ফালটোৱে বেছি দেখা দিয়ে, য’ত ১০০-১৫০ বছৰ পুৰণা ডুবাইখনে ভুমুকি মাৰে, য’ত হয়তো জীৱনক আৰু বেছি ওচৰৰ পৰা দেখা পায়। সেই ‘Yarrow’ এতিয়ালৈ ‘unvisited’ হৈ ৰ’ল।
“There’s not a word yet for old friends who’ve just
met.” - জিম
হেনচন
(আমেৰিকান পুতলা
নাচ
আৰু
কাৰ্টুন শিল্পী)
২০২০
চনৰ ১ তাৰিখ। আগৰাতি নতুন বছৰক আদৰণি জনোৱাৰ উৎসাহ উদ্দিপণাৰ পাছত আমি অলপ ভাগৰুৱা। কিন্তু মহিলা দুগৰাকীৰ বজাৰ কৰিবলৈ যোৱাৰ উৎসাহ তেতিয়াও কমা নাই। আমি পুৰুষ দুজনে ক’লো যে আজি আমি বজাৰলৈ নেযাও। ল’ৰা-ছোৱালী তিনিওটিক লৈ আমি অলপ আৰাম কৰি ইফালে সিফালে থাকিম। এইবুলি আমিকেইটা গ’লো সাগৰৰ তীৰলৈ। এলাপেচা তীৰ নহয় দেই – মানুহে নিজে তাল গছৰ আকৃতিত বনোৱা কৃত্ৰিম তীৰ যাৰ একেবাৰে টুপটোত আছে ডুবাইৰ বিখ্যাত আটলাণ্টিচ বোলা হোটেলখন। আটলাণ্টিচৰ অলপ দূৰত গাড়ী ৰখাই আমি সাগৰৰ পাৰত বহি আছিলো। আগদিনাৰ পাৰ্টিৰ পাছত ডুবাইৰ জনতাই সেইদিনা ঘৰতে হয়তো ভাগৰ পলাইছে। লগতে আমি বহা ঠাইখিনিও অলপ একাষৰীয়া। গতিকে মানুহ প্ৰায় একেবাৰে নায়েই। গৈ পায়েই ল’ৰা-ছোৱালীহঁত খেলিবলৈ লাগিল। আমি দুটাই কথা পাতিবলৈ আৰম্ভ কৰিলো – পৃথিৱীৰ কথা, ডুবাইৰ কথা, জীৱনৰ কথা। আমাৰ আৰু এজন বন্ধু কেইবছৰমান আগলৈকে ডুবাইতে আছিল। সেই সময়ত মোৰ দুয়ো মিত্ৰই কেনেকৈ ফ্লাস্কত চাহ আনি সাগৰৰ পাৰৰ সেইখিনি ঠাইতে বহি চাহ খাই খাই আদ্দা মাৰিছিল তাৰ কথা ওলাল।
মোৰ
বন্ধু কৰ্মসূত্ৰে হলেণ্ড আহিয়েই থাকে। গতিকে মোৰ কলেজীয়া সমনীয়াহঁতৰ ভিতৰত তেওঁকেই আটাইতকৈ বেছি লগ পাও। কিন্তু কামৰ মাজত এবেলাৰ কাৰণে লগ পোৱা আৰু ছদিন নিগাজীকৈ লগ পোৱাৰ মাজত পাৰ্থক্য আছে। সেই নিগাজীকৈ লগ পোৱাৰ আনন্দৰ তুংগত আছিল সেই সাগৰৰ পাৰৰ অন্তৰংগ আলাপ। হীৰুদাৰ কবিতা কেইফাঁকিমানে মোৰ অনুভূতিৰ মাজত মাজে মাজে ভুমুকি মাৰি থাকে। সেইদিনা আকৈ মাৰিলে –
“দেশে দেশে দেশ আছে। এনে বহু দেশৰ অৰঙে-দৰঙে মই ঘূৰিছোঁ।
বহু
বন্ধুৰ সতে হাতে-হাত ধৰি ফুৰিছোঁ।
কেতিয়াবা
সাগৰ পাৰত, কেতিয়াব খেজুৰ তলত, নতুবা
পাহাৰতলিত
ক্ষন্তেক জিৰাইছোঁ। বন্ধুৰ সতে প্ৰাণ খুলি প্ৰাণৰ
কথা
পাতিছোঁ।
তাৰ পিছত আকৌ আৰম্ভ কৰিছোঁ নতুন যাত্ৰা।“
ডুবাই এক অনন্য
অনুভূতি
হৈ
ৰ’ল। আন্ত্ ৱাহাতুন ফি আলচাহ্ৰা তুচাম্মল আলহায়াতা – জীৱন মৰুত মৰুদ্যানৰ ছায়া, তুমি প্ৰশান্তিৰ ৰহঘৰা ।
ডুবাইৰ পৰা বহু আনন্দ গোটাই আনিলো। সকলোৰে এনে আনন্দ, সুখ মিলি হওক এক ‘দিলশ্বাদ্ আলম্’ – এখন সুখী জগত – তাৰেই আশাৰে।
টোকা :
১। সূৰ্য্য/সূৰ্য্যকিৰণ








Lovely writing. Enjoyed the live-like narrative.
ReplyDeleteThank you Bhaskor.
Deletebohut bohut bhal lagise
ReplyDeletemoi Nije saiaahilu jen lagise
Maa.
Thank you Ma. I see that the Google account in your phone is still mine 😊.
DeleteDhuniyake likhise dada, podhi bhal lagil. Dubai jaboi mon goise🙂
ReplyDeleteThank you Juvena 😊.
Deleteএকেবাৰে হৃদয়ৰ পৰা শব্দবোৰ ওলোৱা যেন লাগিল ।
ReplyDeleteThank you so much. Would love to know your name.
Delete